জন্মাষ্টমীত কি কি কৰিব কি কি নকৰিব জানি‌ লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 6, 2023

জন্মাষ্টমীত কি কি কৰিব কি কি নকৰিব জানি‌ লওক : Religious Studies

 Religious Studies


পবিত্ৰ জন্মাষ্টমীৰ দিনা হৈছে প্ৰভূ শ্রী কৃষ্ণৰ জন্মদিন। সেয়ে এই দিনটোত ভক্তসকলে প্ৰভূ শ্রী কৃষ্ণৰ আশীষ প্ৰাপ্তিৰ বাবে ব্ৰত, উপবাস আদি পালন কৰি, তেওঁৰ পূজা অৰ্চনা কৰে। ( Religious Studies )


এই জন্মাষ্টমী দিনা ব্ৰত উপবাস পালন কৰিলে, ভক্তৰ সমস্যা দূৰ হয় লগতে, প্ৰাপ্ত হয় ভগৱান শ্রী কৃষ্ণৰ অপাৰ কৃপা। কিন্তু ভুলটো এই জন্মাষ্টমী দিনা কেইটামান কাম কৰা একেবাৰে উচিত নহয়। জন্মাষ্টমী দিনা তলত উল্লেখ কৰা বিষয় কেইটা ওপৰত বিশেষ মন দিয়া উচিত -


১/জন্মাষ্টমী দিনা প্ৰভূ শ্রী কৃষ্ণৰ পূজাত লোহাৰৰ বন্তি ব্যৱহাৰ নকৰিব। এই দিনত, তামৰ, পিটলৰ বা মাটি চাকি ব্যৱহাৰ কৰিব।এয়া আটাইতকৈ মংগল হয়। 


২/প্ৰভূ শ্রী কৃষ্ণৰ জন্মাষ্টমী দিনা, ঘৰৰ পূজা গৃহত ভুলটো পুৰণি ফুল নাৰাখিব। লগতে তেওঁক যি ফুল অৰ্পণ কৰিব, সেই ফুল যাতে পৰিপূৰ্ণ হয়। আৰু বাসী বা শুকাই যোৱা ফুল যাতে নহয়। 


৩/তুলসী পাত। প্ৰভূ শ্রী কৃষ্ণৰ তুলসী পাত খুবেই প্ৰিয়। গতিকে জন্মাষ্টমী দিনা, প্ৰভূ শ্রী কৃষ্ণক ভোগ নিবেদন কৰোঁতে তুলসী পাত অৱশ্যে নিবেদন কৰিব। লগতে পূজাৰ শেষত সেই ভোগ যাক দান কৰিব, তেতিয়া অৱশ্যে তুলসী পাত দিব। ( Religious Studies )


৪/এই জন্মাষ্টমী দিনা ভুলটো আমীষ আহাৰ ভোজন নকৰিব। লগতে পিয়াঁজ, নহৰু আদিৰ পৰা দূৰত থাকিব। 


৫/এই শুভ জন্মাষ্টমী দিনা খং ৰাগ আদি নকৰিব। এই দিনা খং ৰাগক নিয়ন্ত্রণত ৰাখিব। ভুলটো কাকো অপমান নকৰিব আৰু মনলে কোনো বেয়া চিন্তা নানিব। সম্পূর্ণ ইতিবাচক মনোভাৱত থাকিব। লগতে ভক্তি নিষ্ঠাৰে ভগৱান শ্রী কৃষ্ণৰ পূজা অৰ্চনা কৰিব।

প্ৰভূৱে নিশ্চয় আপোনাৰ মংগল কৰিব…

জয় শ্ৰী কৃষ্ণা…



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages