আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 8, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২৩ আহাৰ, সোমবাৰ, ইং ৮ জুলাই'' ২০২৪ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ আনন্দ লাভ কৰিব, কৰ্মত নতুন নতুন পৰিকল্পনা কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে ।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে যদিও আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যান বাহনৰ পৰা সুখ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ আহিব যদিও আজি আপুনি সাহসেৰে কৰ্মবোৰত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপুনি সজাগ নহ'লে সামান্য আত্ম গ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, প্ৰকৃতিৰ প্ৰতি মৰম ভালপোৱা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আত্ম সন্মান হানি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব লগতে আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, যদিও আজি অভিনয় শিল্পীসকলকে সজাগ নহ'লে সামান্য কৰ্মত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব যদিও আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আনন্দ বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব,প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি শিক্ষক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages