আহাৰ গ্ৰহণৰ বদভ্যাস : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 25, 2023

আহাৰ গ্ৰহণৰ বদভ্যাস : Assamese Fact

Assamese Fact


আধুনিক জীৱনশৈলীৰ বাবে আজি আমাৰ ডাইনিং টেবুলত বহি খাদ্য খোৱা এক ধাৰাত বা অভ্যাসত পৰিণত হৈছে। Assamese Fact )

কিন্তু অতীতত মানুহে মাটিত বহি আহাৰ গ্ৰহণ কৰিছিল। আজিকালি মানুহে মাটিত বহি খাদ্য খোৱাটো পুৰণি বিচাৰধাৰা বুলি গণ্য কৰে। কেৱল সেইটোৱে নহয়, মানুহে মাটিত বহি খাদ্য খোৱাট লাজো অনুভৱ কৰে। কিন্তু আপুনি জনা উচিত যে মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বিভিন্ন লাভ হয়। কাৰণ আমি মাটিত বহোতে যিদৰে এখন ভৰি আনখন ভৰিৰ ওপৰত থৈ বহো, সেয়া হৈছে এটা আপনি ভংগী। এই ভংগীত খাদ্য খোৱাৰ ফলত খাদ্যৰ সম্পূর্ণ লাভ হয় আৰু হজম শক্তিও উন্নত হয়। 

মাটিত বহি খাদ্য খোৱাৰ লাভালাভ সমূহ হৈছে-

১/মাটিত বহি খাদ্য খালে, শৰীৰক শক্তিশালী কৰে। এই ভংগীত বহি খাদ্য খালে তল পিঠি আৰু পেটৰ চাৰিওফালে পেশীবোৰ টান হয়। যাৰ ফলত বিষৰ সমস্যাৰ পৰা আৰাম পোৱা যায়। 

২/মাটিত বহি খোৱাৰ সময়ত আপোনাৰ হজম প্ৰক্ৰিয়া প্ৰাকৃতিক স্হিতিত থাকে। ফলত পাচন ৰসবোৰে ভালদৰে কাম কৰিব পাৰে। 

৩/মাটিত বহি খাদ্য খালে ওজনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। 

৪/যেতিয়া পৰিয়ালৰ সকলো সদস্য একেলগে মাটিত বহি আহাৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকৰ মাজৰ সম্পর্কও শক্তিশালী হৈ পৰে। আৰু এইদৰে গ্ৰহণ কৰা খাদ্যৰ সোৱাদো দুগুণ হৈ পৰে। 

৫/মাটিত বহি খাদ্য খোৱাই, আপোনাৰ গোটেই শৰীৰটো স্বাস্থ্যকৰ কৰি ৰাখে। পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি ৰাখে। 

৬/মাটিত বহি খাদ্য খোৱাৰ ফলত তেজৰ সঞ্চালন উন্নত হয়। যিয়ে আমাৰ হৃদযন্ত্রটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে৷ যদি আপুনি হৃদৰোগী, তেন্তে আজিৰেপৰা আপুনি মাটিত বহি খাদ্য খোৱাৰ আৰম্ভ কৰিব লাগে। যেতিয়া আপোনাৰ হৃদযন্ত্র শৰীৰ আৰু পেশী স্বাস্থ্যকৰ হৈ থাকে, তেতিয়া আপোনাৰ শৰীৰত তেজৰ সঞ্চালন সুসময়ৰ বাবে সম্পূর্ণ নিশ্চিত হয়। 

৭/মাটিত বহি খাদ্য খালে কেৱল খানা খোৱাই নহয়, এক আসনৰ ভংগীতো থকা যায়। এই আসনৰ ভংগীতোৱে আপোনাক শান্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত মেৰুদণ্ডৰ হাড়দালেও আৰাম পায়।

" আমাৰ মৰমৰ  গাড়ী  বা বাইকখনত  তেল ভৰাওতে সচৰাচৰ আমি  ভাল তেলেই ভৰাও"....পিছে ইন্ধনৰূপী আহাৰ ভৰাওতে  .....?Assamese Fact )

     সচাকৈ নিজৰ গাঠিৰ ধনেৰে কিনা গাড়ীখন মৰমতে চিকচিকিয়া  আৰু বিজুতি হোৱাৰ ভয়ত ভাল তেল /মবিল ভৰাও ।কিন্তু দেখা যায় ব্যস্ততাৰ বাবেই হওক বা আন কাৰনতে হওক  নিজৰ দেহৰুপী গাড়ীখনত ইন্ধন (আহাৰ)ভৰাওতে কমকৈ মনোযোগ দিয়া হয়।বেচিভাগ লোকেই  শৰীৰে বিচৰা সময়মতে  আহাৰ পানী গ্ৰহন নকৰাৰ ফলত বহুতো বেমাৰত ভুগিবলগা হয়-যিতো কথা মন দিয়া নাযায় ॥

ডাকৰ বচনত কৈছে--- 

👄"ভোকত ভাত পিয়াহত পানী সময়ত নাখালে স্বাস্থ্য হানি"

👄"বাচি খাবা  জাগি শুবা ।"

👶" দেহা থাকিলেহে বেহা" ...আদি

✅#আমাৰ_কেইটামান_বদঅভ্যাস;----

👀👀👀👀👀


১।।     আহাৰ খোৱাৰ নিৰ্দিষ্ট সময় নথকা  ।


২।    নিৰ্ধাৰিত সময়ত  পানী নাখাই যতে ততে   

         যেতিয়াই তেতিয়াই খোৱা  বা  সথিক    .

   .     মাত্ৰাতকৈ  কম বা অত্যধিক মাত্ৰাত খোৱা  ।

৩!    আকাৰণত  বা কাৰোবাৰ বাধ্যত  চাহ  নাইবা 

        ইটো সিটো বস্তু খোৱা।

৪ ।    লোভনীয় বস্তু দেখিলেই বা ভাল ব্যঞ্জন পালে 

         উদৰ পুৰাই ডিঙিলৈকে    খোৱা ।


৫।     ভালকৈ নোচোবাই দোৰাদৌৰিকৈ খোৱা ।         

৬।     অধিক দেৰীকৈ খোৱা আৰু খাই উঠি কিছু   

        জিৰনি      নোলোৱাকৈ শোৱা ।( Assamese Fact )


৭।    আহাৰ খাই থাকোতে সঘনাই পানী খাই থকা ।

৮।    সদায়ে মাছ মাংস বা গুৰুপাক আহাৰ খোৱা ।৯।    বাহি আৰু গোন্ধোৱা  আহাৰ খোৱা ।


১০।  নিজা জুতিৰ বাবেই হওক বা অন্য কাৰনতে হওক  দেই যোৱা বা খৰকৈ ভজা আহাৰ খোৱা। 


১১।  হিচাবতকৈ অধিক জলা মচলা খোৱা 


১২।  ৰন্ধন বিজুতি বা আধাসিজা আহাৰ খোৱা


১৩।  ৰন্ধনত স্বাস্থ্যনসন্মত ব্যঞ্জণৰ বাচনি নথকা


১৪ । একে সময়তে  দুবাৰ খোৱা ।


 ১৫।  ওজৰ আপত্তি বা অশান্তিকৈ আহাৰ খোৱা।        

            এনেকুৱা বহুধৰনৰ বদভ্যাসৰ বাবে পেটৰ তথা শৰীৰত বিভিন্ন ৰোগে বাহ লোৱা দেখা যায় । পেটৰ যন্ত্ৰ সমুহক ২৪ঘন্টাই কাম কৰিবলৈ নিদি মাজে মাজে (সপ্তাহ/পষেকত/ জিৰণি দি উপবাস কৰাতো ভাল ।

           শেষত দুফাকি--

 #দেহটোক_মৰম_কৰক ,  দেহৰ বা পেটৰ ওপৰত অত্যাচাৰ কৰা মানে নিজে নিজক প্ৰবঞ্চনা কৰা।

 "#অন্নমুঠি_খাওতে_প্ৰফুল্লচিত্তে_ভগৱানৰ_প্ৰসাদ #বুলি_খাব"



Assamese Fact )


No comments:

Post a Comment

Advertisement

Pages