আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 20, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🙏 *দৈনিক ৰাশি ফল* 🙏


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২ ভাদ , ৰবিবাৰ ইং ২০ আগষ্ট ২০২৩ ।   ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৫৯/৫৮ *সূৰ্য্যাস্ত* ঘ:- ৫/৫২/৪

*ৰাশি:-* কন্যা ৰাশি।

*তিথি :-* শুক্লা চতুৰ্থী।ৰা:ঘ:- ৮/৫৬/৪৮ লৈ।

*নক্ষত্ৰ :-* হস্তা । ৰা:ঘ:- ২/১৫/৬   লৈ।

*শুভ সংখ্যা:-* ৮/১

*শুভ ৰং:-* ৰঙা / হালধীয়া।

*আদ্যঋতু হলে :-* বেশ্যা যোগ। 

*মৰণত দোষ*:-  এপদ।

*যাত্ৰা:-*  নৈঋত কোনত নাই , ৰা:ঘ:- ৮/৫৬/৪৮ যোৱাত দক্ষিণ নাই। 

*যোগিনী* :- নৈঋত কোনত  , ৰা:ঘ:- ৮/৫৬/৪৮ যোৱাত দক্ষিণ। 

*ভক্ষাভক্ষ্য* :- মূলা খোৱা নিষেধ, ৰা:ঘ:- ৮/৫৬/৪৮  যোৱাত বেল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ৰোগ আৰোগ্য হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত আজি সকলো দিশতে ধৰ্য্য - সহ্য কৰিব চলাটো ভাল হব, লগতে আজি খেতিয়ক সকলে সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  ঘৰুৱা কৰ্মত সফলতা আহিব, গৃহ নিৰ্মাণ কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু বিবাহত শুভ হ'ব, যদিও আজি আপুনি মনৰ উত্তেজনা যিমান পাৰে কন্টোল কৰিব চেষ্টা কৰিব, লগতে আজি আপোনাৰ পাপ্য হানি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত  দ্ৰব্য বা সামগ্ৰী লাভ কৰিব,  উকীল, পুৰণি প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি প্ৰেম আৰু ব্যৱসায়িক দিশত সজাগ হোৱাটো ভাল হ'ব। ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে উন্নতি হ'ব, সমাজ কৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা কমকৈ লাভ কৰিব পাৰে।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে, নতুন নতুন দ্বায়িত্ব লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি বিতৰ্ক হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা বা জতিলটা আহিব যদিও আজি আপুনি  কৰ্মত সাহসৰ পৰিচয় দিবলৈ সক্ষম হব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান  হোৱাৰ   যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হ'ব, যদিও আজি আপুনি সন্মান হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্ম আৰু ব্যৱসায়িক দিশত নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত নতুন কৰ্মত প্ৰতিস্থা লাব কৰিব পাৰিব, কৰ্মৰ পৰিবৰ্তন কৰিবৰ বাবে আজিৰ দিনটোত শুভ হ'ব আপোনাৰ, ধন ধান লাভ হ'ব, লগতে আজি আপোনাৰ পুৰণি বিবাদ বা সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত থকা পুৰণি বাধা বোৰ নাইকীয়া হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages