আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 25, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৭ ভাদ , শুক্ৰ বাৰ ইং ২৫ আগষ্ট ২০২৩ ।    ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/২/৩৫ *সূৰ্য্যাস্ত* ঘ:- ৫/৪৮/১৬

*ৰাশি:-*  বৃশ্চিক ৰাশি। শে:ৰা:ঘ:- ৪/২৮/৪৯ যোৱাত ধনু ৰাশি।

*তিথি :-* শুক্লা নৱমী ।ৰা:ঘ:- ৮/২০/৪১ লৈ। 

*নক্ষত্ৰ :-* জ্যেষ্ঠা । শে:ৰা:ঘ:- ৪/২৮/৪৯  লৈ।

*শুভ সংখ্যা:-* ৪/৬ 

*শুভ ৰং:-* চিত্ৰ বিচিত্ৰ/ ধোৱা বৰণ।

*আদ্যঋতু হলে :-* পতিহীনা যোগ। 

*মৰণত দোষ*:- নাই।

*যাত্ৰা:-* পূৱ দিশত নাই।ৰা:ঘ:- ২৮/২০/৪১  যোৱাত উত্তৰ দিশত নাই।

*যোগিনী* :- পূৱ দিশত ।ৰা:ঘ:- ২৮/২০/৪১  যোৱাত উত্তৰ দিশত।

*ভক্ষাভক্ষ্য* :- লাও  খোৱা নিষেধ,  ৰা:ঘ:- ৮/২০/৪১ যোৱাত কলমৌ শাক খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি খেতিয়ক সকলে কষ্ট পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। 


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব,প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, বেচা কিনাত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপুনি আনৰ পৰা আদৰ সন্মান লাভ কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, লগতে আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি চোৰ ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, হাতলৈ ধন সম্পত্তি বাঢ়িব, যদিও আজি বিবাহ প্ৰাৰ্থী সকলৰ শুভ   হোৱাৰ   যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম প্ৰনয়ন শুভ হ'ব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক সন্মান লাভ কৰিব, আনৰ প্ৰতি মৰম ভাল পোৱা বাঢ়িব, যদিও আজি আপুনি আৱেলি সময়ত ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সুন্দৰ পৰিবেশ লাভ কৰিব, লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ  হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি আত্মীয় পৰিয়ালৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages