শুক্ৰবাৰ দেৱী পূজাৰ দিন : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 12, 2024

শুক্ৰবাৰ দেৱী পূজাৰ দিন : Religious Studies

 

Religious Studies


ভাৰতীয় সনাতন পৰম্পৰাত প্ৰতিটো বাৰৰ গুৰুত্ব আছে । সোমবাৰ ভগৱান শিৱৰ বাৰ, মঙ্গল বাৰ হনুমানৰ দিন , বুধবাৰ গণেশ দেৱতাৰ উপাসনাৰ দিন, বৃহস্পতি বাৰ গুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ দিন,  শুক্ৰবাৰ আদিশক্তি আৰু তেওঁৰ মা দূৰ্গা, মা কালী, মা লক্ষ্মী, দেৱী সৰস্বতী কে আদি কৰি বিভিন্ন ৰূপৰ দেৱী সকলৰ দিন । শণিবাৰ  শণি মহাৰাজৰ দিন আৰু  দেওবাৰে সূৰ্য্য ভগৱান আৰু ভৈৰব দেৱতা উপাসনা কৰা নিয়ম। (  Religious Studies )


শক্তিৰ আদি দেৱী নামত শুক্ৰ বাৰৰ দিনটো অৰ্থাৎ শুক্ৰ বাৰে যিকোনো দেৱী কেই আৰাধনা কৰিব পাৰি। শুক্ৰ বাৰত মা লক্ষ্মীৰ বেলেগ বেলেগ  ৰূপত উপাসনা কৰাৰ নিয়ম ভাৰতৰ প্ৰায় সকলো ঠাইতে আছে ।


শুক্ৰ বাৰ শুক্ৰ গ্ৰহৰ দিন। জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰ সৌন্দৰ্য্য, ঐশ্বৰ্য্য আৰু সমৃদ্ধিৰ গৰাকী।


মা মহালক্ষ্মী ধন ধানৰ গৰাকী।  সেয়ে শুক্ৰ বাৰে মা মহালক্ষ্মীক উপাসনা কৰিলে ঐশ্বৰ্য্য বৃদ্ধি হয়।  


শুক্ৰ বাৰৰ দিনা দিনত ব্ৰত ৰাখি মা লক্ষ্মী আৰু কুবেৰ দেৱতাক একেলগে উপাসনা কৰিলে ধন প্ৰাপ্তি হয়।  


 দেৱী সন্তোষী আদিশক্তিৰে ৰূপ।     শুক্ৰ বাৰে মা সন্তোষীৰ ব্ৰত ৰাখি ষোল্ল টা শুক্ৰ বাৰে নিয়ম মানি উপাসনা কৰিলে মনোকামনা পুৰা হয়।  (  Religious Studies ) 


বৈদিক শাস্ত্ৰ অনুসৰি মানুহৰ সৌভাগ্য মা লক্ষ্মীৰ কৃপাৰ ওপৰতে নিৰ্ভৰ কৰে। 


প্ৰত্যেক শুক্ৰ বাৰে দক্ষিণাৱৰ্তী শংখত পানী লৈ ভগৱান বিষ্ণুক জলাভিষেক কৰিলে মা লক্ষ্মী আনন্দিত হৈ সুখ দিয়ে। 


শুক্ৰ বাৰৰ দিনা এখন হালধীয়া কাপোৰত পাচটা হালধীয়া ৰঙৰ কড়ি অকনমান কেসঁৰ আৰু এঘাৰ টকা একে লগে বান্ধি নিজৰ দোকানৰ পইচা থোৱা বাকচত থব লাগে।  থওতে --


   ॐ श्रीं श्रीये नमः ( ॐ শ্ৰীম্ শ্ৰীয়ে নমঃ )


এই মা লক্ষ্মীৰ মন্ত্ৰ ১০৮ বাৰ জপ কৰি থব লাগে।  প্ৰতিদিনে দোকান খুলি প্ৰথম সেই টোপোলাটো সেৱা কৰিব লাগে আকৌ দোকান বন্ধ কৰাৰ সময়ত   সেৱা কৰি থব লাগে।


শুক্ৰ বাৰে মা লক্ষ্মীৰ নামত গৰু ঘীউৰ চাকি এগজ জ্বলাই লক্ষ্মী দেৱীক মনে বিচৰা বস্তুৰ কথা জনাব লাগে। 


ওচৰৰ লক্ষ্মী মন্দিৰত সুগন্ধি চেন্ট দিলে মা লক্ষ্মীৰ সুদৃষ্টি পাব পাৰি।


জ্যোতিষ শাস্ত্ৰৰ মতে ধন প্ৰাপ্তিৰ বাবে অষ্ট লক্ষ্মীৰ পূজা কৰিব লাগে। এই পূজা ৰাতি ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত কৰাৰ নিয়ম। 


শুক্ৰ বাৰে গণেশ দেৱতা আৰু মা লক্ষ্মীৰ পূজা কৰাৰো বিধান শাস্ত্ৰত আছে। শুক্ৰ বাৰৰ দিনা পুৱা হাতত এটা নাৰিকল লৈ মা লক্ষ্মী আৰু  গণেশ দেৱতা ক সেৱা জনাই কোনো মন্দিৰত দিব লাগে আৰু দিওতে মা লক্ষ্মী আৰু গণেশ ভগৱানক ভাবি পইচাৰ অভাৱ দূৰ কৰিবলৈ কামনা কৰিব লাগে। (  Religious Studies )

#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্  

জুলা শৰ্মা 

অসম

No comments:

Post a Comment

Advertisement

Pages