আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 7, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২০ ভাদ , বৃহস্পতিবাৰ ইং ৭ চেপ্তেম্বৰ ২০২৩ ।   ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/৮/২৬ *সূৰ্য্যাস্ত* ঘ:- ৫/৩৪/২১

*ৰাশি:-*  বৃষ ৰাশি। ৰা:ঘ:- ৩/৩৪/১৮ যোৱাত মিথুন ৰাশি।

*তিথি :-*  কৃষ্ণা অষ্টমী। ৰা: ঘ:- ৭/৪১/১৫  লৈ। 

*নক্ষত্ৰ :-* ৰোহিনী। ঘ:- ৩/৫/৫০ লৈ।

*শুভ সংখ্যা:-* ৮/৩

*শুভ ৰং:-* হালধীয়া/ সোনালী।

*আদ্যঋতু হলে :-* প্ৰতিহিতা যোগ। 

*মৰণত দোষ*:-  নাই।

*যাত্ৰা:-* ঈশান কোনত নাই। ৰা:ঘ:- ৩/৫/৫০ যোৱাত পূৱ দিশত নাই । 

*যোগিনী* :-  ঈশান কোনত । ৰা:ঘ:- ৩/৫/৫০ যোৱাত পূৱ দিশত । 

*ভক্ষাভক্ষ্য* :-  নাৰিকল খোৱা নিষেধ। ৰা:ঘ :- ৭/৫১/১৫ যোৱাত  লাও খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত নতুন প্ৰেমৰ আৰম্ভণি হ'ব লগতে, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ'লে সামান্য সন্তানৰ চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত প্ৰাপ্য আদায় কৰিবলৈ সক্ষম হব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ  যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, সাহিত্যিক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্য সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাত মনত চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত উপাৰ্জন সামান্য হ্ৰাস হ'ব পাৰে,মনত সুখ সুৰা কথাতে অশান্তিৰ সৃষ্টি হ'ব পাৰে যদিও শাৰীৰিক দিশটো আজি মধ্যম   হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আনে আপোন মনত আনন্দ আৰু হাহি বিৰিঙাৱ পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।   ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব,মান- সন্মান বাঢ়িব , লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন সুখ লাভ কৰিব, কৰ্মৰ আত্মবিশ্বাস বা আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সাহস আৰু আত্মবিশ্বাসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, ধন সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব যদিও আজি আপোনাৰ যশস্যা বৃদ্ধি হ'ব , লগতে আজি পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ধন‌-ধান হাতলৈ আহিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব, যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান নহ'লে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, কৰ্মত সফলতা আহিব লগতে আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages