আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 23, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

      

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৭ শাওণ, মঙ্গলবাৰ, ইং ২৩ জুলাই' ২০২৪  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি লাভ কৰিব, ঘৰলৈ লগ বন্ধু আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আৰু বুদ্ধি আহৰণৰ সুযোগ লাভ কৰিব।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ লগত সামান্য অমিল হ'ব যদিও আজি আপুনি কৰ্মত যশস্যা লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ কৰিব, যিকোনো কৰ্ম আৰম্ভণি কৰোতে সফলতা লাভ কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য উদাসীন হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত চুটি ভ্ৰমণৰ সুযোগ লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাতে মনত হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰ মধ্যম হ'ব, যদিও আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ কৰ্মত উৎসাহ বাঢ়িব,দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব,কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সামান্য কৰ্মস্থানৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ

 হ'ব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages