শাওন মাহ ভগৱান শিৱৰ প্ৰিয় মাহ। এই শাওন মাহত ভক্তই কান্ধত গঙ্গা জল লৈ ভগৱান শিৱৰ জ্যোতিৰলিঙ্গলৈ জল অনা পৰম্পৰাক 'কাৱাঁড় যাত্ৰা' বুলি কোৱা হয়।( Religious Studies )
এই কাম কৰিলে ভক্তসকল ভগৱানৰ লগত সংযোগ হয় বুলি বিশ্বাস কৰা হয়। মহাদেৱক সন্তুষ্ট কৰি আকাংক্ষিত ফল পাবৰ বাবে কাৱাঁড় যাত্ৰাৰ যথেষ্ট মহত্ব আছে । সাধাৰণতে কোৱা হয় যে এই যাত্ৰা কৰিলে এজনে অশ্বমেধ যজ্ঞ কৰাৰ দৰে ফল পায়। এইবছৰ মল মাস বা অধিক মাহ হোৱাৰ বাবে কাৱাঁড়ৰ জলাভিষেক আৰু বোল বম ৫৯ দিনলৈ অৰ্থাৎ ৪ জুলাইৰ পৰা ৩১ আগষ্টলৈকে চলিব ।
ভক্তই মহাদেৱৰ জ্যোতিৰলিঙ্গত কিয় গঙ্গা জল দিয়ে ?
সমুদ্ৰ মন্থনৰ পিছত যেতিয়া ভোলেনাথে হলা হল বিহ খাই পৃথিৱীৰ প্ৰাণী জগতক সুৰক্ষিত কৰিছিল তেতিয়া বিহ খাই মহাদেৱৰ ডিঙি নীলা হৈ পৰিছিল । কোৱা হয় যে এই বিষাক্ত পদাৰ্থক নাশ কৰিবলৈ আৰু শিৱলিঙ্গক ঠাণ্ডা কৰিবলৈ জল অভিষেক কৰা হয় । এই জল অভিষেকৰ দ্বাৰা মহাদেৱ শিৱ সন্তুষ্ট হয় আৰু ভক্তৰ ইচ্ছা পূৰণ কৰে।
কাৱাঁড় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ? কোনে প্ৰথম কৰিছিল, ইয়াৰ উদ্দেশ্য কি?
ভাৰতৰ কোনবোৰ এলেকাত এই যাত্ৰা কৰা হয় , এই প্ৰশ্ন বিলাক নিশ্চয় প্ৰায় সকলোৰে মনলৈ আহে ।
ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰে পৰা শিৱ লিঙ্গৰ অভিষেকৰ বাবে পানী অনা অৰ্থাৎ কাৱাঁড় আগবঢ়োৱাৰ নিয়ম আছে । লঙ্কাৰ অধিপতি ৰাৱণক বিশ্ব প্ৰথম জন কাৱাঁড়ি বুলি কোৱা হয় ।
কোনো কোনো গ্ৰন্থত ভগৱান শ্ৰীৰামে লঙ্কাৰ অধিপতি ৰাৱণৰ লগত যুদ্ধ কৰাৰ আগতে কাৱাঁড়ি হৈ অনা জল আগবঢ়াই পূজা দিয়াৰ কথা পোৱা যায় ।
প্ৰাচীন কালত ভগৱান পৰশুৰামে গড়মুক্তেশ্বৰৰ গংগা নদীৰ পানী আনি উত্তৰ প্ৰদেশ প্ৰদেশৰ বাঘপতৰ ওচৰত উপস্থিত থকা "পুৰা মহাদেৱ"ৰ শিৱ লিঙ্গত অভিষেক কৰিবৰ বাবে কাৱাঁড় আনিছিল। আজিও একেই পৰম্পৰা অনুসৰণ কৰি লাখ লাখ লোকে শাওন মাহত গড়মুক্তেশ্বৰ অৰ্থ্যাৎ বৰ্তমানৰ ব্ৰজঘাটৰ পৰা পানী আগবঢ়াই তেওঁলোকৰ ইচ্ছা পূৰণ কৰে ।
উত্তৰ ভাৰতত প্ৰতিখন ৰাজ্যৰে গংগা নদীৰ পাৰত থকা অঞ্চল বোৰত কাৱাঁড়ৰ যথেষ্ট গুৰুত্ব আছে। যি সকল লোকে এইদৰে পানী ভাৰ কৰি দূৰ দূৰৰ পৰা আনে তেওঁলোকক কাৱাঁড়িয়া বুলি কোৱা হয়।
ৰাজস্থানৰ মাৰৱাৰী সমাজৰ লোকসকলে গোমূখ, গঙ্গোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথৰ পৰা পানী আনি বিভিন্ন ঠাইৰ শিৱ লিঙ্গত দিয়াৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে । এই লোক সকলৰ মাজত গোমুখৰ পৰা পানী ভাৰ কৰি ৰামেশ্বৰমলৈ লৈ গৈ ভগৱান শিৱক অভষেক কৰাৰ এক পৰম্পৰাও আছে। এই কাম কৰিবৰ বাবে প্ৰায় ৬ মাহ খোজ কাঢ়িব লাগে । এই কামৰ পৌৰাণিক আৰু সামাজিক দুয়োটা দিশৰে গুৰুত্ব আছে। তাৰে এটা আছিল হিমালয়ৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশৰ সংস্কৃতিত ঈশ্বৰৰ বাৰ্তা। ইয়াৰ উপৰিও, বিভিন্ন অঞ্চলৰ মাজত চলি থকা পৰম্পৰাৰ আদান-প্ৰদানৰ এক অনুভূতি আছিল।
কিন্তু এতিয়া এই পৰম্পৰা সলনি হৈছে। আজিকালি মানুহে গঙ্গা নদীৰ বা প্ৰধান কিছুমান শিৱ মন্দিৰৰ ওচৰত বৈ থকা পানীৰ সোঁতৰ পানী ভৰ্তি কৰে আৰু শাওন মাহত ঈশ্বৰৰ উপাসনা কৰে। কাৱাঁড় যাত্ৰাৰ বিশেষত্ব টো হ'ল যে হাজাৰ হাজাৰ কাৱাঁড় যাত্ৰীয়ে দলবদ্ধভাৱে সন্ন্যাসীৰ সাজেৰে খোজ কাঢ়ে। এই যাত্ৰা প্ৰায় ১৫ দিন থাকে। ( Religious Studies )
ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে শাওন মাহত শিৱৰ লিঙ্গত জলিভিষেক কৰাৰ পৰম্পৰা অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে । উজ্জয়িনীত মহাকালক পানী আগবঢ়োৱাৰ ফলত ৰোগৰ অৱসান হয় আৰু দীৰ্ঘজীৱন হয় বুলি বিশ্বাস কৰা হয় ।
এই সময়ছোৱাত লাখ লাখ লোকে মনোকামনা পুৰাবৰ বাবে ভগৱান শিৱৰ জলঅভিষেক কৰে।
আমাৰ শাস্ত্ৰকে ধৰি ভাৰতৰ সকলো হিন্দুয়ে বিশ্বাস কৰে যে কাৱাঁড় যাত্ৰাত য'তেই পানী ভৰ্তি কৰা হয়, ইয়াক গঙ্গাৰ সোঁতৰ পৰা লোৱা হয় বুলি ভবা হয় অৰ্থাৎ এই সময়ছোৱাত কানৱাৰ যাত্ৰীৰ বাবে গঙ্গাৰ ধাৰা সকলো জলাধাৰাতে প্ৰৱাহিত হৈ থাকে ।
হৰিদ্বাৰৰ পৰা পানী লৈ দিল্লী, পঞ্জাৱ, গুজৰাট আদি প্ৰদেশৰ শিৱ মন্দিৰৰ শিৱ জলঅভিষেক কৰাৰো এক পৰম্পৰা আছে । এই যাত্ৰা শাওন মাহত আৰম্ভ হৈ ফাগুন মাহৰ মহাশিৱৰাত্ৰিলৈ চলে।
বিভিন্ন প্ৰকাৰৰ কাৱাঁড়--
১)সাধাৰণ কাৱাঁড়িয়া: সাধাৰণ ভক্তসকলে কাৱাঁড় যাত্ৰাৰ সময়ত য'তে বিচাৰে ৰ'ব পাৰে আৰু বিশ্ৰাম ল'ব পাৰে। সেই সময়ত পানীৰ ভাৰটো মাটি স্পৰ্শ নকৰা কৈ ওপৰত ৰাখিব লাগে।
২) ডাক কাৱাঁড় : ডাক কাৱাঁড়িয়া সকলে পানী ভাৰ লোৱাৰ পৰা জলাভিষেক লৈকে একেৰাহে খোজ কাঢ়ে।
৩) থিয় হৈ থকা কাৱাঁড়িয়া : কিছুমান ভক্তই কাৱাঁড়িয়া কঢ়িয়াই আনোতে তেওঁলোকক সহায় কৰিবলৈ কিছুমান লোক তেওঁলোকৰ সৈতে খোজ কাঢ়ে। যেতিয়া কাৱাঁড় কঢ়িয়াই নিয়া জনে বিশ্ৰাম লয় তেতিয়া সহযোগি সকলে তেওঁলোকৰ কান্ধত ভাৰ লৈ খোজ কঢ়াৰ শৈলীত কাৱাঁড়িয়া জোকাৰি থাকে ।
৪) দাণ্ডি কাৱাঁড় : এই ভক্তসকলে শৰীৰক কষ্ট দি নদীৰ পাৰৰ পৰা শিৱধামলৈ যাত্ৰা সম্পূৰ্ণ কৰে। অৰ্থাৎ, তেওঁলোকে গোটেই পথ ছোৱা শুই নিজৰ শৰীৰেৰে পথৰ দূৰত্ব জোখাৰ দৰে যাত্ৰা সম্পূৰ্ণ কৰে। এইটো বহুত কঠিন আৰু এমাহলৈকে সময় লয়।
শাওন মাহত মহাদেৱ শিৱৰ দৰ্শনৰ সময়ত বা কাৱাঁড় লৈ যাওতে, তেওঁলোকে 'বল বম বম' ধ্বনি দি খোজ কাঢ়ে। তেওঁলোকে বাৰু কিয় 'বম বম ভোলে' বা 'বোল বম বম' বুলি কয়?
শাস্ত্ৰত আছে মহাদেৱ শিৱ অতি সোনকালে সন্তুষ্ট হয়। শিৱ পুৰাণৰ মতে, শিৱ পূজনৰ শেষত সকলো ধৰণৰ সিদ্ধিৰ দাতা ভগৱান শিৱক কণ্ঠৰ শব্দৰ দ্বাৰা সন্তুষ্ট কৰিব লাগে।
"বম বম" শব্দটো ওঁম শব্দৰ সৰল ৰূপ বুলি কোৱা হয়। যাৰ বাবে এই শব্দ টো ভগৱান শঙ্কৰক সন্তুষ্ট কৰিবলৈ উচ্চাৰণ কৰা হয়। বিশেষকৈ কাৱাঁড় যাত্ৰাৰ সময়ত, শিৱৰ ভক্ত সকলে "বম বম ভোলে" বুলি ধ্বনি দি তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰে।
তেওঁক সন্তুষ্ট কৰিবলৈ কোনো মন্ত্ৰ, বিশেষ পূজা বা বাদ্যযন্ত্ৰৰ প্ৰয়োজন নাই। অন্যান্য দেৱতাসকলৰ দৰে, ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শংখ, নাগদা, মৃদঙ্গ, ঘন্টা আদি বাদ্যযন্ত্ৰ বজোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল গাল বজাই তেওঁ 'বম-বম ভোলে', 'বোল বম-বম' বা 'ভোলে শঙ্কৰ' বুলি কৈ সন্তুষ্ট কৰিব পাৰে। ( Religious Studies )
#বম_বম_ভোলে
#ওম_নমঃ_শিৱায়
জুলা শৰ্মা
বাঙ্গালোৰ
No comments:
Post a Comment