ভাগ্য উদয় হবলৈ ঋগ্বেদৰ এইসমূহ পাঠ কৰক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 25, 2023

ভাগ্য উদয় হবলৈ ঋগ্বেদৰ এইসমূহ পাঠ কৰক : Religious Studies

Religious Studies


 ঋগ্বেদৰ ভাগ্য সুক্ত পাঠ কৰিলে ভাগ্য উদয় হয়


ঋগ্বেদৰ সপ্তম  মণ্ডলৰ একচল্লিছ নম্বৰ সুক্ত হৈছে ভাগ্য সুক্ত। এই সুক্ত ভাগ্যৰ অধিপতি অদিতি পুত্ৰ ভগক উদ্দেশ্য কৰি গোৱা হয়। ঋগ্বেদৰ শ্লোক বিলাক অতি শক্তিশালী। সৌভাগ্য, সমৃদ্ধি আৰু ভাগ্যৰ বাবে ভগ দেৱতাৰ এই সুক্তৰ শ্লোক সাতটা পুৱা আঠ বাৰ গালে দৰিদ্ৰতা দূৰ হয়, ভাগ্যই লগ নিদিয়া লোকৰ ভাগ্য উদয় হয়। ( Religious Studies )


                     ভাগ্য সুক্তম্


ওমঁ প্ৰাতঃ অগ্নিম্ প্ৰাতঃ ইন্দ্ৰম্ হৱামহে প্ৰাতঃ মিত্ৰাবৰুণা প্ৰাতঃ অশ্বিনা 

প্ৰাতঃ ভগম্ পূষণম্ ব্ৰহ্মণস্পতিম্ প্ৰাতঃ সোমম্ উত ৰুদ্ৰম্  হুৱেম্ ।। ১।।


অৰ্থাৎ--

আমি প্ৰাতঃ কালত অগ্নি, বৰুণ, ইন্দ্ৰ, মিত্ৰ,  অশ্বিনী কুমাৰ, ভগ,  পুষ, ব্ৰহ্মনস্পতি,সোম আৰু ৰূদ্ৰৰ আৱাহন কৰো।


প্ৰাতৰ্জিতম্ ভগম্ উগ্ৰম্ হুৱেম ৱয়ম্ পুত্ৰম্ অদিতেঃ য়ঃ বিধৰ্তা। 

আধ্ৰঃ চিত্ য়ং মন্যমানঃ তুৰঃ চিত্ ৰাজা চিত্ ময়্ ভগম্ ভক্ষীত্যাহ ।।২।।


অৰ্থাৎ--

মই শক্তিশালী, যুদ্ধত বিজয়ী হোৱা আৰু গোটেই সংসাৰক ধাৰণ কৰিব পৰা ভগক আৱাহন কৰো । এই অদিতি পুত্ৰৰ স্তুতি কৰিলে নিৰ্ধনীও ধনৱান হয় । ৰজাইও ভগক  বিচাৰে। 


ভগঃ প্ৰণেতঃ ভগ সত্যৰাধঃ ভগ ইমাম্ ধিয়ম্ উদৱা দদত্ নঃ। 

ভগ প্ৰ ণৌ জনয় গৌভিঃ অশ্বৈ ভগ প্ৰ নৃভিঃ নৃৱন্তঃ স্যাম ।।৩।।


অৰ্থাৎ--

হে শ্ৰেষ্ঠ আৰু সত্য ধনৰ অধিকাৰী ভগ,আমাক ঐশ্বয্য দিয়া। আমাক গায়,অশ্ব আৰু ভাল যোদ্ধা বংশধৰ দিয়া। 


উত ইদানীম্ ভগৱন্তঃ স্যামোত প্ৰপিত্ব উত মধ্যে অহ্ৰাম্ ।

উত উদিতা মঘৱন্তঃ সূৰ্য্যস্য ৱয়ম দেৱানাম্ সুমতৌ স্যাম  ।।৪।। 

Religious Studies


অৰ্থাৎ--

তোমাৰ কৃপাতেই আমি ভাগ্যশালী  হও । দিনটোৰ আৰম্ভণি আৰু মধ্য ভাগতো তোমাৰ কৃপা প্ৰাপ্ত হও ।  হে ভগ ! সূৰ্য্যাস্তৰ সময়ত আমি সকলো দেৱতাৰ কৃপা লাভ কৰো।( Religious Studies )


ভগ এৱ ভগৱান অস্তু দেৱাঃ তেনৈৱ ৱয়ম্ ভগৱন্তঃ স্যাম ।

তম্ ত্বাম্ ভগ সৰ্ৱ ইহ জোহৱীতি স নো ভগ পুৰএতা ভৱেহ  ।।৫।।


অৰ্থাৎ--

হে ভগ আপুনি আমাক পৰমানন্দ প্ৰদান কৰক আৰু দেৱতা সকলে আমাক প্ৰসন্নতাৰে স্বীকাৰ কৰক। হে ভগ মই আপোনাক আৱাহন কৰিছো আপুনি আমাৰ লগত থাকক।


সমধ্বৰায় উষসঃ নমন্ত দধিক্ৰাৱেৱ শুচয় পদায়।

অৰ্ৱাচীনম্ ৱসুৱিদম্ ভগম্ নো ৰথমিৱ অশ্বাঃ ৱাজিনঃ আ ৱহন্তু  ।।৬।।


অৰ্থাৎ--

প্ৰতিদিনে ভগ দধিক্ৰাৱাৰ সমান এই পবিত্ৰ স্থানলৈ আহে ।যেনেকৈ তীব্ৰ গতিৰ অশ্বই ৰথ খন আনে  সেইদৰে ধনৱান ভগ  প্ৰাতঃ কালত যজ্ঞলৈ আগমন কৰে ।


অশ্বাৱতীঃ গোমতীঃ নঃ উষসঃ ৱীৰৱতীঃ সমাঃ উচ্ছন্তু ভদ্ৰাঃ ।

ঘৃতম্ দুহানাঃ ৱিশ্বতঃ প্ৰপীতাঃ যুয়ম্ পাত স্বস্তিভিঃ সাল নঃ ।।৭।।


অৰ্থাৎ--

অনেক গুণ যুক্ত অশ্ব, গায়,পশু, দুগ্ধ  আৰু বীৰ যোদ্ধা প্ৰাপ্ত হ'বৰ বাবে  হে ঊষা আমাৰ গৃহ প্ৰকাশিত কৰা।


#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা 

বাঙ্গালোৰ

( Religious Studies )


No comments:

Post a Comment

Advertisement

Pages