আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 6, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 

Horoscope Today

   

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২১ আহাৰ, শনিবাৰ, ইং ৬ জুলাই' ২০২৪ । ( Horoscope Today )

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, হাতলৈ ধন- ধান আহিব, লগতে কৰ্মত সামান্য জটিলতা আহিব যদিও আজি আপুনি কৰ্মত সাহসেৰে আগুৱাই যাবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ পৰা কৃতজ্ঞতা লাভ কৰিব, লগতে আজি সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, সঞ্চয় বাঢ়িব, হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সাৱধান নহ'লে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আৰু ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত যশস্যা বাঢ়িব, চাকৰিয়াল সকলে পদোন্নতি লাভ কৰিব পাৰে, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন পৰা সুখ- শান্তি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ আজিৰ দিনটোত শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ মনত উৎসাহ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, বেচা কিনাৰ ক্ষেত্ৰত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনটো চিন্তিত কৰিব পাৰে।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ধন ধান আহিব, সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages