আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 2, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

   

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

 ১৭ আহাৰ, মঙ্গলবাৰ, ইং ২ জুলাই' ২০২৪  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য বিষন্ন হ'ব পাৰে, লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন‌ সঞ্চয় বাঢ়িব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে আৰ্থিক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব,খেতিয়ক সকলৰ কৰ্মত উন্নতি সাধন হব লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, ধন সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, মনৰ আশা পূৰণ হ'ব, লগতে আজি আপোনাৰ ব্যক্তিত্ব বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য চৰ্চাত মনোনিবেশ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনটো সামান্য উদাস হ'ব, মনটো সামান্য চঞ্চল হ'ব পাৰে যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায় 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages