ক'লা তিলৰ গুণ অধিক সেয়ে বিভিন্ন কামত ইয়াৰ ব্যৱহাৰো অধিক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 29, 2023

ক'লা তিলৰ গুণ অধিক সেয়ে বিভিন্ন কামত ইয়াৰ ব্যৱহাৰো অধিক : Assamese Fact

Assamese Fact


সৰু সৰু কামৰ বৰ বৰ ফল 

তিল --- Assamese Fact )


বৈদিক যুগৰ পৰা তিলৰ গুৰুত্ব অধিক বেছি। বিভিন্ন পূজাত , হোমত , তৰ্পণত তিল অতি আৱশ্যকীয় বস্তু। বৈদিক ঋষি মুনি সকলে আৰু আমাৰ অতীতৰ উপৰি পুৰুষে তিলৰ গুণাগুণ ভালদৰে জানিছিল সেয়ে বিভিন্ন কামত তিল ব্যৱহাৰ কৰাৰ নিয়ম কৰিছিল।  তিল ক'লা, ৰঙা আৰু বগা তিনি  ধৰণৰ আছে । ইয়াৰ ভিতৰত ক'লা তিলৰ গুণ অধিক সেয়ে বিভিন্ন কামত ইয়াৰ ব্যৱহাৰো অধিক।  


১) মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন সনাতন কৰ্মত তিলৰ ব্যৱহাৰ হয় । তিলৰ প্ৰয়োজনীয়তা চাই জন্ম তিথিৰ দিনা গা ধুই তিল সিচাঁৰ পৰম্পৰা ভাৰতীয় সমাজত অতীজৰে পৰা আছে ।


২) বৈদিক ঋষি সকলে হাৱন আৰু তৰ্পণ এই দুয়ো বিধ কৰ্ম ত তিলৰ ব্যৱহাৰৰ নিয়ম কৰিছে। তিল অৰ্পণ বা তৰ্পণৰ সময়ত (অৰ্পণ দেৱী দেৱতাৰ বাবে আৰু তৰ্পণ মৃতকৰ বাবে)  বিশেষ মন্ত্ৰ গাই কৰা হয়। এই মন্ত্ৰ বিলাকে তিলক সক্ৰিয় কৰি তোলে আৰু তিলৰ মাধ্যমেৰে নিৰ্দিষ্ট দেৱী দেৱতা অৰ্পণ বা মৃতকক  বা তৰ্পণ কৰোতা জনৰ মনৰ ভাব, উদ্দেশ্য লৈ তেওঁলোকৰ ওচৰ পোৱাই গৈ ।


৩)যেতিয়া পিণ্ড দান কৰা হয় তেতিয়া তিলৰ লগত পানী মিলাই বিশেষ মন্ত্ৰ উচ্চাৰণ কৰিলে তিল সক্ৰিয় হৈ উঠে আৰু পিতৃ লোকত ৰৈ থকা মিতকক পিণ্ড ল'বৰ বাবে ধৰালৈ নমাই আনে ।  


৩)  তিল গাখীৰ বা পানীৰ লগত মিলাই মহাদেৱ শিৱক অভিষেক কৰাৰ নিয়ম আছে। এইদৰে অভিষেক কৰিলে শঙ্কৰ ভগৱান সন্তুষ্ট হয় ।  "ওঁম নমঃ শিৱায় " জপ কৰি কৰি প্ৰতিদিনে শিৱ লিঙ্গত তিল মিহলি পানী লাহে লাহে  ঢালি বেল পাত আৰু ফুল অৰ্পণ কৰিলে ভগৱান শিৱই মনোৱাঞ্ছা পূৰণ কৰে। 

Assamese Fact


৪) মাঘ বিহুৰ সময়ত গোটেই ভাৰতবৰ্ষতে তিলৰ ভিন ভিন বস্তু তৈয়াৰ কৰি খোৱাৰ নিয়ম আছে ।  তিলে গা গৰম ৰাখে আৰু তিলত calcium, magnesium, Vitamin B-6, Iron, dietary fibre, protein যথেষ্ট পৰিমাণে আছে সেই কথা প্ৰাচীন কালতে ভাৰতৰ লোক সকলে জানিছিল বাবেই মাঘ মাহত তিল খোৱাৰ নিয়ম কৰিছিল। 


৫) তিল দান কৰাতো মহাদান বুলি কোৱা হয়। মকৰ সংক্ৰান্তিৰ দিনা তিল দান কৰিলে ঘৰত থকা নাকাৰাত্মক শক্তি নাশ হয় ।


৬) বহাগ মাহতো তিলৰ বস্তু তৈয়াৰ কৰি  খোৱাৰ পৰম্পৰা আছে। বহাগ মাহৰ সময়ত  ঋতু পৰিবৰ্তনৰ বাবে বিভিন্ন ধৰণৰ  অসুখ হয় । তিলে শৰীৰৰ ভাৰসাম্যতা আনে আৰু শৰীৰ সুস্থ ৰাখে।


৭) মাঘ মাহৰ কৃষ্ণা একাদশিৰ দিনা ষটতিলা একাদশি বুলি কোৱা হয়। একাদশি তিথি ভগৱান বিষ্ণুৰ অতি প্ৰিয় তিথি। তিল ভগৱান বিষ্ণুৰ গাৰ পৰা ওলোৱা বুলি পৌৰাণিক শাস্ত্ৰত আছে । ষটতিলা একাদশিৰ দিনা সেয়ে তিল ছয় ধৰণেৰে ব্যৱহাৰ কৰাৰ নিয়ম আছে  ।


৮)  তিলৰ শোধন ক্ষমতা আছে । তিল অগ্নিত দিলে তাৰ পৰা যি ধোঁৱা ওলায় সেই ধোঁৱাই চাৰিওদিশৰ বায়ু শুদ্ধ কৰে । Assamese Fact )


৯) piles , fissures আৰু fistula নিৰাময়ৰ বাবে আৰু চৰ্বি কম কৰিবৰ বাবে  দুপৰীয়া  আৰু ৰাতি ভাত খাই উঠি নিয়মিয়াকৈ তিল খাব লাগে। 


১০) বহুত পুৰণি পেটৰ অসুখ থাকিলে বা অৰ্শ ৰোগ (piles) থাকিলে  ক'লা তিল গুৰি কৰি টিপা মাৰি বুটামটো নিচিনা কৰি অকনমান গৰম সেক দিব লাগে।  তাৰ পাছত তিলৰ চেপেটাটো পেটটোৰ ওপৰত সাত বাৰ ঘূৰাই শ্মশানলৈ নি পুতি দিব লাগে।  


১১) কোনো যুৱতী বা কোনো মহিলাৰ মাহেকীয়া সময়মতে নহ'লে বা মাহেকীয়া লৈ কোনো অসুবিধা থাকিলে ১০ বা ১৫ গ্ৰাম ক'লা তিল ২৫০ মিলি লিটাৰ পানীত উতলাই পানী কমি গৈ চাৰি ভাগৰ এভাগ হ'লে গুৰ মিহলাই খাব লাগে ।


১২)  সৰু ল'ৰা ছোৱালীৰ পনীয়া পাইখানা হ'লে ক'লা তিল আৰু মিছিৰি গুৰি এবাৰ খুৱাই দিব  লাগে। 


১৩) শৰীৰৰ কোনো ঠাইত থেতেলা খালে বা আঘাত পালে ক'লা তিল গুৰি কৰি গৰু ঘিঁউ আৰু মৌৰ লগত মিহলাই সানিব লাগে । 

কাৰোবাৰ হাত ভৰিত জুই বা উটলা পানীৰে  পুৰিলে শুকান কৈ ভজা তিল গুৰি কৰি কৰ্পূৰৰ লগত মিলাই সানিলে সোনকালে সুকাব । 


১৪) জন্ম কুণ্ডলীত শণিৰ দোষ থাকিলে  প্ৰবাহিত সোঁতত বা নদীত তিল উটুৱাই দিলে দোষ কাটে বুলি কোৱা হয়।  


১৫) জন্ম কুণ্ডলীত শণি, ৰাহু বা কেতুৰ দোষ  থাকিলে , পিতৃ দোষ থাকিলে  ক'লা তিল গাখীৰত মিলাই শণি বাৰে আহত গছত দিলে দোষ কটা যায়।  Assamese Fact )


জুলা শৰ্মা

গুৱাহাটী


No comments:

Post a Comment

Advertisement

Pages