আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 30, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

১২ আহিন , শনিবাৰ ইং ৩০ চেপ্তেম্বৰ ২০২৩ ।    ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/১৮/৪৭ *সূৰ্য্যাস্ত* ঘ:- ৫/৯/৪০

*ৰাশি:-* মীন ৰাশি। ৰা:ঘ:- ১১/৫৩/৪৬ যোৱাত মেষ ৰাশি।

*তিথি :-*  কৃষ্ণা প্ৰতিপদ, ঘ:- ১/৫১/৩ লৈ।

*নক্ষত্ৰ :-* ৰেৱতী। ৰা:ঘ:- ১১/৫৩/৫২  লৈ।

*শুভ সংখ্যা:-* ১/৭

*শুভ ৰং:-* নীলা/ বেঙুনীয়া।

*আদ্যঋতু হলে :-* দু:শীলা  যোগ। 

*মৰণত দোষ*:-  এপদ, ঘ:- ১/৫২/৩ যোৱাত দ্বিপদ।

*যাত্ৰা:-* পূৱ দিশত নাই ।দি:ঘ:- ১/৫৩/৩ যোৱাত  উত্তৰ দিশত নাই।

*যোগিনী* :- পূৱ দিশত  ।দি:ঘ:- ১/৫৩/৩ যোৱাত  উত্তৰ দিশত ।

*ভক্ষাভক্ষ্য* :- কোমোৰা খোৱা নিষেধ। দি:ঘ:- ১/৫১/৩ যোৱাত তিতা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি সাহিত্যক সকলৰ সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, বেচি কিনাৰ ক্ষেত্ৰত শুভ হ'ব, কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্মত উন্নতি লাভ কৰিব, যদিও আজি আপুনি খৰছ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত শুভ সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্মান বাঢ়িব , আয় উপাৰ্জন বাঢ়িব, সন্মান বাঢ়িব, লগতে আজি আপোনাৰ যিকোনো কৰ্মৰ শুভ আৰম্ভণি বা যাত্ৰাত শুভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব, ভাল বন্ধু লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ  হোৱাৰ যোগ দেখা যায়।   ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত শত্ৰু নাশ হব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰ দেহ মনত সুস্থ থাকিব, ভ্ৰমণত শুভ হ'ব, লগতে আজি আপুনি কৰবাত পাৱলগীয়া ধন ঘুৰাই পোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব , ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত যিসকল সমাজ কৰ্মী আৰু ৰাজনৈতিক কৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, ৰাজনৈতিক ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি দ্ৰব্য হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপোনাৰ সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205   ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages