আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 24, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

   Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

৭পুহ , ৰবিবাৰ ইং ২৪ ডিচেম্বৰ ২০২৩ ।   ( Horoscope Today )

১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদিগ্ন হ'ব পাৰে, মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য দুৰ্বল ভাৱ অনুভৱ কৰিব পাৰে।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, আমোদ- প্ৰমোদৰ ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ গীত -মাত প্ৰতি আগ্ৰহী হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ সামান্য ধনৰ নাটনি হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, আৰ্থিক দিশটো শুভ হ'ব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা আহিব , প্ৰেমত শুভ হ'ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, লগতে আজি খেতিয়ক সকলৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, কৰ্মত শুভ হ'ব, প্ৰেমত আনন্দ বাঢ়িব,লগতে আজি আপোনাৰ ব্যৱসায়- বানিজ্য শুভ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত বহুত দিনৰ পৰা ভাবি থকা কৰ্মবোৰ সফল ৰূপায়ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য আৰ্থিক দিশত ক্ষতি যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰকৃতিৰ প্ৰতি মৰম ভালপোৱা বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ ইচ্ছা শক্তি প্ৰৱাল হ'ব, জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ঋণৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ হ'ব, ছাত্ৰ ছাত্ৰী সকলৰ সফলতা আহিব , যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages