পিয়াঁজ খোৱাৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 10, 2023

পিয়াঁজ খোৱাৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


পিয়াঁজ খোৱাৰ উপকাৰিতা-

পিয়াঁজত ভিটামিনকে ধৰি খনিজ পদাৰ্থ আৰু আহঁৰ বাবে উত্তম উৎস।যিয়ে বহু ধৰণৰ স্বাস্থ্য উপকাৰিতা প্ৰদানৰ কাম কৰে। ( Assamese Health Tips )    


১/কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে-

পিয়াঁজক বহু ৰাসায়নিক পদাৰ্থৰ ভৰাঁল বুলি গণ্য কৰা হয়।যিয়ে-কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।ইয়াৰ বাহিৰেও-পিয়াঁজত কুইৰচেটিন নামৰ এটা পুষ্টিকৰ উপাদান থাকে।যিটো আটাইতকৈ চহকী উপাদান সমূহৰ ভিতৰত অন্যতম।ইয়াৰ কাম হল-কেঞ্চাৰ সৃষ্টিকাৰী পদাৰ্থ ৰোধ কৰা।পিয়াঁজ সেৱন কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।


২/হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে-

পিয়াঁজত জৈৱিক চালফাৰ যৌগ থাকে।এই যৌগবোৰৰ বাবেই-পিয়াঁজৰ সোৱাদ কাঢ়া হয়।পিয়াঁজত জৈৱিক চালফাৰ যৌগযুক্ত উপাদান থাকে-যিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু তেজৰ জমা ভাঙি পেলোৱাত সহায় কৰে।লগতে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও কমি যায়।পিয়াঁজ সিজোৱাৰ পাছত খোৱাতকৈ কেচাঁকৈ খোৱাই ভাল। ( Assamese Health Tips )    


৩/নিয়ন্ত্ৰণত থাকে ডায়েবেটিছ-

পিয়াঁজত থকা কুৱেৰচেটিন আৰু জৈৱিক চালফাৰ যৌগ দুয়োটাই ইনচুলিন উৎপাদন বৃদ্ধি কৰে বুলি জনা যায়।যাৰ বাবে-ডায়বেটিছ ৰোগীয়ে পিয়াঁজ খোৱাটো প্ৰয়োজনীয়।


৪/এলঝেইমা ৰোগৰ সম্ভাৱনা কমি যায়-

বিশেষকৈ পিয়াঁজত ফ্লেভন'ইড প্ৰচুৰ পৰিমাণে পোৱা যায়।গৱেষণাৰ মতে-যিসকল লোকৰ খাদ্যত ফ্লেভন'ইড অন্তৰ্ভূক্ত কৰা হয়-তেওঁলোকৰ এলঝাইমা ৰোগৰ সম্ভাৱনা কম হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )    


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages