উত্তৰ-পূব দিশত কেতিয়া কেনেদৰে বাস্তুদোষ হয় আৰু সক্ৰিয় কৰিবলৈ সমিধান জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 18, 2023

উত্তৰ-পূব দিশত কেতিয়া কেনেদৰে বাস্তুদোষ হয় আৰু সক্ৰিয় কৰিবলৈ সমিধান জানি লওক : Assamese Fact

Assamese Fact


উত্তৰ-পূৱ(ঈশ্বান)দিশ #বৃহস্পতি গ্ৰহৰ প্ৰভাৱ #জ্ঞান প্ৰজ্ঞা আৰু ধ্যান-ধৰ্ম #সম্পত্তি #উপাৰ্জন# বুদ্ধি #বৃদ্ধি #এই দিশটো কেতিয়া কেনেদৰে বাস্তুদোষ হয়# সক্ৰিয় কৰিবলৈ সমিধান ইত্যাদি।( Assamese Fact )


উত্তৰ-পূৱ দিশত ৰুদ্ৰ অৰ্থাৎ ভগৱান শিৱৰ অৱস্থান আৰু এই দিশটো বৃহস্পতি গ্ৰহটোৱে পৰিচালনা কৰে।বাস্তুপুৰুষৰ সোঁ-চকু আৰু সোঁ-বাহু প্ৰভাৱিত কৰে।ৰাশি চক্ৰৰ দ্বিতীয় আৰু তৃতীয় ঘৰ দুটা উত্তৰ-পূব কোণৰ পৰিসৰৰ অন্তৰ্ভুক্ত।ফেংছুই শাস্ত্ৰ অনুসৰি এই দিশটোৱে আমাৰ শিৰোদেহ পৰিচালনা কৰে।আমি কি ভাবিম,আমাৰ চিন্তাবোৰ কেনেকুৱা হ'ব,খং-ৰাগ,হতাশা-নিৰাশা ইত্যাদি ঘৰটোৰ এই দিশটোৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।এই দিশটো অতি উচ্চ শক্তি সম্পন্ন আৰু পবিত্ৰ। সেয়েহে এই দিশটোৰ সুৰক্ষা অতি প্ৰয়োজন।যিখন ঘৰৰ এই দিশটো সঠিক বাস্তুনীতিৰ অন্তৰ্ভুক্ত হয় সেই ঘৰখনত সুখ-শান্তি অটুত থাকে।আৰ্থিক দিশটো টনকীয়াল হয়,উপাৰ্জনৰ পথ সুগম হয়,সা-সম্পত্তি বৃদ্ধি হোৱাৰ লগতে সুৰক্ষিত হয়। অলাগতীয়াল ব্যয় হ্ৰাস পায় সঞ্চয় বৃদ্ধি পায়।বাসিন্দা সকল ন ন জ্ঞান,সু-চৰিত্ৰ, শিক্ষা তথা আধ্যাত্মিকতাৰে সমৃদ্ধ হয়।ইয়াৰ উপৰিও ধৈৰ্যশীল হোৱাৰ লগতে ধাৰ্ম্মিক আৰু উদাৰ হয়।


বাস্তু শাস্ত্ৰৰ মতে উত্তৰ-পূব দিশটো অতি ইতিবাচক কোণ যিয়ে প্ৰগতিশীল শক্তিৰ সৃষ্টি কৰে। বাস্তু আৰু ফেংছুই  নিৰ্দেশনা অনুসৰি এই দিশটো ঘৰৰ মন্দিৰৰ বাবে আদৰ্শ স্থান বুলি গণ্য কৰা হয়।আমাৰ চৌপাশে থকা দিশ সমূহৰ ভিতৰত উত্তৰ-পূৱ দিশটো এটা ঘৰৰ আটাইতকৈ আশাব্যঞ্জক দিশ।উত্তৰ-পূব কোণটোৱে ভাল শক্তি আকৰ্ষণ কৰে যিয়ে ঘৰৰ সুস্বাস্থ্য, ধন-সম্পত্তি আৰু সামগ্ৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ বিপৰীতে এই দিশটো বাস্তুশাস্ত্ৰৰ নীতি বহিৰ্ভূত হ'লেই এই দিশটোৰ প্ৰগতিশীল শক্তিসমূহ স্থবিৰ হৈ পৰে।ফলস্বৰূপে মানসিক অশান্তি,জ্ঞান আহৰণ তথা সফলতাত বাধা,লোকচান,আৰ্থিক ক্ষতি,হতাশা- নিৰাশা ইত্যাদিয়ে আগুৰি ধৰিব।

    বাস্তু আৰু ফেংছুই শাস্ত্ৰ অনুসৰি ঘৰখনৰ উত্তৰ-পূৱ দিশটোৱে শিক্ষা আৰু পেছাগত সুযোগ সুবিধা সমূহ বাসিন্দাসকললৈ কঢ়িয়াই আনে।কিন্তু ইয়াৰ বিপৰীতে যেতিয়া এটা ঘৰ বা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ উত্তৰ-পূৱ দিশটোত সমস্যা থাকে,বাধা থাকে বাস্তু ফেংছুই নীতি বহিৰ্ৰভূত হয় তেতিয়াই এই দিশটোৱে নেতিবাচক ফল প্ৰদান কৰিবলৈ আৰম্ভ কৰে।মূলত: বাস্তু-ফেংছুই নীতি সন্মত সুৰক্ষিত উত্তৰ-পূৱ দিশটো ঘৰখনৰ বাসিন্দা সকলৰ সৌভাগ্য আৰু মানসিক শান্তিৰ আকৰ।


      কেতিয়া কেনেকৈ এই প্ৰগতিশীল আশাব্যঞ্জক দিশটো বাস্তুদোষৰ অন্তৰ্গত হয়,সমস্যা সমূহ কেনেধৰণৰ হ'ব পাৰে,বৃহস্পতি গ্ৰহ আৰু উত্তৰ পূৱৰ লগত গ্ৰহটোৰ সম্পৰ্কৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ আগতে উত্তৰ উত্তৰ-পূৱৰ লগত উত:প্ৰোত: ভাৱে জৰিত হৈ থকা আন এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা আগবঢ়াম। 


বাস্তুৰ আঁৰৰ বিজ্ঞান আৰু বাস্তু শাস্ত্ৰৰ নীতিত

পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখন---


উত্তৰ উত্তৰ-পূৱ দিশটো পৃথিৱীৰ চুম্বকীয় তৰংগৰ উৎপত্তিৰ দিশ।এই দিশৰ পৰাই সমগ্ৰ দিশসমূহলৈ বিচ্ছূৰিত হয় এই পৱিত্ৰ,শক্তিশালী চুম্বকীয় শক্তি।কংক্ৰিটৰ চাৰিবেৰৰ মাজত এই শক্তিখিনিক বাধাহীন ভাবে গতি কৰিবলৈ সুবিধা কৰি,শুদ্ধ বাস্তুনীতি অনুসৰণৰ জৰিয়তে এই পৱিত্ৰ নিৰাকাৰ শক্তিখিনিক পৰিয়ালৰ সৰ্ব্বতো প্ৰকাৰৰ উন্নতি ও সম্প্ৰসাৰণৰ অৰ্থে ব্যৱহাৰ কৰিব পৰাৰ যি নীতি সেইয়াই হৈছে  ভাৰতবৰ্ষৰ অতি প্ৰাচীনতম স্থাপত্য কলা 'বাস্তুশাস্ত্ৰ'।

এই জীৱজগতৰ ওপৰত সূৰ্যৰ প্ৰভাৱৰ পিচতে প্ৰভাৱ পেলোৱা আন এটা অতি প্ৰভাৱশালী কাৰক হ’ল পৃথিৱীৰ 'চুম্বকীয় ক্ষেত্ৰ'।পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই মানুহ আৰু প্ৰাণীক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে বুলি বৈজ্ঞানিকভাৱে ইতিমধ্যেই প্ৰমাণিত।


পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখন বাস্তু শাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ কাৰক--- 


হাজাৰ হাজাৰ বছৰৰ আগতে বাস্তুশাস্ত্ৰৰ গৱেষকসকলে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ মানুহৰ ওপৰত হোৱা বিৰূপ প্ৰভাৱৰ লগতে ইতিবাচক প্ৰভাৱৰ বিষয়ে জানিছিল।আৰু সেয়েহে বাসস্থানৰ ছৱি প্ৰস্তুত কৰাৰ সময়ত এই চুম্বকীয় শক্তিৰ প্ৰতি লক্ষ্য ৰাখিছিল।বাস্তুৱে নিশ্চিত কৰে যে মানুহে নিজৰ ঘৰত থকাৰ সময়ত সঠিক চুম্বকীয় অক্ষৰ সৈতে অহৰহ প্ৰান্তিককৰণত থাকে, যিয়ে তেওঁলোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱাত সহায় কৰে। পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত নিৰৱচ্ছিন্ন প্ৰবাহ বজাই ৰাখিবলৈ হ’লে ঘৰ/ বিল্ডিং এটাৰ মধ্যস্থলত / ব্ৰহ্মস্থলত কোনো স্তম্ভ স্থাপন নকৰাটো অতি প্ৰয়োজনীয় আৰু উত্তৰ আৰু উত্তৰ-পূৱ দিশত খিৰিকীৰ সংখ্যা দক্ষিণৰ খিৰিকীৰ সংখ্যাতকৈ দুগুণ হ’ব লাগে, যাৰ ফলত উত্তৰৰ পৰা অহা চুম্বকীয় ধনাত্মক প্ৰবাহৰ সৰ্বোচ্চ ব্যৱহাৰ হ'ব।ইয়াৰ সঠিক ব্যৱহাৰে মানসিক বিকাশ বৃদ্ধি কৰে ফলস্বৰূপে সঠিক সিদ্ধান্ত লোৱা আৰু সমৃদ্ধি লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হয়।

     

     উপৰুক্ত কাৰণত উত্তৰ আৰু উত্তৰ-পূৱ দিশত কেতিয়াও কোনো ধৰণৰ ষ্ট'ৰ কোঠা কেতিয়াও প্ৰতিষ্ঠা কৰিব নালাগে। কানো ধৰণৰ আবৰ্জ্জনা গোটাব নালাগে।এই দিশটোত সদায় এটা প্ৰাৰ্থনা কোঠা প্ৰতিষ্ঠা কৰিব লাগে। গোসাঁইৰ মূৰ্ত্তি অথবা ফটো সদায় উত্তৰ অথবা পূৱ দিশত প্ৰতিষ্ঠা কৰিব লাগে,যাতে পূৱ অথবা উত্তৰলৈ মুখ কৰি পূজা কৰিব পৰা যায়।এই দিশ দুটা পঢ়া-শুনা কৰিবলৈ অতি উত্তম।এইখিনিতে মন কৰিব লগীয়া বিষয়টো হ'ল -- পূৱ,উত্তৰ অথবা উত্তৰ পূৱলৈ মুখ কৰি যাতে বহিব পাৰে এই বিষয়টো লক্ষণীয় হ'ব।ফলস্বৰূপে তেজৰ সঠিক সঞ্চালনৰ ফলত ল'ৰা ছোৱালীবোৰৰ মনোযোগিতা বাঢ়িব,পঢ়াবোৰ মনত ৰাখিব পাৰিব, ধৈৰ্য শক্তি বৃদ্ধি পাব,খঙৰাগ হ্ৰাস পাব।ব্যৱসায়ী, কনচালণ্টেন সকলে সহজে সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আৰু অধিক সময় সতেজতা অনুভৱ কৰিব।


      এইখিনিতে আনুসাংগিক আন এটা বিষয় এইবাৰৰ এই লিখনিটোত উল্লেখ নকৰিলে যোৱা এটা দশকৰো অধিক নেৰানেপেৰা অধ্যয়নৰ পোকটোৱে অমুকিক শান্তি নিদিব।পঢ়ুৱৈ সকলৰ লগতে ফ'ল'ৱাৰ্চ সকলযে উপকেত হ'ব সেই কথাষাৰ আমি এশ শতাংশই নিশ্চিত।আনকি চুম্বকীয় ক্ষেত্ৰখনৰ সমগ্ৰ বাস্তু স্থাপত্য কলাৰ মূলসূত্ৰৰ মূলসূতিঁতে আধৰুৱা হৈ ৰ'ব যদিহে তলৰ কথাষাৰ আপোনালোকক নজনাও।


কোনো অন্তৰায়/ ব্যাঘ্যাত নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক ---

আপোনাৰ বাবে শিতানৰ শুভ দিশ কোনটো ?কোনটো দিশত মূৰথৈ শুব -? 

         পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱৰ বাবেই দক্ষিণ দিশত মূৰ থৈ শোৱাতো শুভ বুলি মানি অহা হৈছে।কাৰণ এই চুম্বকীয় শক্তি অথবা তৰংগ পৃথিৱীৰ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ গতি কৰে। অৰ্থাৎ প্ৰসাৰিত হয়। সেইদৰে মানৱ শৰীৰত এই চুম্বকীয় ঢৌ  অথবা তৰংগ মূৰৰ পৰা ভৰিলৈ বিকিৰণ অথবা নিৰ্গমন হয়।এই কাৰণেই মানৱ দেহৰ শিৰৰ অংশক উত্তৰায়ণ আৰু ভৰিৰ অংশক দক্ষিণায়ন বুলি কোৱা হয়।যদিহে উত্তৰত মূৰথৈ শোৱা কামটো কৰা হয়, এনে ক্ষেত্ৰত এই দিশত চুম্বকীয় বলৰ প্ৰভাৱ নাথাকিব আৰু পৃথিৱীৰ উত্তৰ মেৰুৰ চুম্বকীয় বলে ব্যক্তিজনৰ শিৰৰ চুম্বকীয় বলক প্ৰত্যাখান কৰি আঁতৰাই পঠিয়াব। ফলস্বৰূপে ব্যক্তিজনৰ শৰীৰত অত্যাৱশ্যকীয় তথা অনুকুল তেজৰ সঞ্চালন হোৱাত সমস্যাৰ সৃষ্টি হ'ব।এটা শান্তিপূৰ্ণ ও গভীৰ নিদ্ৰা পাবলৈ অসমৰ্থ হ'ব। ফলস্বৰূপে উত্তৰ দিশত মূৰথৈ শোৱা ব্যক্তিজনৰ স্নায়বিক উত্তেজনাৰ সৃষ্টি হ'ব, সকলো কাৰ্যতে মনোযোগ হ্ৰাস পাব, স্মৃতি শক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। চুম্বকীয় প্ৰবাহৰ পথ তেতিয়া সম্পূৰ্ণ হয় যেতিয়া এজন ব্যক্তিয়ে দক্ষিণ দিশত মূৰ থৈ আৰু উত্তৰত ভৰি থৈ শোৱা কাৰ্যটো সমাপন কৰে।


বৈদিক জ্যোতিষত বৃহস্পতিৰ তাৎপৰ্য এইখিনিতে উল্লেখনীয় হ'ব•••

জ্যোতিষত বৃহস্পতি হৈছে “গুৰু”, ই আমাক অজ্ঞানতাৰ পৰা প্ৰজ্ঞাৰ পোহৰলৈ লৈ যায়। ই জ্ঞান, আধ্যাত্মিকতা, ধৰ্ম, উচ্চ শিক্ষা, গৱেষণা, দৰ্শন, আশাবাদৰ লগতে  জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশক প্ৰতিনিধিত্ব কৰে।বৃহস্পতিগ্ৰহটোৱে শুদ্ধচিন্তাধাৰা, মেধা সম্পন্ন,সুস্থিৰ চিন্তাধাৰা,নাৰীৰ ভাগ্যৰ লগতে আমাৰ জীৱনৰ মতাদৰ্শক প্ৰতিনিধিত্ব কৰে।

 

আধ্যাত্মিকভাৱে ই বিশ্বাস,ধৰ্ম, দৰ্শন,জীৱনৰ চূড়ান্ত সত্যৰ সন্ধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বৃহস্পতি গ্ৰহই এজন ব্যক্তিৰ কোনো এটা বিষয়ৰ বিষয়ে জনাৰ অন্তৰ্নিহিত কৌতুহল নিয়ন্ত্ৰণ কৰে আৰু এইদৰে পৃথিৱী অন্বেষণৰ কৌতুহলতাই বিদেশ ভ্ৰমণৰ ভাগ্যৰ লগতো এই গ্ৰহটো জৰিত হৈ পৰে।( Assamese Fact )


বৈদিক জ্যোতিষত বৃহস্পতিক সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়, গতিকে স্বাভাৱিকতে ভাগ্য, সৌভাগ্য আৰু ধন-সম্পত্তিৰ সৈতে জড়িত। জন্ম চক্ৰত এই গ্ৰহৰ শুভ অৱস্থানে ব্যক্তিজনৰ জৱনলৈ অহা সুযোগ সুবিধাবোৰক ধন-সম্পত্তিলৈ ৰূপান্তৰিত কৰি সৌভাগ্যৱান কৰি তোলে।শনি গ্ৰহ শিক্ষক হোৱাৰ বিপৰীতে বৃহস্পতি অধিক সহপাঠী যিয়ে বৃদ্ধি ও বিকাশত সহায় কৰে আৰু এজন ব্যক্তিক সঠিক দিশত সঠিক পথত বিকাশসাধনত মাৰ্গদৰ্শন কৰে।আমাক জ্ঞান আৰু ধন-সম্পত্তি প্ৰদান কৰে।

     ইয়াৰ বিপৰীতে দুৰ্ব্বল অথবা অশুভ বৃহস্পতিয়ে অলসতা নিৰাশাবাদ,সন্দেহ পৰায়ণতা, ভোগ-বিলাসৰ পৰা বঞ্চিত,শিক্ষা সম্পূৰ্ণ কৰাত অন্তৰায়,ছোৱালীৰ বিবাহত পলম ও বাধা ইত্যাদি সমস্যাবোৰ উল্লেখনীয়।


বৈদিক জ্যোতিষত বৃহস্পতি শিশুৰ লগত জড়িত হোৱাৰ লগতে “পুত্ৰকাৰক”। বৃহস্পতি মূলতঃ ‘প্ৰসাৰণ’ৰ বিষয়। ই আমাৰ জন্মচক্ৰত যিটো ঘৰত অৱস্থান কৰে সেই ভাগটোৰ প্ৰসাৰসাধন কৰে।উদাহৰণ স্বৰূপে জন্ম চক্ৰৰ আয় আৰু লাভৰ ১১ নং ভাগত অৱস্থান কৰিলে সাধাৰণতে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ সম্প্ৰসাৰণ ঘটে।  

  

  

বৃহস্পতি হৈছে ধন-সম্পত্তি, উদাৰতা, ধাৰ্মিকতা, অন্তৰ্নিহিত মঙ্গল আৰু প্ৰজ্ঞাৰ কৰাক।বৈদিক জ্যোতিষত বৃহস্পতি গ্ৰহ দাতা বুলি জনা যায় আৰু আশা নকৰাকৈয়ে বিস্তাৰিত হোৱাৰ বাবে ই সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ উদাৰ।জন্মচক্ৰত ইয়াৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে সেই নিৰ্দ্দিষ্ট ব্যক্তি জনৰ আধ্যাত্মিক দৃষ্টিভংগী, মানসিক পৰিস্থিতি, শিক্ষা,বিশ্বাস,ধৰ্ম গ্ৰহণ আৰু বস্তুবাদী অৱস্থানৰ সংজ্ঞা ইত্যাদি।

  

জন্মকুণ্ডলীত শুভ স্থানত বৃহস্পতিৰ অৱস্থানে সফলতা,সমৃদ্ধি, ইতিবাচক মনোভাৱ আৰু আধ্যাত্মিক প্ৰৱণতা, ন্যায় আৰু সমতাৰ উচ্চ অনুভূতি আৰু শিক্ষকৰ সৈতে ভাল সম্পৰ্কৰ ইংগিত দিয়ে।এনে লোকসকল সাধাৰণতে সমগ্ৰ সমাজৰ শুভাকাংক্ষী হয়। কিন্তু অত্যধিক শক্তিশালী বৃহস্পতিয়ে কেতিয়াবা অত্যধিক আশাবাদী ব্যক্তিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত জীৱনত সমস্যা আৰু আধ্যাত্মিক স্থবিৰতা আহিব পাৰে।


যেতিয়া বৃহস্পতি গ্ৰহ দুৰ্বলভাৱে ৰাশিফলত অৱস্থান কৰে তেতিয়া মানুহজনক জীৱনৰ ভুল দিশ বাছি ল’বলৈ বাধ্য কৰে। এনে ব্যক্তিয়ে হয়তো কোনো অভিভাৱকৰ আশীৰ্বাদ নাপাব,মতবিৰোধ হ'ব  বা তেওঁৰ শিক্ষকে তেওঁৰ প্ৰতি অৱজ্ঞা কৰিব পাৰে।গুৰুস্থানীয় ব্যক্তিৰ লগত শত্ৰুতা ইত্যাদি উল্লেখযোগ্য।

দুৰ্বল বৃহস্পতি থকা লোকসকলে সাধাৰণতে একাগ্ৰতা, আত্মবিশ্বাস আৰু বিশ্বাসৰ অভাৱত ভোগে। তেওঁলোকৰ জীৱনৰ প্ৰতি নিৰাশাবাদী দৃষ্টিভংগীৰ আৰু অত্যধিক বস্তুবাদী হয়।আনহাতে এনে লোকসকলে জীৱনত প্ৰায়ে আৰ্থিক অসুবিধাৰ সন্মুখীন হয়।আধ্যাত্মিক শান্তিৰ প্ৰতি জ্ঞাত নহয়।


জন্ম কুণ্ডলীত শত্ৰু গ্ৰহ ও অশুভ গ্ৰহ যুক্ত,অশুভ অথবা শত্ৰু গ্ৰহ দুষ্টিযুক্ত বৃহস্পতিয়ে বংশবৃদ্ধিত সমস্যাৰ ইংগিত দিয়ে।ছোৱালীৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত বাধা ও সমস্যা থাকে। লগতে মেদবহুলতা, ডায়েবেটিছ, যকৃত, অগ্নাশয়, ভৰি, নিতম্বৰ সৈতে জড়িত সমস্যা আদিৰ সৃষ্টি হ’ব পাৰে। 


উল্ল্যেখযোগ্যযে যিসকল ব্যক্তিৰ জন্ম চক্ৰত বৃহস্পতি অশুভ হয় তেওঁ নতুনকৈ সাজিবলৈ লোৱা ঘৰটোত,কিনিবলৈ লোৱা মাটি টুকুৰাত আনকি ভাড়াঘৰটোত অথবা চৰকাৰী বাসগৃহটোৱে হওক উত্তৰ-পূৱ দিশটো বাস্তুনীতি বহিৰ্ভৃত হোৱাৰ সম্ভাৱনা অধিক।  


    বৃহস্পতি গ্ৰহৰ তাৎপৰ্যৰ পৰা শুভ অশুভ অৱস্থানৰ বিষয়ে বিষদ ভাবে উল্লেখ কৰাৰ কাৰণটো পঢ়ুৱৈ সকলে হয়তো নিশ্চয়কৈ বুজিব পাৰিছে।হয়,আমাৰ ঘৰ অথবা কাৰ্যলয়টোৰ উত্তৰ-পূৱ দিশটো যেতিয়া সমস্যা জৰ্জৰিত হ'য়,বাস্তুনীতি বহিৰ্ভূত হয়,আৱৰ্জ্জনাযুক্ত হয় ইত্যাদি তেতিয়া ফলাফল সদায় নেতিবাচক হয়।সেই পৰিৱেশটোত বাস কৰা ব্যক্তিসকলে ওপৰত উল্লেখিত বৃহস্পতি গ্ৰহৰ পৰা পাব পৰা অশুভ ফলাফল সমূহ লাভ কৰিব।আৰু ইয়াৰ বিপৰীতে আৱৰ্জ্জনামুক্ত বাস্তুনীতিসন্মত উত্তৰ-পূৱ দিশটোৱে বাসিন্দা সকলক বৃহস্পতি গ্ৰহৰ পৰা পাব পৰা সকলো ইতিবাচক,শুভ ফলাফল ভোগ কৰিবলৈ সক্ষম হ'ব।এনে এখন ঘৰত ঘৰুৱা শান্তি ও মনৰ শান্তি  অটুত থাকে।


 উত্তৰ-পূব দিশৰ বাস্তু দোষ কেনেকৈ শুধৰাব আৰু প্ৰতিকাৰ ---

 

বাস্তুশাস্ত্ৰ অনসৰি উত্তৰ-পূব কোণত এটা মাষ্টাৰ বেডৰুম কেতিয়াও হ'ব নালাগে।ফলস্বৰূপে স্বাস্থ্যজনিত সমস্যা আৰু স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত কেৰুণ লাগে, বৈবাহিক সংঘাতৰ সৃষ্টি হ’ব পাৰে।প্ৰতিকাৰ হিচাপে--

১) এই কোঠাটোত বিচনাখন দক্ষিণ দিশত মূৰ থৈ শুব পৰাকৈ কোঠাটোৰ দক্ষিণ-পশ্চিম কোণত প্ৰতিষ্ঠা কৰক।

২) উত্তৰ-পূব দিশত বাস্তু শুধৰণি যন্ত্ৰ এটা প্ৰতিষ্ঠা কৰক। 

৩)বেৰত পাতল নীলা, হালধীয়া বা সেউজীয়া ৰং ব্যৱহাৰ কৰক।

৪) ক্ৰিষ্ট্ৰেল বল প্ৰতিষ্ঠা কৰক।কিন্তু নিয়মিতভাৱে পৰিষ্কাৰ কৰক। 

৫)বিচনাৰ বিপৰীতে থকা বেৰত দাপোন ব্যৱহাৰ নকৰিব।

৬)সুগন্ধিত মমবাতি আৰু সুগন্ধি তেল,চন্দন ধূপ ব্যৱহাৰ কৰক।লেভেণ্ডাৰৰ যুক্ত তেল ব্যৱহাৰ কৰক।


৭)সকলো ঋণাত্মক শক্তি শোষণ কৰিবলৈ সৰু বাটি এটাত সাগৰীয় নিমখ বা কৰ্ফূৰ প্ৰতিষ্ঠা কৰক।


৮)বতাহৰ ঝুলনেও ইতিবাচক পৰিবেশ সৃষ্ট কৰে।গতিকে খিৰিকীৰ ওচৰত এডাল চিৰামিক অথবা গ্লাচৰ উইণ্ডচাইম ওলোমাই ওলোমাই দিয়ক।


 

  বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ-পূব কোণত কেতিয়াও এটা পাকঘৰ হ'ব নালাগে।এই পাকঘৰটোৱে  পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰে। উত্তৰ-পূব হৈছে পানী তত্বৰ অঞ্চল আৰু ৰন্ধা-বঢ়া অগ্নি উপাদানৰ সৈতে জড়িত। যিহেতু জুই আৰু পানী অসঙ্গতিপূৰ্ণ,গতিকে জুই তত্বই উত্তৰ-পূব অঞ্চলৰ ধনাত্মক শক্তিসমূহ ধ্বংস কৰে।


প্ৰতিকাৰ---

১)এই দোষটো শুধৰাবলৈ পাকঘৰটো ঘৰৰ দক্ষিণ-পূব দিশলৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰক।স্থানান্তৰ কৰিব নৱাৰিলে উত্তৰ-পূৱৰ পাকঘৰটোত তলত দিয়া প্ৰতিকাৰ সমূহ প্ৰয়োগ কৰি এই দিশৰ ইতিবাচক প্ৰভাৱ সমূহ সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব।


২) যদি উত্তৰ-পূৱ দিশতে পাকঘৰটো ৰাখিব লগীয়া হয় এনেক্ষেত্ৰত দক্ষিণ-পূব দিশত ৰন্ধন চৌকাটো প্ৰতিষ্ঠা কৰক।

৩)বাস্তু দোষৰ কু-প্ৰভাৱ হ্ৰাস কৰিবলৈ হালধীয়া বেৰত হালধীয়া ৰং ব্যৱহাৰ কৰক।

 

৪)উত্তৰ-পূৱ দিশত দেৱী অন্নপূৰ্ণাৰ ফটো এখন বা এটা সৰু মূৰ্তি ৰাখক।


৫)উত্তৰ-পূব দিশত এটা বাস্তু কলহ উৎকৃষ্ট প্ৰতিকাৰ।


৬)ইতিবাচক শক্তিৰ বাবে আপোনাৰ পাকঘৰত কৰ্পূৰ জ্বলাই লওক।


৭)পাকঘৰৰ খিৰিকীত তুলসী,পদিনা,আজৱাইন গছ টাৱত ৰুৱক।


৮)উত্তৰ-পূৱৰ পাকঘৰটোৰ উৎকৃষ্ট প্ৰতিকাৰৰ বাবে কনচালটেনচিৰ প্ৰয়োজন হ'ব।

 


উত্তৰ-পূৱ দিশত এটা শৌচাগাৰ থকাটো বাস্তু নীতিৰ বহিৰ্ভূত।এইয়া কঠোৰভাৱে অবাঞ্ছনীয়,কিয়নো ইয়াৰ ফলত উৎপত্তি হোৱা ঋণাত্মক শক্তি প্ৰবাহে এই দিশৰ আধ্যাত্মিক আশাব্যঞ্জক শুভ ধনাত্মক শক্তি প্ৰৱাহক অহৰহ ধ্বংস কৰে।এই দিশত এটা শৌচাগাৰ অথবা গা-ধোৱা ঘৰ প্ৰতিষ্ঠা কৰাৰ পৰা বিৰত থাকক। কেইটামান প্ৰতিকাৰ আগবঢ়ালো এই দিশৰ শৌচাগাৰটৈৰ বাবে।


১)ভাৰ্চুৱেল শ্বিফটিং কাঁড় বাস্তুশাস্ত্ৰৰ এটা আতি উত্তম প্ৰতিকাৰ।উত্তৰ-পূবৰ শৌচাগাৰটো যদি হঠাতে আঁতৰাই দিব নোৱাৰি এনে ক্ষেত্ৰত উত্তৰ-পশ্চিম দিশলৈ আঙুলিয়াই তিনিটা ভাৰ্চুৱেল শ্বিফটিং কাঁড় চিহ্ন প্ৰতিষ্ঠা কৰক।


২)নেতিবাচকতা হ্ৰাস কৰিবলৈ শৌচাগাৰৰ ভিতৰত আৰু বাহিৰত দুৱাৰৰ ওচৰতে এখন মাটিৰ চাকিত সাগৰীয় নিমখ প্ৰতিষ্ঠা কৰক।


৩)ব্যৱহাৰ কৰাৰ পিছত পৰিষ্কাৰ কৰি শৌচাগাৰৰ দুৱাৰ সদায় বন্ধ কৰি থ'ব লাগে।


৪)উত্তৰ দিশত এখন আইনা প্ৰতিষ্ঠা কৰক।নিশ্চিত হওক যে আইনাখনে পানীৰ টেপ,পানী জমা কৰা পাত্ৰ,কমোদটো প্ৰতিফলিত নকৰে।


৫) স্পাইডাৰ প্লেণ্ট এজোপা প্ৰতিষ্ঠা কৰক।ই  নেতিবাচকতা শোষণ কৰিব আৰু বায়ু বিশুদ্ধকৰণৰ বাবেও ইহঁত অতি উত্তম।


৬)উত্তৰ-পূবত স্থাপন কৰা শৌচাগাৰ এটা সকলো সময়তে পৰিপাটি আৰু পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক।



যিবোৰ ঘৰৰ উত্তৰ-পূব দিশটো কাটি যোৱা হয় অথবা এই দিশটো ভিতৰলৈ সোমাই অহা অৱস্থাত থাকে,এই ঘৰৰ বাসিন্দা সকল অসুস্থতা আৰু হতাশাত ভোগাৰ লগতে আৰ্থিক ক্ষতি হোৱাটো নিশ্চিত।  

প্ৰতিকাৰ সমূহ---

১)দুখন দাপোন এনেদৰে প্ৰতিষ্ঠা কৰক যাতে দাপোনত কাটি যোৱা অংশ প্ৰতিফলিত নহয় আৰু দাপোন দুখনো মুখামুখিকৈ নাথাকে। 

২)উত্তৰ-পূব অঞ্চলত বাস্তু মংগল কলহ প্ৰতিষ্ঠা কৰক।ইয়াৰ দ্বাৰা উত্তৰ-পূব অঞ্চলত মহাজাগতিক শক্তিৰ প্ৰবাহ বৃদ্ধি পাব, সংশোধন আৰু ভাৰসাম্য ৰক্ষা হ'ব।

৪)উত্তৰ-পূবত এটা সৰু পানীৰ ফোৱাৰা, মাৰ্বলৰ পানীৰ পাত্ৰ বা পানীৰ পিৰামিড প্ৰতিষ্ঠা  কৰক।

৫)অন্তহীন পথৰ এখন ছবিয়ে হেৰাই যোৱা চুকটোক এটা সম্প্ৰসাৰণ দিব।এটা ভাৰ্চুৱেল সংশোধন দিব। 


চেপ্টিক টেংক---

১)বাস্তু শাস্ত্ৰ অনুসৰি উত্তৰ-পূব দিশত চেপ্টিক টেংক এটা এৰাই চলাটোৱেই উত্তম। চেপ্টিক টেংকটো মূল ঘৰটোৰ প্লিন্থ স্তৰৰ ওপৰত হ’ব নালাগে আৰু চৌহদৰ বেৰখন স্পৰ্শ কৰিব নালাগে।

২)চেপ্টিক টেংকত হালধীয়া ৰঙ কৰক যাতে ইয়াৰ কু-প্ৰভাৱ হ্ৰাস পায়।  


 

অ'ভাৰ হেড টেংকি---

১)বহু ঘৰত উত্তৰ-পূব কোণত থকা পূজা কক্ষৰ ওপৰত পানীৰ টেংকি স্থাপন কৰে যিটো বাস্তু নীতি সন্মত নহয়। এই দিশৰ পানীৰ টেংকিটো ৰঙা ৰঙ ৰং কৰক।


উত্তৰ-পূৱ দিশৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰতিকাৰ---

 

এটা ঘৰৰ সন্মুখভাগৰ বাবে সৰ্বোত্তম দিশ হ’ল উত্তৰ, পূব বা উত্তৰ-পূব।যদি আপোনাৰ ঘৰটো সন্মুখভাগথএই তিনিটা দিশৰ কোনো এটা দিশৰ ফালে মুখ কৰি থকা নাই, তেন্তে 


উত্তৰ-পূব কোণত এটা তুলসী ৰুৱক। বাস্তু শাস্ত্ৰৰ মতে তুলসী অন্যতম শক্তিশালী, পবিত্ৰ আৰু শুভ উদ্ভিদ যিয়ে ঘৰতটোত ইতিবাচকতা বৃদ্ধি কৰে।


ঘোঁৰাৰ নাল ওপৰলৈ আঙুলিযাই মূল দুৱাৰৰ প্ৰতিষ্ঠা কৰক,কিয়নো ইয়াৰ দ্বাৰা শুভ শক্তি আকৰ্ষণ হয় বুলি বিশ্বাস কৰা হয়।


ঘৰৰ মূল প্ৰৱেশদ্বাৰত গণেশৰ মূৰ্তি আৰু ময়ুৰৰ পাখি প্ৰতিষ্ঠা কৰক। 


মূল দুৱাৰৰ ওপৰত তামৰ স্বস্তিকা ৰাখি ধনাত্মক শক্তি আকৰ্ষণ কৰিব পাৰি।

 

চিৰি বা খটখটি --

বাস্তু অনুসৰি উত্তৰ-পূব কোণত চিৰি নিৰ্মাণ কৰিব নালাগে।পৰাপক্ষত এই খটখটি স্থায়ী ভাবে আঁতৰাই পেলাব লাগে। তথাপিও এই দিশত থকা----

১)চিৰিৰ শেষ দুটা তামৰ কাছ মুখা মুখিকৈ প্ৰতিষ্ঠা কৰক। 

২)এনে খটখটিৰ শেষত অৰ্থাৎ দক্ষিণ-পশ্চিম দিশত এটা কোঠা থকাটো বাঞ্ছনীয়।দক্ষিণ-পশ্চিম দিশত এটা অ'ভাৰ হেড পানীৰ টেংকি প্ৰতিষ্ঠা কৰক।ই এক শক্তিশালী প্ৰতিকাৰ।

৩)উত্তৰ-পূবৰ খটখটিৰ অন্যতম উত্তম প্ৰতিকাৰ ৰ বাবে কনচালটেনচিৰ প্ৰয়োজন হ'ব। 


  উত্তৰ-পূব দিশটো সদায় মুকলি আহল বহল আৰু সুচল ভাবে বতাহ চলাচল হ'ব লাগে।সেউজীয়া গছ গছনি ৰুপণ কৰিব লাগে।উত্তৰ-পূব দিশতটোত ধন সম্পদৰ অধিস্থিত দেৱতা হৈছে কুবেৰ।সেয়েহে জোতাৰ ৰেক, ঝাড়ু,জাবৰৰ দম,গধুৰ আচবাবৰ সামগ্ৰী আদি ঋণাত্মক শক্তি জমা হ'ব পৰা সকলো বাধা এই দিশটোৰ পৰা আঁতাৰাই ৰাখক।ঘৰত শান্তি আৰু সুখৰ বাবে উত্তৰ-পূব দিশটো আৱৰ্জ্জনামুক্ত হ’ব লাগিব।

এই দিশত শ্ৰীযন্ত্ৰ স্থাপন কৰক কাৰণ ই সফলতাক আকৰ্ষণ কৰাত সহায় কৰিব।

উত্তৰ-পূব দিশত প্ৰতিদিনে এগছী চাকি জ্বলালে স্বাস্থ্যৰ উন্নতি সাধন কৰে।চাকি গছীত এটুকুৰা কৰ্পূৰ দিবলৈ নাপাহৰিব।

সপ্তাহত এবাৰ হ’লেও মজিয়াখন পানীত সাগৰীয় নিমখ মিলাই পৰিষ্কাৰ কৰক।ই ঋণাত্মক শক্তি আঁতৰাই পেলায়।

এই দিশত পানীৰ পাত্ৰ, একুৰিয়াম, ফোয়াৰা আদিয়ে শান্তি বৃদ্ধি কৰিব।


 উত্তৰ-পূৱত কেতিয়াও লোহাৰ সামগ্ৰী,হাটুৰী বটালী কটাৰী আদি অস্ত্ৰ বুজোৱা আৰু ক'লা ৰঙৰ কোনো সামগ্ৰী কেতিয়াও নাৰাখিব।এটা ষ্ট'ৰ কোঠা কেতিয়াও প্ৰতিষ্ঠা নকৰিব।


         


        আগলৈ••••••  


সুদক্ষিণা ভূঞা  ✍️


Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages