অমিতাৰ পুষ্টি আৰু ঔষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 25, 2023

অমিতাৰ পুষ্টি আৰু ঔষধি গুণ : Assamese Health Tips

Assamese Health Tips


    বছৰৰ  সকলো ঋতুতে  সহজলব্ধ   অমিতা  আমি সকলোৱে  চিনি  পোৱা  এবিধ  সুস্বাদু  ফল । পকিলে   খাবলৈ   মিঠা আৰু বৰ  সোৱাদ     হোৱাৰ লগতে   কেচা   অমিতা   পাচলি  হিচাবে   নানা তৰহৰ  ব‍্যঞ্জন বনাই   খোৱা হয় । ( Assamese Health Tips )   


অন্যহাতে পকা অমিতাৰ  জুচ, পুৰঠ আধাপকা অমিতাৰ চালাড,  কেচা অমিতাৰ খাৰ   খাবলৈ বৰ ৰুচিকৰ । 

     অমিতাৰ  পকাফল, কেচাফল, ফুল, পাত, বীজ,গাগছৰ বাকলি,  গছ বা ফলৰ  এঠা ( Latex ) , শিপা আদি সকলো অংশ‌ই  আমাৰ  দেহৰ নানাবিধ  ৰোগৰ  মহৌষধী   হিচাবে ব‍্যৱহৃত  হয় ।   সেয়ে  সৰ্বগুণী  তথা অমৃতসম  মধু বা  মৌজোলৰ লগত তুলনা কৰি অমিতাক   মধুফল বা  অমৃতা  ( অঞ্চলভেদে মইধ্ফল /অৰ্মিতা) বুলিও কোৱা  হয়।  আয়ুৰ্বেদীয় নাম  ,- অমৃততুম্বী, ইংৰাজীত  - Papaya    বৈজ্ঞানিক নাম - Carica papaya   - হিন্দীত - পপীতা, বঙালীত- পেপে   আৰু  স্থানভেদে  বিভিন্ন নামেৰে জনাজাত ।  আকাৰ আৰু জাত ভেদে  প্ৰায়   বাইশটামান  প্ৰজাতিৰ  অমিতা দেখা যায়।     অসমকে ধৰি  ভাৰতৰ  সকলো  ৰাজ‍্য  তথা কাষৰীয়া  দেশ সমূহত   ইয়াৰ  প্ৰচুৰ উৎপাদন হয় ।   অমিতাৰ  ঔষধি গুণাগুণৰ   বাবে  পৃথিৱীৰ সকলো দেশতে   সমাদৰ অধিক হোৱাৰ লগতে   গৱেষক  সকলে ইয়াৰ বিভিন্ন  অংশৰ পৰা   ঔষধ প্ৰস্তুত কৰি   সুফল লাভ  কৰিছে । 

#অমিতাৰ_পোষক_তত্ত্ব  ------

   অমিতাত দেহৰ  উপযোগী  প্ৰটিন, ভিটামিন  এ, ভিটামিন বি গোট,  ভিটামিন চি, ই, কে , ফাইবাৰ, আইৰন,   পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, ফচফৰাচ, ক'পাৰ,জিংক,চডিয়াম, এন্টিঅক্সিডেন্ট,  ফাইটো নিউট্ৰিয়েন্ট,  লাইকোপেন, কেৰ"টিন, বিটাকেৰ"টিন,  পেপেইন এনজাইম, আলকালয়েড  আদি    নানাবিধ  পুষ্টি আৰু  পোষক  তত্বৰে  ভৰপূৰ ।

   🔷    #গুণাগুণ_জানো_আহঁক----

 1.  পকা অমিতা    ৰোগী বা নিৰোগী সকলো বয়সৰ  লোকৰ    অতি  পুষ্টি  আৰু  বল  বৰ্ধক  ।  নিয়মিত  সঠিক মাত্ৰাত পকা  বা  কেচা  অমিতা (তৰকাৰী)   খালে   দেহ সুস্থ আৰু  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

🔷 2.  শৌচ  খোলোচা নোহোৱা,  সময়মতে বা দুইতিনি দিনলৈ  শৌচ নোহোৱা  বা কৌষ্ঠকাঠিন্য  আদি  লক্ষণ  বহুতো  ব্যক্তিৰ  ক্ষেত্ৰতেই  দেখা  যায় ।    স্বভাৱগত  ভাৱে  এনে  সমস্যাত  ভুগা   ব‍্যক্তিৰ     দেহ মন  সুস্থ  নাথাকে  আৰু   বিভিন্ন  ৰোগত  ভুগিব পাৰে ।     অমিতাই  পৰিপাক  তথা  হজমশক্তি বঢ়ায় ,   কৌষ্ঠকাঠিন‍্য  দুৰ কৰি  শৰীৰৰ  অলাগতিয়াল  পদাৰ্থ toxin. বাহিৰ কৰায় । পুৰঠ বা দোহোচীয়া  অমিতা কেচাই  খালে ভাল ফল দিয়ে। ( Assamese Health Tips )   

Assamese Health Tips


   আমিষভোজী  বা  সঘনাই  মাছ মাংস, গুৰুপাক আহাৰ খাই থকা  লোকে নিয়মিত অমিতা খোৱাতো ভাল। 

 🔷3.  পাইল্ চ   বা  অৰ্শ  ৰোগীৰ বাবে অমিতা  অতি  উপকাৰী পথ‍্য  ।  একেৰাহে নিয়মিত  কিছুদিন খালে  যথেষ্ঠ ভাল ফল পায় ।

🔷 4.  হৃদৰোগ,  ডায়েবেটিচ,  উচ্চৰক্তচাপ ,  অতিৰিক্ত কলেষ্ট্ৰল বৃদ্ধি   আদিত  অমিতা  সেৱন  কৰা   খুবেই  উপকাৰী । 

🔷 5. বাতবিষ ,  গাথিবিষ ,  দেহ  ফুলা, পানী  জমা হোৱা। আদিৰ বাবে  অমিতা উত্তম  পথ‍্য ।

🔷  6, অমিতাই   ক্ষীণ  বা  শকত   লোকৰ   দেহৰ  ওজন  স্বাভাৱিক   কৰে । 

🔷 7, অমিতা ক্ষাৰধৰ্মী  হোৱাৰ বাবে   অম্লপিত্ত,    এচিডিতি   আদি  দুৰ কৰে ।

 . 🔷 8, মহিলাৰ  অনিয়মিত   মাহেকীয়া বা  অন্যান্য  বিকাৰ  থাকিলে  ( কম  মাত্ৰাত)    নিয়মিত অমিতা  খালে   সমস্যা  দুৰ হয় ।

   গৰ্ভৱতী  মাতৃয়ে  পকা  অমিতা  বা  কেচা অমিতাৰ  তৰকাৰী   মাজে মাজে  খোৱাতো ভাল।

( অধিক মাত্ৰাত নাখাব)

🔷9.  প্ৰসূতিকালীন  মহিলাই  অমিতা সেৱন কৰিলে   স্তনদুগ্ধ বৃদ্ধি  হয়। 

🔷10.   নিয়মিত অমিতা  খালে   মানসিক তথা বয়সৰ  চাপ    আতৰ হয় । 

🔷11.  অমিতাই  দেহৰ  অপকাৰী   বেক্টেৰিয়া , ভাইৰাছ,     সংক্ৰমণ জনিত  ৰোগ  দুৰ কৰে।

🔷12.   গাৰ ছাল  মসৃণ  আৰু  ছালৰ  ৰোগ  প্ৰতিৰোধ কৰে ।   গাধোৱা পানীত   কেইটুকুৰামান  অমিতা  মিহলাই গা  ধুলে  ছালৰ   বাবে উপকাৰী । (শিশুৰ  গাধোৱা পানীত  কেইখিলামান  তুলসী  পাত  মিহলাব)

🔷13.  পকা অমিতা   মুখত বা ছালত  ঘহিলে   ছাল মসৃণ  হোৱাৰ লগতে   বীজানুমুক্ত  হয় ।

🔷14  চকুৰ  দৃষ্টিশক্তি  তথা  চকুৰ নানাবিধ ৰোগৰ বাবে   অমিতা  নিয়মিত  খোৱাতো ভাল।

🔷15. অমিতাৰ ফুল    ব্ৰঙ্কাইটিচ,  জন্ডিচ,  কিডনী সম্বন্ধীয়  ৰোগৰ বাবে  হিতকাৰী ।   একে  ৰোগত    এক/ডেৰ চামুচ শিপাৰ ৰস  মৌ মিহলাই খাব পাৰে ।

🚹#অমিতাৰ_বীজ_আৰু_এঠা (Latex)

অমিতা  কাটি  সচৰাচৰ বীজ বোৰ  পেলাই দিয়া হয় আৰু   গাখীৰৰ দৰে  ওলোৱা  এঠাৰ  বাবে  বহুতে  অমিতা  কাটিবলৈ  বেয়া পায় । আচলতে  অনাদৃত  এঠা  বা  বীজবোৰত   যথেষ্ঠ পৰিমাণে ঔষধি গুণ আছে ।    আজিকালি    এইবোৰৰ  পৰা  নানাবিধ  ঔষধ, চাবোন, কচমেটিক সামগ্ৰী প্ৰস্তুত  কৰিব ধৰিছে  ।   ,

         পকা  বা পুৰঠ  অমিতাৰ  ক'লা  বীজ  ধুই  ৰ'দত   শুকাই    (অতিপাত  নুশুকুৱাব) মিহিকৈ গুৰি কৰি    লব ।    ➡ খোৱাৰ  মাত্ৰা - ১গ্ৰামৰ পৰা  ৪গ্ৰাম( বয়স অনুসৰি)  -- গৰম পানীৰ লগত ।

🔷16.  টায়েফ‌ইড জ্বৰত  বহুদিন ভুগি থাকিলে    আহাৰৰ পিছত ১চামুচকৈ  অমিতা বীজৰ  গুৰি  কিছুদিন খালে আসু আৰোগ্য হয় ।

🔷17.  অমিতাৰ  শুকান বীজৰ  চুৰ্ণ  কৰ্কট  ৰোগ , হাপানি, লিভাৰ চিৰ'চিচ,   লিভাৰৰ সংক্ৰমণ ,কিডনীৰ ৰোগৰ বাবে   উপকাৰী দৰৱ ।  

🔷18.  কৃমি  ৰোগত  অমিতাৰ শুকান  বীজৰ গুৰি (শিশুৰ বাবে 1-2গ্ৰাম,  ডাঙৰৰ 3--4গ্ৰাম) অলপ  গৰম পানী মিহলাই  ৰাতি  খোৱাৰ এঘন্টা  পিছত খালে  সমস্যা দুৰ হয় ।

🔷19.  দাঁতৰ  বিষত  শিপা  নাইবা  ছালৰ  ৰস  লগালে বিষ  কমে।     

🔷20. খৰ, খজুৱতি, পুৰণি ঘা  আদিত  অমিতাৰ এঠাত  গ্লিচাৰিন মিহলাই লগালে আৰোগ্য হয়।

🔷21. মুখ বা  জিহ্বাৰ  ঘা হলে   অমিতাৰ আঠা  পানী মিহলাই     লগালে    উপসম হয় ।

🔷22. অমিতাৰ  এঠা {Latex}.  জুয়ে পোৰা  দাগত  ( ঘা শুকোৱাৰ পিছত) লগালে  দাগ   গুচে ।

🔷23.   অমিতাৰ  পাত   #মাৰাত্মক_ডেঙ্গু_ৰোগৰ   মহৌষধ ।      ইয়াৰ পৰা প্ৰস্তুত কৰা  টেবলেত, কেপচুল  , চিৰাপ  আদিয়ে    এই ৰোগ নিৰাময় কৰে ।

🔷🚫#অপকাৰী_গুণ⛔🔷

   ☢☢অমিতাৰ  অপকাৰী গুণ  নাই  যদিও 

   ভালৰ  মাজতো  বেয়াগুণ  থাকে।  সেয়ে-

 🚺1-   অত‍্যধিক  মাত্ৰাত অমিতা  খালে   পেটৰ    অপকাৰ কৰিব পাৰে ।  ( বিশেষকৈ  #গৰ্ভৱতী মহিলাই  অধিক  পৰিমাণে  নাখাব)

 🚺   2.  অমিতা  অধিক  খাই    কিছুমানৰ এলাৰ্জি  বা ছালৰ কোনো সমস্যা, পেটৰ অসুখ,   নতুবা  কিবা পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিলে   নাখাব  বা  কমাই  খাব ।

 🚺  3.  আন কিছু ৰোগত অমিতাই  অপকাৰ কৰিব পাৰে । সেয়ে  চিকিৎসাধীন  জটিল  ৰোগীয়ে  চিকিৎসকৰ পৰামৰ্শ  লৈ  অমিতা  খাব ।     ➡সংগ্ৰহ

     #শেষত_দুআষাৰ

      অমিতাৰ     অশেষ  গুণাগুণৰ বিপৰীতে  বজাৰৰ অধিক মূল্যৰ   অন্যান্য পাচলিৰ  তুলনাত  অমিতাৰ মূল্য   কিছু  কম (বিশেষকৈ গাঁৱত  )  আৰু  বিষাক্ত ৰাসায়নিক দৰৱমুক্ত ।   তথাপি দেখা যায়  কিছুমানে  অমিতা খাবলৈ   অনিচ্ছা  কৰে ।  সেয়া  যি কাৰণতে নহওক,   দেহৰ  উপকাৰী  নানা ঔষধি গুণসমৃদ্ধ  অমিতা  সকলোৱে খাওক   ।   বিভিন্ন  জুতিৰে খাওক  , ল'ৰাছোৱালীকো খুৱাওক ।  পাচলিৰ  নাতনি পুৰাবলৈ    ঘৰৰ  আশে পাশে  দুজোপামান  অমিতাগছ  নিশ্চয়  ৰুব । ( Assamese Health Tips )   



                        শ্ৰী যতীন দাস ।

                   মালয়বাৰী ।  কামৰূপ -ম/অসম

No comments:

Post a Comment

Advertisement

Pages