আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 12, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 

Horoscope Today

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

 ২৯ জেষ্ঠ, বুধবাৰ, ইং ১২ জুন' ২০২৪ ( Horoscope Today )

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত  হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য শংকিত হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত আনৰ পৰা উৎসাহ প্ৰেৰণা লাভ কৰিব, লগতে আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ  দিনটোত যিসকল ব্যক্তি উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ আছে তেওঁলোকে আজিৰ দিনটোত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আন আন ব্যক্তি সকলে প্ৰেমৰ ক্ষেত্ৰত সাজাগ নহ'লে সামান্য ক্লেষ ভাৱৰ সৃষ্টি হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আত্মীয় পৰিয়ালৰ পৰা  ক্ষতি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, ঘৰৰ উন্নয়নমূলক কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব,সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ব্যৱসায় বানিজ্যত লাভাৱান্বিত হ'ব পাৰিব,ৰোগ আৰোগ্য হ'ব, লগতে আজি আপুনি ভক্তি ভাৱেৰ কৰ্মত আগুৱাই গ'লে সফলতা লাভ কৰিব পাৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তৰ খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক অৱসাদ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি অধ্যয়নত ব্যস্ততা বাঢ়িব, যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ'লে মনটো সামান্য অস্থিৰ হ'ব পাৰে লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নতুন প্ৰেমত সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages