এই সমূহ বস্তু ঘৰত থকিলে অমংগলে দেখা দিয়ে: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 29, 2023

এই সমূহ বস্তু ঘৰত থকিলে অমংগলে দেখা দিয়ে: Religious Studies

Religious Studies

 

দুৰ্গা পূজা অহাৰ লগে লগে হিন্দু লোকসকলে ঘৰ দুৱাৰ ভালদৰে সজাঁই তুলে। দুৰ্গা পূজাৰ আগত ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাটো অত্যন্ত মংগল ।( Religious Studies )

সেয়ে মহালয়াৰ আগত ঘৰৰপৰা এই বস্তু কেইপদ দূৰ কৰক। ঘৰত যদি এনে বস্তু থাকে, তেতিয়া অমংগল মনা হয়। 


১/যদি ঘৰত মকৰা জাল আছে , তেন্তে অতি সোনকালে চাফ চিকূণ কৰক। এই মকৰা জাল ঘৰত থাকিলে আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে, সেয়ে মহালয়াৰ আগতে বা দুৰ্গা পূজাৰ আগত ঘৰত থকা মকৰা জাল চাফ চিকুণ কৰি পেলাওক। নহলে ঘৰলৈ অমংগল আহিব পাৰে। 


২/ঘৰত কেতিয়াও ভঙা আইনা ৰাখিব নাপায়। কাৰণ ই এক দৰিদ্ৰতাৰ লক্ষণ। যদি ভঙা আইনা ঘৰত থাকে, তেন্তে, মহালয়াৰ আগতে ইয়াক ঘৰৰপৰা আঁতৰ কৰক। 


৩/ অপ্ৰয়োজনীয় বস্তু কাপোৰ কানিৰ পৰা আদি কৰি, ভঙা চিঙা বস্তু লৈকে, আৰু ফটা চিঙা কাপোৰ কানিবোৰ যদি ঘৰত থাকে, তেন্তে এনেবোৰ ঘৰৰপৰা অতি শীঘ্রে দূৰ কৰি পেলাওক কাৰণ এনে বস্তু খাকিলে, ঘৰখনত অশুভ শক্তিৰ প্ৰৱেশ ঘটে। সেয়ে, অতি সোনকালে মহালয়াৰ আগতেই সকলো অপ্ৰয়োজনীয় বস্তু দূৰ কৰি পেলাওক। ( Religious Studies )


৪/ঘৰৰ বাৰীত যদি মৰি যোৱা গছ , শুকাই যোৱা গছ বা মৰহি যোৱা ফুল গছ আছে। তেন্তে মহালয়াৰ আগতে এই জহি - খহি , মৰহি যোৱা গছ ঘৰৰ বাৰীৰ পৰা অতি সোনকালে দূৰ কৰি দিয়ক। নহলে এনে বস্তু ঘৰত থাকিলে অমংগল মনা হয়। 


৫/ঘৰৰ চৌদিশত যাতে আৱৰ্জনা বস্তু একেবাৰে নাথাকে , তাৰ প্ৰতি সচেতন হব। মহালয়া বা দুৰ্গা পূজাৰ আগেয়ে এনে আৱৰ্জনা , অপ্ৰয়োজনীয় বস্তুবোৰ ঘৰৰ চাৰিও দিশৰপৰা দূৰ কৰি আপোনাৰ ঘৰখনক পৰিষ্কাৰ - পৰিচ্ছন্ন  কৰি সকলোৰে চকুত লগাকৈ সুন্দৰকৈ সজাই পেলাওক। আৰু মা দুৰ্গা দেৱীৰপৰা মহালয়াৰ দিনাই বিশেষ আশীষ লাভ কৰক।। 


জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages