আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 9, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

    

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

 ২৪ আহাৰ, মঙ্গলবাৰ, ইং ৯ জুলাই' ২০২৪  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, মনটো সুস্থিৰ হ'ব, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে যাত্ৰাত সামান্য বিঘিনিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আপুনি নভবাকৈ হাতলৈ ধন ধান আহিব, উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সাৱধান হোৱাটো ভাল হ'ব।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, আত্মীয় পৰিয়ালৰ আগমন হ'ব ঘৰলৈ, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত সৰু সৰু কথাতে আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি কৰিব পাৰে, যদিও আজি আপোনাৰ শৰীৰৰ ৰোগ আৰোগ্য হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সকলো দিশতে শুভ হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, শত্ৰু নাশ হব যদিও আজি আপুনি কৰ্মত অৱহেলা কৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, নৃত্য শিল্পী আৰু সংগীত শিল্পী সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ‌ সৃষ্টি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, আদৰ্শবাদী মনোভাৱ বাঢ়িব যদিও আজি আপোনাৰ মনত হতাশাৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, সম্পত্তি বাঢ়িব, লগতে আজি আপুনি মাতৃৰ পৰা মৰম- চেনেহ লাভ কৰাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে সঞ্চিত ধন সম্পত্তি ক্ষয় হ'ব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত বেয়া খৱৰ লাভ কৰিব পাৰে, কৰ্মত সজাগ নহ'লে সামান্য মনোমালিন্য হ'ব পাৰে, যদিও আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য ভাগৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায় 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages