আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 29, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

১১আহিন , শুক্ৰ বাৰ ইং ২৯ চেপ্তেম্বৰ ২০২৩ ।   ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৫/১৯/২০ *সূৰ্য্যাস্ত* ঘ:- ৫/১০/৪৪

*ৰাশি:-* মীন ৰাশি।

*তিথি :-*  পূৰ্ণিমা। আ:ঘ:- ৩/৫৫/১৭ লৈ। 

*নক্ষত্ৰ :-* উত্তৰভাদ্ৰপদ। ৰা:ঘ:- ১/৭/১৭  লৈ।

*শুভ সংখ্যা:-* ৯/৬

*শুভ ৰং:-* চিত্ৰ বিচিত্ৰ/ বগা।

*আদ্যঋতু হলে :-* দুৰ্ভগা যোগ। 

*মৰণত দোষ*:-  নাই।

*যাত্ৰা:-* বাযু কোনত নাই । আ: ঘ:- ৩/৫৫/১৭ যোৱাত পূৱ দিশত নাই।

*যোগিনী* :- বাযু কোনত । আ: ঘ:- ৩/৫৫/১৭ যোৱাত পূৱ দিশত।

*ভক্ষাভক্ষ্য* :- মাছ মাংস খোৱা নিষেধ। আ:ঘ:- ৩/৫৫/১৭ যোৱাত কোমোৰা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আনৰ পৰা আদৰ সন্মান লাভ কৰিব, মনৰ আশা পূৰণ, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত কৰ্ম প্ৰতি আগ্ৰহ কমিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত দুৰ্বল বা ৰোগ অনুভৱ হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য ভাগৱ ভাৱ অনুভৱ কৰিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত অভাৱ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি হীনমান্যতাত ভোগীব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ব্যৱসায় বানিজ্য ক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব,প্ৰেম আৰু বিবাহ শুভ হ'ব, যদিও আজি আপুনি আনৰ পৰা বেয়া কথা শুনিব লগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব, কৰ্মত শুভ হ'ব, যদিও আজি আপুনি পাপ্যৰ ওপৰত আধাৰিত গুৰুত্ব দিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, নতুন নতুন কৰ্মৰ আৰম্ভণি বা প্ৰস্তুতি কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে  ধন আগমন সামান্য হ্ৰাস  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত জড়িত হ'বলৈ সক্ষম হব, কৰ্মত জয় লাভ কৰিব,  যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ৰোগা আৰোগ্য হ'ব, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ মনত হতাশাৰ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সাহস হ্ৰাস হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages