ফ'ৰ্থ ষ্টেজত উপনীত হোৱা বাবে ডাক্তৰে মাত্ৰ ৩% চান্স আছে বুলি কৈছিল : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 23, 2024

ফ'ৰ্থ ষ্টেজত উপনীত হোৱা বাবে ডাক্তৰে মাত্ৰ ৩% চান্স আছে বুলি কৈছিল : Assamese Viral Post

 

Assamese Viral Post


ফৰ্থ ষ্টেজত(চতুৰ্থ স্তৰত)উপনীত হোৱা আৰু ডাক্তৰে মাত্ৰ 3% হে চান্স আছে বুলি কোৱা অৰ্থাৎ মৃত্যু নিশ্চিত বুলি কোৱা প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদ্ধুৰ পত্নীৰ ক্ষেত্ৰত কেন্সাৰৰ পৰা বাচি যোৱাৰ মিৰাকল(আশ্চৰ্য) কেনেকৈ সম্ভৱ হ'ল? এই বিষয়ে নৱজিৎ সিং সিদ্ধুৱে এখন সংবাদমেল পাতি তেখেতৰ পত্নীৰ আৰোগ্যৰ সকলো কথা ৰাজহুৱা কৰিছে।( Assamese Viral Post )

        কথাখিনিলৈ যোৱাৰ আগত নৱজিৎ সিং সিদ্ধুৱে কোৱা অতি গুৰুত্বপূৰ্ণ কথা এটা কৈ ল'ব বিচাৰিছোঁ।তেখেতে কৈছে,"মোৰ পত্নীয়ে কৰ্কট ৰোগ পৰাজয় কৰিব পাৰিলে আমাৰ টকা আছে বাবে নহয়;মোৰ পত্নীক কঠোৰ অনুশাসনত ৰাখি অতি কটকটীয়া ৰুটিন পালন কৰোৱা হৈছিল। কেন্সাৰ চৰকাৰী হাস্পতালতো অতি অপ্ৰয়াসে চিকিৎসা কৰিব পাৰি।"

          নৱজিৎ সিং সিদ্ধুৰ পত্নীৰ 3rd ষ্টেজত কেন্সাৰ ধৰা পৰিছিল আৰু অপাৰেচন কৰি কেমোথেৰাপি আদি সকলো চিকিৎসা কৰা পাছত স্বাভাৱিকভাৱেই চলি আছিল। কিন্তু পুত্ৰৰ বিয়াৰ পাছত আকৌ তেখেত কেন্সাৰত আক্ৰান্ত হয়।হাস্পতালত দেখুৱাত ডাক্তৰে তেখেতৰ কেন্সাৰ চতুৰ্থ তথা লাষ্ট ষ্টেজত উপনীত হোৱা বুলি অৱগত কৰে আৰু বচাৰ কোনো আশা নাই বুলি উল্লেখ কৰে।তেতিয়া নৱজিৎ সিং সিদ্ধুৱে নিতৌ পাঁচ ছয় ঘন্টাকৈ কেন্সাৰৰ সম্পৰ্কে আমেৰিকা আদি দেশৰ চিকিৎসা বিজ্ঞানৰ কিতাপ আমাৰ দেশৰ আয়ুৰ্বেদিক আদি কিতাপ পঢ়ি স্বাস্থ্য সম্পৰ্কে কিতাপ পঢ়ি কেন্সাৰ প্ৰতিৰোধ উপাই বিচাৰিবলৈ ধৰিলে।নৱজিৎ সিং সিদ্ধুৱে সেই সকলো পঢ়ি দেখিলে যে কেন্সাৰক কোনো টকা খৰচ নকৰাকৈ অতি সহজে খাদ্য বদলি কৰি আৰু জীৱন শৈলী বদলি কৰি পৰাজয় কৰা সম্ভৱ।তেতিয়া সিদ্ধুৱে ঘৰৰ মানুহক পতিয়ন নিয়ালে আৰু ক'লে যে ডাক্তৰী ঔষধ বন্ধ কৰিব লাগে আৰু ঘৰুৱা চিকিৎসা আৰম্ভ কৰিব লাগে।

        ভবামতে নিজৰ মতে আগবাঢ়ি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰালে।সকলো শৰ্কৰা জাতীয় খাদ্য বন্ধ কৰি ময়দা জাতীয় খাদ্য বন্ধ কৰি দিলে।কেঁচা হালধি,আপেল চাইডাৰ ভিনেভাৰ,মহানিমৰ পাত,তুলসী পাত,ফল->আমলখি ডালিম ৱালনাটছ ৰঙালাওৰ গুটি খোৱাবলৈ আৰম্ভ কৰালে।প্ৰতিদিনে 10-12 টা মহানিমৰ পাত ৰাতিপুৱা খুৱাবলৈ ধৰিলে। ৰিফাইন তেল আন তেল সম্পূৰ্ণ বন্ধ কৰি নিজে ঘৰত তৈয়াৰ কৰা নাৰিকলৰ তেল ব্যৱহাৰ কৰিবলৈ ধৰিলে।ৰিফাইন চেনি ৰিফাইন বস্তু সকলো বন্ধ কৰি দিলে।ৰাতিপুৱা 10.30 বজাত কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰাই সন্ধ্যা 6.30 অন্তিম আহাৰ গ্ৰহণ কৰাবলৈ ধৰিলে।এইটো intermittent fasting ত পৰি যায়। 

     এনেকৈ কঠোৰ তালিকাৰে খাদ্য আৰু লাইফ ষ্টাইল বদলি কৰাত সিদ্ধুৰ পত্নী 40 দিনৰ ভিতৰত আৰোগ্য হৈ পৰে।তেখেতক চিকিৎসা কৰি থকা ডাক্তৰে এইবোৰ কেনেকৈ সম্ভৱ হ'ল বুলি আশ্চৰ্য প্ৰকাশ কৰে।এই আৰোগ্যত আৰু চমৎকাৰত উৎসাহিত হৈ নৱজিৎ সিং সিদ্ধুৱে পত্নীক লগত লৈ এখন সংবাদমেল আয়োজন কৰি গোটেই কথাখিনি ৰাজহুৱা কৰিছে যাতে আন মানুহও  এই ক্ষেত্ৰত সজাগ সচেতন সাৱধান সতৰ্ক হয়।

      শিক্ষা:=বৰ্তমান কেন্সাৰ ৰোগে চাৰিওফালে এক বিভীষিকাৰ সৃষ্টি কৰিছে। প্ৰদূষণ ভেজাল খাদ্য লাইফ ষ্টাইলৰ পৰিৱৰ্তন মদ্যপান ফাষ্ট ফুড আদিৰ বাবে কেন্সাৰ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি নিতৌ বহু মানুহৰ প্ৰাণ লৈ আছে।ইয়াৰ পৰা পৰিত্ৰাণৰ উপাই কি?

       আমাৰ প্ৰত্যেকৰ দেহতে কেন্সাৰ চেল বা কোষ থাকে।যেতিয়াই এই কেন্সাৰ চেলবোৰে সিহঁতৰ খাদ্য পাই উপযুক্ত পৰিৱেশ পাই সিহঁতে সিহঁতৰ বাতাৱৰণ পাই তেতিয়াই সিহঁত সক্ৰিয় হৈ উঠে আৰু দ্ৰুত গতিত বৃদ্ধি হৈ মানুহক মৃত্যুৰ মুখলৈ লৈ যায়।কেন্সাৰ চেলবোৰে সিহঁতৰ খাদ্য আৰু পৰিৱেশ নাপালে নিজে নিজে মৰি যায়।কেন্সাৰৰ পৰা বাচি থাকিবলৈ কেন্সাৰ কোষৰ খাদ্য কি সিহঁতে কি পৰিৱেশ ভাল পাই তাক জানি ল'লেই এই ঘাতক ৰোগৰপৰা হাত সাৰি থাকিব পাৰি।( Assamese Viral Post )

    1)ৰিফাইন তেল ৰিফাইন চেনি আন ৰিফাইন বস্তুৰ পৰা আঁতৰত থাকক।

     2)প্ৰদূষণৰ পৰা বাচি থাকক। 

3)যিসকলৰ সুবিধা আছে ঘৰতে শাক পাচলি ধান আদিৰ খেতি কৰি সেইবোৰ ব্যৱহাৰ কৰা কৰক।

         4) মদ ভাং গুটখা আদি মাদক দ্ৰব্য এৰাই চলক।আজিকালি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আনকি বাটে পথে অফিচ কৰ্মক্ষেত্ৰ আদিত মহিলাইও গুটখা আদি খোৱা সাধাৰণ কথা হৈ পৰিছে।

         5) বজাৰৰ মিঠাই বদলি ঘৰতে কম তেলত বা তেল ব্যৱহাৰ নকৰাকৈ মিঠাই তৈয়াৰ কৰক।

6)ম'বাইল ইউটিউব টিভি আদিত দিয়া ৰেচিপিৰ তৈয়াৰী ভিডিঅ চাই প্ৰচুৰ তেল মছলা ব্যৱহাৰ কৰি খোৱা অভ্যাস ত্যাগ কৰি আমাৰ সমৃদ্ধ পৰম্পৰাগত খাদ্য খোৱাৰ অভ্যাস কৰক।কাৰণ সেইবোৰ যুগ যুগ ধৰি পৰীক্ষা নিৰীক্ষাৰ পাছত বাতাৱৰণৰ লগত মিলাই চলা খাদ্য অভ্যাস। 

        7)থলুৱা ফল মূল আদি ঘৰতে যাৰ সুবিধা আছে কৰি খোৱাৰ ব্যৱস্থা কৰক। 

         8)বজাৰৰ সন্দেহজনক শাক পাচলি কিছুসময় গৰম পানীত ডুবাই ব্যৱহাৰ কৰক। ইত্যাদি ইত্যাদি কথাবোৰ পালন কৰিলে কেন্সাৰ ৰোগৰপৰা বাচি থাকিব পাৰিব। কিয়নো কেন্সাৰ এক লাইফ ষ্টাইল ৰোগ বুলি গৱেষণাই দেখাইছে।

      মই শুনিছোঁ বোলে চৰকাৰে দিয়া বিনামূলীয়া অৰ্থাৎ ফ্ৰী চাউল পাই বহু মানুহে খেতি কৰিবলৈকে এৰিলে।সেই চাউল কেনেকৈ উৎপাদন কৰিছে কিমান ৰাসায়নিক সাৰ দ্ৰব্য ব্যৱহাৰ কৰি মানুহক দিছে তাক কোনে জানে? কেতিয়াবা কেতিয়াবা শুনা যায় প্লাষ্টিক চাউলো মিহলি কৰা বুলি।যদি চৰকাৰৰ ফ্ৰী চাউল পাই খেতি কৰিবলৈ এৰি সেই চাউল খোৱাৰ অভ্যাস কৰিছে তেনেহ'লে সেই অজান চাউলৰপৰা কেন্সাৰৰ দৰে বেমাৰ হোৱাৰ কথা নুই কৰিব নোৱাৰি।কিয় নিজৰ মাটি থকা নিজৰ সুবিধা থকা লোকসকলে ঘৰতে ধান চাউল শাক পাচলিৰ খেতি কৰি নিজক সুস্থ সবল আৰোগ্য কৰি ৰখাৰ ব্যৱস্থা নকৰে? এলাহেই আপোনাৰ জীৱনলৈ বিপদ মাতিব পাৰে।

 -মণ্টু লোচন বৰুৱাৰ ৱালৰ পৰা

( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages