অন্ত্যেষ্টি সংস্কাৰৰ লগত জড়িত কিছু নজনা কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 29, 2023

অন্ত্যেষ্টি সংস্কাৰৰ লগত জড়িত কিছু নজনা কথা : Assamese Fact

Assamese Fact


অন্ত্যেষ্টি সংস্কাৰৰ কৰ্ম স্ত্ৰীয়ে কৰিব নাপাই বুলি কিয় কোৱা হয় ...


শাস্ত্ৰই অন্ত্যেষ্টি সংস্কাৰৰ দায়িত্ব পুত্ৰ সন্তানক দিছে।  পুত্ৰ নাথাকিলে ভায়েক, ভতিজাকে কৰিব পাৰে। কিন্তু শাস্ত্ৰই স্ত্ৰীয়ে কৰিব নাপায় বুলি কোৱা নাই।  কোনো বাধা নাই যদিও কিয় স্ত্ৰীয়ে নকৰে এই প্ৰশ্ন বহুতৰ মনলৈ আহে -- Assamese Fact )


শ্মশানলৈ লৈ যাওঁতে গোটেই বাটটোতে অশুভ শক্তি কিছুমান লগে লগে যায় সেয়ে হাতত জোৰ জ্বলাই লৈ যোৱা হয়।  শ্মশানতো এনে ধৰনৰ  শক্তি বহুত থাকে। এই বিলাক প্ৰকৃততে কিছুমান  দূষিত বায়ু বা গেছ হৈ থাকে । এই দূষিত বায়ুৱে স্ত্ৰীক বেছি আকৰ্ষিত কৰে আৰু স্ত্ৰীৰ জীৱনলৈ কেতিয়াবা বাধা আৰু সমস্যাও  আনিব পাৰে। সনাতন পৰম্পৰা মতে অন্ত্যেষ্টি সংস্কাৰ কৰিব পৰাটো বৰ পুণ্য কাম । 

Assamese Fact


গৰুড় পুৰাণত ভগৱান বিষ্ণুৰ বাহন গৰুড় পক্ষীয়ে মৃত্যু  আৰু মৃত্যুৰ পাচত কোনটো নিয়ম কিয় মানিব লাগে সেই বিষয়ে বিভিন্ন প্ৰশ্ন সোধোতে ভগৱান বিষ্ণুৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি প্ৰতিটো নিয়ম কিয় মানিব লাগে তাৰ গুৰুত্ব বুজায় দিয়ে। পাছত সেইখিনি কথা গৰুড় পক্ষীয়ে কাশ্যপ মুনিক জনায় । মানুহৰ মৃত্যুৰ পাচৰ কিছুমান কথাৰ  ওপৰত আমাৰ মনতো  বহুত প্ৰশ্ন আহি থাকে।  


পুত্ৰ আৰু ভতিজা লৰাই (অসমত নকৰে)  চুলি দাড়ি খুৰাব  লাগে কিন্তু ছোৱালীয়ে কিয় নালাগে। শ্মশানত বিভিন্ন অশুভ বস্তুৰ সান্নিধ্যত আহিব লগীয়া হয় এই বিলাক চুলিত ৰৈ যায় সেয়ে চুলি দাড়ি কাটি শুচি হব লাগে। সনাতন ধৰ্মৰ মতে

 স্ত্ৰীৰ চুলিয়েই সম্পদ আৰু সৌভাগ্য আনে । সেয়ে স্ত্ৰীক চুলি খুৰাবলৈ দিয়া নহয় । 


স্বামীৰ মৃত্যুৰ পাছত পিণ্ড দিয়া কাম খিনি পত্নীয়ে কৰাটো অতি শুভ বুলি শাস্ত্ৰত আছে। পুত্ৰ সন্তান নাথাকিলে  শ্ৰাদ্ধৰ কাম খিনি কন্যা বা পত্নীয়ে কৰিব পাৰে।  Assamese Fact )


আত্মাই বাৰ দিন  পৰিয়ালৰ লোক সকলক এৰি নাযায় । সেই বাৰ দিন ঘৰত গৰুড় পুৰাণ আৰু বিষ্ণু সহস্ৰ নাম পাঠ কৰিলে ভাল । গৰুড় পুৰাণত মৃত্যুৰ সম্পূৰ্ণ ৰহস্য  আৰু আত্মাক কেনেকৈ শান্তিত পৰলোকলৈ যাবলৈ দিব পাৰি সেই কথা আছে। এই কথা খিনি শুনিলে মৃতকৰ আত্মাই শান্তি পায় আৰু সংসাৰৰ মোহ এৰি পৰিয়ালৰ লোক সকলক আশীৰ্বাদ দি যাবলৈ সাজু হয়। আনহাতে পৰিয়ালৰ লোকেও শ্ৰাদ্ধ বিধি ভালদৰে কিয় কৰিব লাগে তাৰ অৰ্থ বুজি পায়। 

বিষ্ণু সহস্ৰ নামৰ পৰিবেশ শুদ্ধিকৰণ ক্ষমতা অতি বেছি সেয়ে সেই কেইদিন পৰিয়ালৰ লোক সকলে পাঠ কৰিলে ভাল। যদি কন্যা সন্তানে মূখাগ্নিৰ কাম খিনি কৰে তেন্তে কন্যা গৰাকীয়ে নিজে সেই কেইদিন বিষ্ণু সহস্ৰ নাম পাঠ কৰি থাকিব লাগে বুলি পৌৰাণিক শাস্ত্ৰই কয়। 


পিতৃ পক্ষতে হওঁক বা মৃত্যু তিথিতে হওঁক পুত্ৰ সন্তান থাকিলেও পত্নী, জীয়ৰি , বোৱাৰী সকলোৱেই নিজৰ আত্মীয়ৰ অস্থি বিসৰ্জন , শ্ৰাদ্ধ আৰু ন পুৰুষৰ শ্ৰাদ্ধ কৰিব পাৰে । শ্ৰাদ্ধ সংসাৰত কৰা পূণ্য কামৰ ভিতৰত এটা উল্লেখযোগ্য কৰ্ম সেয়ে স্ত্ৰীয়ে কৰাত কোনো বাধা নাই। Assamese Fact )


জুলা শৰ্মা

বাঙ্গালোৰ

No comments:

Post a Comment

Advertisement

Pages