আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 6, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৯ ভাদ , বুধবাৰ ইং ৬ চেপ্তেম্বৰ ২০২৩ । ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/৭/৫৯ *সূৰ্য্যাস্ত* ঘ:- ৫/৩৫/২৫

*ৰাশি:-*  বৃষ ৰাশি।

*তিথি :-*  কৃষ্ণা সপ্তমী । ৰা: ঘ:- ৭/৫৮/২৬ লৈ। 

*নক্ষত্ৰ :-* কৃত্তিকা। ঘ:- ২/৩৭/২৮ লৈ।

*শুভ সংখ্যা:-* ৪/৫

*শুভ ৰং:-* সেউজীয়া/বগা

*আদ্যঋতু হলে :-* প্ৰতিহিতা যোগ। 

*মৰণত দোষ*:- ত্ৰিপদ। ঘ:- ২/৩৭/২৮ যোৱাত এপদ, ৰা:ঘ:- ৭/৫৮/২৬ যোৱাত নাই।

*যাত্ৰা:-* বাযু কোনত নাই। ৰা:ঘ:- ৭/৫৮/২৬ যোৱাত ঈশান কোনত নাই । 

*যোগিনী* :-   বাযু কোনত । ৰা:ঘ:- ৭/৫৮/২৬ যোৱাত ঈশান কোনত  । 

*ভক্ষাভক্ষ্য* :-  তাল খোৱা নিষেধ। ৰা:ঘ :- ৭/৫৮/২৬ যোৱাত নাৰিকল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক ব্যস্ততা বাঢ়িব, কৰবাত পাবলগীয়া বস্তু ঘুৰাই পাৱ পাৰে, পাপ্য বস্তু লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত মনত নতুন নতুন আশাৰ সঞ্চাৰ হ'ব, উৎসৱ পাৰ্বনত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ধন আগমন বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত উন্নতি লাভ কৰিব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি,ছাত্ৰী সকলে বিদ্যা আহৰণৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে সামান্য পাৰিবাৰিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে অধিক লাভালাভ আশা নকৰিব,লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব,আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে কৰ্মত সফলতা  লাভ কৰাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব পাৰে, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব পাৰে, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে আপোন ব্যক্তিৰ দ্বাৰা কৰ্মত জটিলতা বা ভুল বুজাবুজিৰ সৃষ্টি  হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages