আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 19, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today


🙏 *দৈনিক ৰাশি ফল* 🙏

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১ ভাদ , শনিবাৰ ইং ১৯ আগষ্ট ২০২৩ ।   ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৫৯/৩২ *সূৰ্য্যাস্ত* ঘ:- ৫/৫২/৫২

*ৰাশি:-* কন্যা ৰাশি।

*তিথি :-* শুক্লা তৃতীয়া।ৰা:ঘ:- ৭/৩৯/৫৭ লৈ।

*নক্ষত্ৰ :-* উত্তৰফাল্গুনী । ৰা:ঘ:- ১২/২৩/১৬   লৈ।

*শুভ সংখ্যা:-* ৭/৩

*শুভ ৰং:-* নীলা/বেঙুনীয়া।

*আদ্যঋতু হলে :-* কান্তা যোগ। 

*মৰণত দোষ*:- ত্ৰিপদ। ৰা:ঘ:- ১২/২৩/২৬  যোৱাত এপদ।

*যাত্ৰা:-*  অগ্নি  কোনত নাই , ৰা:ঘ:- ৭/৩৯/৫৭ যোৱাত নৈঋত কোনত নাই। 

*যোগিনী* :- অগ্নি  কোনত । ৰা:ঘ:- ৭/৩৯/৫৭ যোৱাত নৈঋত কোনত । 

*ভক্ষাভক্ষ্য* :-  পটল খোৱা নিষেধ, ৰা:ঘ:- ৭/৩৯/৫৭ যোৱাত মূলা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সজাগ হ'ব লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মনৰ উৎসাহ সামান্য হ্ৰাস হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব যদিও আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ ৰাজনৈতিক সা -সুবিধা  লাভ হোৱাৰ যোগ দেখা যায।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম আশীৰ্বাদৰ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায়িক দিশত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত  ভ্ৰমণত সুখ শান্তি লাভ কৰিব, প্ৰেমত শুভ হ'ব, ব্যৱসায়িক দিশত সফল হব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে সকলো দিশতে সফলতা লাভ হোৱাৰ যোগ দেখা যায় ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সফলতাৰে সকলো কৰ্ম সমাপ্ত কৰিবলৈ সক্ষম হব লগতে আজি সাংবাদিক সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সৌভাগ্য উদয় হ'ব,  কৰ্মত উন্নতি লাভ কৰিব, যদিও আজি আপুনি যিকোনো চুক্তি স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিব, শত নাশ হ'ব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব, প্ৰেমত সামান্য বাধা আহিব পাৰে, যদিও আজি সমাজ কৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ লাভ  হোৱাৰ   যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত যশস্যা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সাহসেৰে কৰ্যবোৰ সম্পাদন কৰিবলৈ সক্ষম হব, ব্যৱসায়িক দিশত নতুন নতুন সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ বিলাসীতাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages