আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 10, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

     Horoscope Today

 

 ২৪ শাওন , বৃহস্পতিবাৰ ইং ১০ আগষ্ট ২০২৩ ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ভাল খৱৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি কৰ্মত আনৰ পৰা প্ৰশংসা  লাভ কৰাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব পাৰে যদিও আজি আপুনি কৰ্মত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে কৰ্মত আনৰ পৰা প্ৰশংসা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে বন্ধু বান্ধৰ লগত মনোমালিন্য বা বিশ্চেদ হ'ব পাৰে লগতে আজি আপুনি বেয়া খৱৰ পাৱলগীয়া কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, কৰ্মক্ষেত্ৰত শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰুৱা সম্পত্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায় 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ভ্ৰমণত শুভ হ'ব, প্ৰেমত শুভ হ'ব, ঘৰত বিবাহৰ কথা আলোচনা হ'ব পাৰে, যদিও আজি আপোনাৰ মনত  কষ্ট দিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, সফলতাৰে কৰ্মবোৰ সম্পন্ন কৰিবলৈ সক্ষম হব, লগতে কৰ্মত কৃতকাৰ্যতা লাভ হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত ভাবি থকা কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব লগতে আজি আপুনি সজাগ নহ'লে  আয় - উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, নতুন নতুন ব্যৱসায় বানিজ্যত যোগাযোগ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰৰ সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি পুলিচ প্ৰশাসনৰ লগত জড়িত তেওলোকৰ আজি কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য পেটৰ অসুখ হ'ব পাৰে লগতে আজি আপুনি হীনমান্যতাত ভুগিব লগা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনত্ব আহি, হঠাৎ ধন সন্মান লাভ কৰাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটত আনন্দ মনে দিনটো পাৰ হ'ব, সম্পত্তি বাঢ়িব, যদিও আজি আপুনি জতিলটা সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ হ'ব, কৰবাত পাবলগীয়া ধন ঘুৰাই পাৱা পাৰে , ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages