পূজা আৰু ব্ৰতৰ নিয়ম অতি সহজ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 30, 2023

পূজা আৰু ব্ৰতৰ নিয়ম অতি সহজ : Religious Studies

Religious Studies


জীৱনত কোনো বিষয়ত সফল হ'বৰ কাৰণে বা কোনো বিষয়ত আগুৱাই যাব ৰ বাবে কিছুমান নিয়মৰ মাজেদি চলিব লগীয়া হয়।  মানুহে দৈনন্দিন কাম কাজৰ আঁতৰি বিশেষ এক ধৰ্মীয় বা আধ্যাত্মিক দিশৰ কাম কৰিবলৈ হলেও কিছুমান নিয়ম মানিব লগীয়া হয় । উপবাস আৰু ব্ৰত এনে নিয়ম যি মানুহৰ মনক সংযম ৰাখে আৰু মনৰ মাজত আধ্যাত্মিক ভাব বঢ়ায়। ( Religious Studies )

     

সনাতন পৰম্পৰাত উপবাস আৰু ব্ৰতৰ গুৰুত্ব অতি বেছি। উপবাস আৰু ব্ৰত দুয়োটা শব্দৰ অৰ্থ একে যেন  লাগিলেও দুয়োটাৰ মাজত সামান্যতম পাৰ্থক্য আছে। সাধাৰণতে দীঘলীয়াকৈ কৰিবলৈ হলে  উপবাস কৰা হয় । যিদৰে নৱৰাত্ৰিত কৰে ।উপবাসত সামান্য আহৰ কৰিব পাৰি কিন্তু আহাৰ একেবাৰে সাত্বিক অৰ্থাৎ নিৰামিষ আৰু পিয়াঁজ নহৰু ও খাব নালাগে।  দিনত ফল মূল  , গাখীৰ খাব পাৰে ভাত ৰুটি খাব নালাগে।  


আনহাতে ব্ৰত কোনো উদ্দেশ্য সিদ্ধিৰ বাবে বা কোনো নিৰ্দিষ্ট তিথি বা বাৰত কৰা হয়। কোনো উদ্দেশ্য আগত ৰাখি সেই বিশেষ দিনত কিবা বস্তু নাখাম বুলি  প্ৰতিজ্ঞা কৰাই ব্ৰত। ব্ৰত হৈছে মনৰ ভিতৰত লোৱা এক প্ৰতিজ্ঞা। ব্ৰত এক ত্যাগ। শুভ ফল পাবৰ বাবে কৰা এক প্ৰতিজ্ঞা আৰু  ত্যাগ।

প্ৰাচীন ঋষি মুনি সকলৰ মতে ত্যাগে মানুহক শক্তি দিয়ে,  স্বৰ্গীয় সুখ দিয়ে, জ্ঞান বঢ়ায়। ই গৰ্ব বা অহংকাৰ ভাব নাশ কৰে ।


 ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নিয়মত ব্ৰত কৰা দেখা যায়। কিছুমানে ব্ৰত মানে পানী অকনমানো মূখত নিদিয়ে। 


কিছুমান ব্ৰতত একেবাৰে একো নোখোৱাকৈ থাকে,  কিছুমানত দিনটো একো নোখোৱাকৈ থাকি গধুলি গোসাঁই সেৱাঁ কৰি এক সিদ্ধ ভাত খায় । আকৌ এনে কিছুমান লোক আছে তেওঁলোকে দিনটোত নিমখ মূখত নিদিয়ে আৰু  কিছুমানে কেৱল আলু হে খায় ।( Religious Studies )


ভাৰত বৰ্ষৰ প্ৰায় সকলো  ৰাজ্যতে একাদশীৰ ব্ৰতৰ যথেষ্ট মান্যতা আছে। একাদশীত অন্ন মূখত দিব নালাগে।  পুৰুষ মহিলা সকলোৱে একাদশীৰ ব্ৰত বিশেষ গুৰুত্ব সহকাৰে মানে কিয়নো একাদশীৰ ব্ৰত কৰিলে পাপ খণ্ডন হয় আনকি পূৰ্বজৰ কিবা পাপ পৰিয়ালৰ ওপৰত পৰিলে একাদশীৰ ব্ৰতে সেই পাপ নাশ কৰে। পুৰাণৰ মতে একাদশীৰ ব্ৰতে সকলো সুখ দিয়ে।  


ভাদ মাহৰ শুক্লা সপ্তমীৰ দিনা ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত সন্তান সপ্তমী ব্ৰত মানে । সন্তান সপ্তমী ব্ৰত মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কৰে । এই ব্ৰত পিতৃ মাতৃ দুয়ো একেলগে ও কৰে । সন্তানৰ কোনো বিশেষ কথাৰ বাবে যেনেকৈ সন্তানৰ পঢ়াৰ বাবে , সু স্বাস্থ্যৰ বাবে, সন্তান বিপথে গ'লে,  বিবাহৰ বাবে আদি যিকোনো উদ্দেশ্য লৈ কৰিব লাগে।  


সন্তান সপ্তমীৰ পূজা বিধি--


ভাদ মাহৰ শুক্লা সপ্তমীৰ দিনা ৰাতিপুৱা শুই উঠি গা ধুই ভগৱান শিৱ আৰু মা গৌৰিৰ নামত চাকি জ্বলাব লাগে।  

এভাগ নৈবেদ্য, কেইপাহমান ফুল , কেইখন মান পাণ আৰু এটা  নাৰিকল আগ বঢ়াই দিব লাগে।  তাৰ পিছত সাত খন মিঠা পুৰি বনাই কলপাতেৰে বান্ধি শিৱ ভগৱানক দিব  লাগে।   

শেষত আৰতি কৰি সন্তানৰ কাৰণে যি বিচাৰিছে সেয়া কব লাগে।  

গধূলী সেই মিঠা পুৰি খাই ব্ৰত ভাঙিব লাগে। 


পূজা আৰু ব্ৰতৰ নিয়ম অতি সহজ যদিও এই ব্ৰত ৰাখি  অন্তৰৰ পৰা মা গৌৰী  আৰু  শিৱ ভগৱানক কিবা বিচাৰিলে নিদিয়াকৈ নাথাকে বুলি সনাতন পৰম্পৰাত বিশ্বাস আছে । ( Religious Studies )

জুলা শৰ্মা

No comments:

Post a Comment

Advertisement

Pages