ওজন কমাবলৈ খাওঁক এইসমূহ খাদ্য : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 7, 2023

ওজন কমাবলৈ খাওঁক এইসমূহ খাদ্য : Assamese Health Tips

Assamese Health Tips


ব্যস্ত সময়সূচীৰ বাবে-খাদ্যভ্যাসৰ প্ৰতি সচেতন নোহোৱাৰ ফলত আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ সমস্যাত ভূগীবলগীয়া হয়। ( Assamese Health Tips )    


শৰীৰৰ ওজন বৃদ্ধি অগনন ৰোগৰ কাৰক।সেয়ে-ওজন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপুনি আপোনাৰ খাদ্যভ্যাসত বিশেষ গুৰুত্ব দিয়াটো অতি জৰুৰী।অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰি খাদ্য তালিকাত কম কেলৰিযুক্ত খাদ্য অন্তৰৰ্ভূক্তৰে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।


কি কি খাদ্যই শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে-


১/ভাপত তৈয়াৰ কৰা খাদ্য-

আজিকালি সকলো বয়সৰ লোকেই ভজা-পোৰা,তেলেতীয়া খাদ্য অধিক পছন্দ কৰে।কিন্তু এইবোৰ খাদ্যত থকা চৰ্বিয়ে আপোনাৰ কলেষ্টৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে।যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ ফুলি হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি হব পাৰে।সেয়হে আপুনি যিকোনো খাদ্য ভাজি খোৱাৰ সলনি ভাপত তৈয়াৰ কৰি বা গ্ৰিল কৰা খাব লাগে।


২/ঘেঁহুৰ ৰুটি-


আজিকালি ৰুটিৰ পৰা বহু প্ৰকাৰৰ সু-স্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়।কিন্তু ৰুটি তৈয়াৰ কৰিবলৈ ব্যৱহৃত ময়দা স্বাস্থ্যৰ বাবে-যথেষ্ট ক্ষতিকাৰক।ইয়াত সামান্য পৰিমাণৰহে আঁহ থাকে।যিয়ে-ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে।সেইবাবে-ৰুটিৰ বাবে-ময়দাৰ সলনি আপুনি ঘেঁহুৰ আটা ব্যৱহাৰ কৰিব পাৰে।ই টাইপ ২ডায়েবেটিচ আৰু কাৰ্ডিওভাস্কুলা ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

Assamese Health Tips


৩/ব্ৰাউন ৰাইচ-

ভাৰতীয় লোকসকলে মূল খাদ্য হিচাপে-সচৰাচৰ ভাত খাই ভাল পায়।কিন্তু বগা চাউলত থকা কাৰ্বহাইড্ৰেটে শৰীৰৰ ওজন বৃদ্ধিত অৰিহণা যোগায়।সেয়েহে-বগা চাউলৰ সলনি আপুনি ব্ৰাউন ৰাইচ খাবলৈ আৰম্ভ কৰক।এক গৱেষণা অনুসৰি-ব্ৰাউন ৰাইচত শৰীৰৰ বাবে উপকাৰী বহু পুষ্টি থাকে।যিয়ে-গ্লাইচেমিক স্তৰ উন্নত কৰি টাইপ ২ডায়েবেটিচৰ আশংকা হ্ৰাস কৰে। ( Assamese Health Tips )    


৪/বাজৰা-

অধিকাংশ ভাৰতীয় খাদ্যত পৰিশোধিত ময়দা ব্যৱহাৰ কৰা হয়।যিয়ে শৰীৰত ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।ময়দা খালে-শৰীৰত প্ৰদাহ আৰু মেদবহুলতাৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়হে আপুনি আপোনাৰ আহাৰত ময়দাৰ বিকল্প হিচাপে-ঘেহুঁৰ আটা,বাজৰা,ওটছ আদি অন্তৰৰ্ভূক্ত কৰিব পাৰে।এইবোৰত অতি ভাল পৰিমাণত আঁহ,প্ৰটিন আৰু ভিটামিন থাকে।ইয়াক সেৱন কৰিলে-হজম শক্তি উন্নত,ওজন হ্ৰাস আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য টনকিয়াল হৈ থাকে।


৫/কম মিঠাযুক্ত খাদ্য-


নব্বৈ শতাংশ ভাৰতীয়ই তেওঁলোকৰ দিনটো একাপ চাহৰ সৈতে আৰম্ভ কৰে।কিন্তু চাহত ব্যৱহাৰ হোৱা চেনিৰ ফলত ডায়েবেটিচ আৰু দাঁতৰ ক্ষয় হব পাৰে।সেয়েহে-পৰাপক্ষত চেনি দিয়া চাহ খোৱাটো পৰিহাৰ কৰিব।চাহৰ সলনি আপুনি কম কেলৰিযুক্ত নাৰিকল পানী,বাটাৰ মিল্ক তথা সতেজ নেমুৰ ৰস আদি খাব।নাৰিকল পানীত থকা এন্টি-অক্সিডেন্ট আৰু ইলেক্ট্ৰলাইটে শৰীৰক হাইড্ৰেট ৰখাত সহায় কৰে।এক গৱেষণা অনুসৰি-চেনি নিদিয়া খাদ্য গ্ৰহণ নকৰিলে-ই মেদবহুলতা নিয়ন্ত্ৰণ আৰু বিপাকৰ স্তৰ উন্নত কৰাত সহায় কৰিব। (সংগ্ৰহিত)


 ( Assamese Health Tips )    

No comments:

Post a Comment

Advertisement

Pages