ভদীয়া নামেৰে মুখৰিত “শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ” : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 30, 2023

ভদীয়া নামেৰে মুখৰিত “শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ” : Religious Studies

 

Religious Studies

  “শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ” নামটো শুনিলেই ভক্তিত মূৰ দো খাই যায়৷আহকচোন জানো এই আঠখেলিয়া নামঘৰৰ বিষয়ে চমুকৈ হ’লেও৷শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰৰ নামাকৰনটো নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰা উৎপত্তি হৈছে৷কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰী৷এই কুৰি শব্দৰ পৰা উৎপত্তি হৈয়েই আঠকুৰিয়া শব্দ হৈ কালক্ৰমত মানুহৰ মুখেমুখে বাগৰি আঠকুৰিয়াৰ ঠাইত আঠখেলিয়া ৰূপ ল’লে৷অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত এই আঠখেলিয়া নামঘৰো উল্লেখযোগ্য৷( Religious Studies )

  আঠখেলিয়া নামঘৰৰ নামাকৰন লৈ নিশ্চিত তথ্য পোৱা নাযায় যদিও পূৰ্বপুৰুষৰ মুখেৰে শুনা মতে সম্প্ৰতি আঠখেলিয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত য’ত হিংস্ৰ জীৱজন্তুৱে পৰিপূৰ্ণ অটব্য অৰণ্য ,দুইএঘৰ মানুহৰ বসতিৰে দূৰ্গম বাটপথেৰে এজন সাধু সন্তলোকৰ আশ্ৰম আছিল৷আহোম স্বৰ্গদেউ ল’ৰাৰজাৰ শাসনকালত গদাপাণি কোৱঁৰে (গদাধৰ সিংহ)ছদ্মৱেশ ধৰি ঘূৰিফুৰোতে হঠাৎ এদিন এই ঠাই পায়হি আৰু এই আশ্ৰমত কিছুদিন থাকিবলৈ লয়৷প্ৰবাদ আছে যে ল’ৰাৰজাৰ চাউদাংহঁতে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি সেই স্থান পাইহি যদিও গছগছনিৰে ভৰপূৰ ডাঠ মকৰাজালেৰে আবৃত পথটিত মানুহৰ বসতিৰ কোনো সন্ধান নাপাই সেই স্থান এৰি অন্য দিশে গতি কৰে৷সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে গদাপাণি এদিন দেশৰ ৰজা হ'ব৷গদাপাণিয়েও তেওঁক প্ৰতিশ্ৰতি দিছিলে যে তেওঁ ৰজা হ’লে সন্ত পুৰুষজনক এটি মন্ত্ৰীৰ বাব দিব৷পৰৱৰ্তীসময়ত গদাপাণি ৰাজসিংহাসন লাভ কৰে  কিন্ত গদাপাণি কোঁৱৰে প্ৰতিশ্ৰুতি দিয়া মতে সন্ত পুৰুষজনক বিচাৰি মানুহ পঠিয়াই যদিও তেওঁৰ কোনো শুংসূত্ৰ নাপায়৷সেই সন্ত পুৰুষজনৰ কি হ'ল বা ক'ত গ'ল সেই কথা আজিও অজ্ঞাত হৈয়ে থাকি গ'ল৷সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণি কোঁৱৰে সন্তপুৰুষজনৰ নিবাস স্হলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্নভিন্ন বৃত্তিধাৰী,ভিন্ন সম্প্ৰদায়ৰ আঠ পাইকৰ গোটৰ ওপৰত আশ্ৰমখনৰ ৰক্ষণাবেক্ষণৰ লগতে প্ৰতিপালনৰ দায়িত্ব অৰ্পণ কৰে৷এই আঠটা পৰিয়াল সমাজবদ্ধ  হৈ একোএকোটা কুৰিত(চুবুৰী)পৰিণত হয়৷এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্ত্বাৱধানত সমাজবদ্ধ হৈ একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰিয়া নামেৰে প্ৰখ্যাত হৈ পৰিল আৰু সকলোৱে একে ধৰ্মৰ আচৰণবিধি পালন কৰি সমাজপাতি থকাৰ ব্যৱস্থা কৰিলে৷এই আঠটা কুৰি অৰ্থাৎ চুবুৰীৰ সমষ্টিয়েই হ'ল আঠকুৰিয়া,যি কালক্ৰমত মানুহৰ মুখেমুখে প্ৰচলিত হৈ বৰ্তমানৰ আঠখেলিয়া নামেৰে জনাজাত হৈ পৰিল৷শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ গঠিত হোৱা আঠটা খেল বা কুৰিসমূহ হৈছে-১/বচাকুৰি ২/বৈৰাগী কুৰি ৩/ ব্ৰাক্ষ্মণ কুৰি ৪/ কছাৰী কুৰি ৫/বৰাহী কুৰি ৬/নাঙ্গল কুৰি ৭/শ’লালৰ কুৰি আৰু ৮/কাকতি কুৰি৷কিন্ত বৰ্তমান বৰাহী কুৰি আৰু কাকতি কুৰিৰ কোনো সন্ধান পোৱা নাযায়৷কাৰণ ১৮২১ খ্ৰীষ্টাব্দৰ পৰা ১৮২৫ খ্ৰীষ্টাব্দলৈ মানসকলৰ অত্যাচাৰৰ বলি হোৱাৰ ফলত এই অঞ্চলৰ বহুলোক প্ৰাণৰ ভয়ত পলায়ন কৰে তেতিয়াৰ পৰাই এই দুটা কুৰিৰ কোনো সন্ধান পোৱা নাযায়৷( Religious Studies )

  শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱসকলৰ তীৰ্থস্বৰূপ৷বৈষ্ণৱসকলৰ লগতে আন বিভিন্ন ধৰ্মাৱলম্বী লোকৰো ইয়াত সমাগম ঘটে৷আঠখেলিয়া নামঘৰ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী মহকুমাৰ বচা গাৱঁত অৱস্থিত৷ঘিলাধাৰী মৌজাত ঘিলাধাৰী ,মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ সংগমস্থলী৷নামঘৰৰ উত্তৰদিশত এই তিনিওখন নদী ক্ৰমে ওচৰাওচৰিকৈ মিলিত হৈ সঙ্গম হোৱাৰ বাবে এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰ অৱস্থিত৷আঠখেলিয়া নামঘৰ যোৱা কেইবাটাও ৰাস্তা আছে৷গোলাঘাট নগৰৰ পৰা পূব দিশে প্ৰায় ১৮/২০ কিঃমিঃ মান গলেই আঠখেলিয়া নামঘৰ পোৱা যায়৷ইয়াৰোপৰি যোৰহাট জিলাৰ তিতাবৰৰ পৰা বৰহোলা হৈ নামঘৰলৈ যোৱাৰ সুব্যৱস্থা আছে৷ৰাস্তাৰ কাষৰীয়া ৰাইজে ভক্তগণক বিশেষকৈ ভাদ মাহৰ দেওবাৰটোত চৰ্বত আদিৰে আপ্যায়ন কৰে৷যিহেতু ভাদ মাহত ইয়ালৈ লক্ষাধিক ভক্তৰ আগমন ঘটে সেইবাবে এই পৱিত্ৰ মাহটোত বেচৰকাৰী সংস্থা সমূহৰ লগতে চৰকাৰীভাৱেও ভক্তগণক সেৱা শুশ্ৰুষা কৰাত কোনো গাফিলতি নকৰে৷সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা নামঘৰটোৰ লগতে আছে এটা বৃহৎ পুখুৰী৷এই পুখুৰীটোৰ বৃহৎ বৃহৎ কাছবোৰো ভক্তগণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷

 মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ,দুয়োজনা গুৰুৰ আদৰ্শৰে নামঘৰৰ নীতিনিয়ম পালন কৰা হয়৷ইয়াৰ লগতে নামঘৰত অতি প্ৰাচীন কালৰে পৰা বৰসৱাহ,পানী

তোলা সৱাহ,নামলোৱা সৱাহ,ন-চাউলৰ সৱাহ,ৰাস মহোৎসৱ,বৰষা ভাওনা আদি বিভিন্ন বাৰ্ষিক কৰ্ম উদ্‌যাপন কৰি আহিছে৷বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকক একতাৰ বান্ধোনেৰে বান্ধি ৰখাত শ্ৰী শ্ৰী আঠখেলিয়া নামঘৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷আহক আমি সকলোৱে একত্ৰিত হৈ হাতত হাত থৈ মানৱতাৰ জয়গান গাওঁ যাতে আমাৰ আঠখেলিয়া নামঘৰভাগি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ আগত জাকতজিলিকা হয়৷( Religious Studies )

 ( অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী🙏)


ৰিজুৱানা শইকীয়া

তিতাবৰ

No comments:

Post a Comment

Advertisement

Pages