বিচনাত আইতাৰ নিথৰ দেহ : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 30, 2023

বিচনাত আইতাৰ নিথৰ দেহ : Assamese Article

Assamese Article


"বাপু হব পাৰা তুমি ডাঙৰ ডাক্তৰ।কিন্তু তুমি এজন হত্যাকাৰী।হত্যাকাৰী ডাক্তৰ।" 


প্ৰায় ৭৫ বছৰীয়া ককাৰ  বাক্য বানত নাৰ্ছ,টেকনিছিয়ান,মনিটৰৰ শব্দৰে গুণগুণাই থকাপ্ৰগতি হিস্পিটেলৰ ICUটো কাহ পৰি জিন যায়।বিচনাত আইতাৰ নিথৰ দেহ।বিচনাখনৰ এটা পাৰে মই কিংকৰ্ত্যববিমুঢ় হৈ ককাৰ ওচৰত থিয় হৈ আছিলোঁ।ককাৰ চকুলৈ চাব নোৱাৰিলোঁ। চকুৱেও যেন ক্ষোভ উজাৰিছে।তল মূৰ কৰি শুনি থাকিলো।( Assamese Article )


এজন সংজ্ঞাহাৰক বিশেষজ্ঞ(anaesthesiologist) হোৱাৰ পাছত ICU ট্ৰেইনিং লৈ প্ৰগতি হস্পিটেলত(ব্যক্তিগত) ২০০৭ বর্ষত এখন ICU আৰম্ভ কৰা হৈছিল।অতি জটিল আৰু বিভিন্ন মৃত্যুপ্ৰায় ৰোগীৰ ভেন্টিলেচন(কৃত্ৰিম শ্বাস-প্ৰশ্বাস)আদি প্ৰয়োগ কৰি ৰোগীসকল আৰোগ্য হব আৰম্ভ কৰিছিল।ভেন্টিলেচনৰ আশাপ্ৰদ ফলাফলত আমি উৎফুল্লিত হৈছিলোঁ।দিনে দিনে আত্ম বিশ্বাস বাঢ়ি গৈছিল।যেনেকুৱা ৰোগীয়েই নহওঁক, ফলাফল ভাল আছিল।আত্মবিশ্বাসৰ লগতে সম্ভৱ অভিমানো বাঢ়ি গৈছিল।


ICU ত ৰোগীক কৃত্ৰিম শ্বাস প্ৰশ্বাস(ভেন্টিলেছন) আদিৰ ব্যৱস্থা কৰাৰ সময়ত, ৰোগীৰ আত্মীয়ক আমি কথাখিনি বুজাই ICU ৰ বাহিৰলৈ যাবলৈ কোৱা হয়।ৰোগীৰ আত্মীয়ৰ সন্মুখত শ্বাস নলীত পাইপ ভৰোৱা(endotracheal intubation)  আদি কাম কৰা নহয়।


২০০৯-২০১০ বর্ষ মানৰ কথা।আবেলি ৫ মান বজাত এগৰাকী প্ৰায় ৭০ বছৰীয়া আইতাৰ হঠাৎ ৰক্তচাপ বাঢ়ি উশাহ লবলৈ অসুবিধা হোৱাৰ কাৰণে তৎক্ষণাত আইতাক তেওঁৰ আত্মীয়ই প্ৰগতি হস্পিটেলৰ ICU লৈ স্থানান্তৰিত কৰে।কৰ্ত্যবত থকা চিকিৎসকে আইতাক পৰীক্ষা কৰি হাৰ্ট এটেক হোৱাৰ কথা ECGত প্রত্যক্ষ কৰে।কিছু সময়ৰ পাছত মই যেতিয়া আইতাক পৰীক্ষা কৰোঁ, তেওঁৰ অত্যন্ত উশাহ লব অসুবিধা হৈছিল, লগতে হাওফাওঁত পানী জমা(আমাৰ ভাষাত pulmonary oedema)হৈছিল।আইতাৰ লৰা দুজনক ICU ৰ ভিতৰলৈ মাতি আনি আইতাৰ সংকটজনক অৱস্থাৰ কথা বুজাই ভেন্টিলেচনৰ ব্যৱস্থা কৰোঁ।বাচিবও পাৰে মৃত্যও হব পাৰে।কিন্তু আমি এঘড়ী যুজঁ দিয়াৰ কথা চিন্তা কৰোঁ।


ভেন্টিলেচনৰ যা-যোগাৰ কৰি থাকোতে এজন ৭৫ বছৰীয়া ককা ICU লৈ সোমাই আহিব বিচাৰিছিল।তেওঁ আইতাৰ স্বামী আছিল।ঘৰৰ পৰা আলহী খাবলৈ ৰাতিপুৱাই ওলাই গৈছিল।আইতাৰ সংকটজনক অৱস্থাৰ কথা গম পাই বাহিৰে বাহিৰে সৰু পুত্ৰৰ লগত ব্যক্তিগত বাহনতে প্ৰগতি ICU লৈ আহে।আইতাক মাত এষাৰ দিয়াৰ মনসাৰে ICU ৰ ভিতৰলৈ আহিব বিচাৰিছিল।কিন্তু মই বাধা দিলোঁ।লগ কৰিব নিদিলোঁ।মনে মনে ভাবিলো, ভেন্টিলেচনৰ কামবোৰ কৰি লওঁ।মনে মনে ভাবিলো,আইতা সুস্থ হবই,কাৰণ এনে বহু ৰোগী আগতে সম্পূৰ্ণৰূপে সুস্থ হৈছিল।সুস্থ হোৱাৰ পাছত তেওঁ আইতাৰ লগত কথা পাতিব।মোৰ প্ৰবল আত্মবিশ্বাস আছিল যে আইতা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব।


সকলো দৰৱ পাতি, ভেন্টিলেচন আদি দিয়াৰ পাছত আইতাৰ স্বাস্থ্যৰ অবস্থা কিছু সুস্থিৰ হৈছিল।ঘৰৰ আত্মীয়ক ICU ৰ ভিতৰলৈ মাতি আনি কলো, 


"এতিয়ালৈকে  ভালেই দেখিছোঁ।"


কিন্তু আমি সকলোকে আচৰিত কৰি প্ৰায় ডেৰ ঘণ্টা মানৰ পাছত আইতাৰ দ্ৰুত অৱনতি ঘটে।সম্ভৱ হাৰ্ট এটেকটো তীব্রতৰ হৈছিল আৰু আমাৰ নেৰা নেপেৰা চেষ্টাৰ পাছতো,আইতাই শেষ নিশ্বাস ত্যাগ কৰিছিল।প্ৰটকল মতে দৰৱ,আধুনিক মেডিকেল ব্যৱস্থা আদি কৰাৰ পাছতো আমি পৰাজিত হৈছিলোঁ।প্ৰথমবাৰৰ বাবে ভাবিব বাধ্য হৈছিলোঁ,কোনোবা অদৃশ্য শক্তি আছে,যাৰ আগত আমাৰ সকলো প্ৰচেষ্টাৰ একো মূল্য নাই।যি কি নহওঁক,আইতাৰ লৰা কেইজনক ICU ৰ ভিতৰলৈ মাতি আনি গোটেই কথাবোৰ বুজাই মৃত্যুৰ প্ৰমানপত্ৰ লিখিব আৰম্ভ কৰোঁ।যাবতীয় কামখিনি কৰি ICU ৰপৰা ওলাব লওঁতেই আইতাৰ স্বামীয়ে(ককা) মোক লগ কৰাৰ কথা কয়।মই তেখেতক ICUৰ ভিতৰলৈ আহিব কওঁ।


ককা ICUৰ ভিতৰলৈ আহি আইতা থকা বিচনালৈ যায়।আইতাৰ মৃত শৰীৰ ঢাকি থোৱা বগা কাপোৰখন আঁতৰাই অলপ দেৰি থৰ লাগি চাই থাকে আৰু কোনোবা পাকত আইতাৰ নিথৰ দেহটো সাৱটি ফেঁকুৰি উঠে।


মই ককাক সান্তনা দিবলৈ তেওঁৰ ওচৰত থিয় দি বুজাব চেষ্টা কৰিলোঁ।কিন্তু মোক আচৰিত কৰি ককাই থুকা-থুকি মাতেৰে কব আৰম্ভ কৰে,


"বাপু হব পাৰা তুমি ডাঙৰ ডাক্তৰ।কিন্তু তুমি এজন হত্যাকাৰী।হত্যাকাৰী ডাক্তৰ।বুঢ়ীৰ বয়স হৈছে।হাৰ্ট এটেক হৈছে,মই বুজি পাইছে।তুমিও বুঢ়ীক জীৱন দান দিবলৈ অশেষ চেষ্টা কৰিলা,সেয়াও মই বুজি পাইছো।জন্ম হলে,মানুহৰ মৃত্যু হবই।মই জানিছিলোঁ,বুঢ়ীৰ এইয়া শেষ পৰ্যায়।ৰাতিপূৱাতে মই বুঢ়ীক লগ পোৱা।বুঢ়ীক মই মাত্ৰ শেষ মাত এষাৰ দিব আহিছিলোঁ,কিন্তু তুমি বাধা দিলা।শেষ সময়খিনি মই বুঢ়ীৰ ওচৰত থাকিব বিচাৰিছিলোঁ,কিন্তু তুমি মোক ICUত সোমাব নিদিলা।তুমি এজন হত্যাকাৰী।হত্যাকাৰীয়ে যেনেদৰে আমাৰ আপোনজনক আমাৰ মাজৰপৰা অকাস্মতে আমাৰ পৰা কাঢ়ি লৈ যায় আৰু যেনেদৰে তেওঁৰ লগত আপোন মানুহৰ শেষ সাক্ষাৎ নহয়,তুমিও সেয়াই কৰিলা।সেইবাবে তুমি মোৰ কাৰণে এজন হত্যাকাৰী।মানৱীয় অনুভূতি,প্ৰমূল্যবোধৰ তুমি হত্যাকাৰী।জীৱিত অৱস্থাত মোক এবাৰ বুঢ়ীয়ে দেখা পোৱা হেতেন তেওঁৰ লগতে মইও শান্তি পালোঁহেঁতেন।কিন্তু তুমি হব নিদিলা।মই আৰু বুঢ়ীয়ে শেষ সময়ত,সেই নোপোৱা শান্তিৰ তুমি হত্যাকাৰী।"


থুকা-থুকি মাত অথচ গহীন গম্ভীৰ মাতেৰে ককাই কথাখিনি কৈ গল আৰু লাহে লাহে ICUৰ বাহিৰলৈ ওলাই গল।মই মাত্ৰ তলমূৰ কৰি শুনি আছিলোঁ।কিছু সময়ৰ বাবে মইও একে ঠাইতে থিয় হৈ থাকিলোঁ।

Assamese Article )

ককাৰ বাক্যবানে মোক অতিকৈ মৰ্মাহত কৰিছিল।ককাই মোক দুই থাপৰ দিয়া হেতেন,দুদিন  বেয়া লাগিল হেতেন, তৃতীয় দিনা পাহৰি গলো হেতেন।কিন্তু বহু দিনলৈ  মোৰ কাণত "বাপু তুমি হত্যাকাৰী ডাক্তৰ"  প্

প্ৰতিধ্বনিত হৈ থাকিল।"প্ৰথম বাৰৰ বাবে এষাৰি বাক্যৰ সুদূৰ প্ৰসাৰি প্ৰভাৱ অনুভৱ কৰিলো।


সেই তেতিয়া এজন পেছাদাৰী চিকিৎসকৰ দৌৰত মই যেন মানৱীয় অনুভূতিবোৰ পাহৰি গৈছিলোঁ।ICU ত সঘনাই জীৱন- মৃত্যুবোৰ দেখি দেখি মোৰ বাবে জীৱন-মৃত্যু সাধাৰণ কথা হৈছিল।কিন্তু ৰোগী এজন যে আবেগ-অনুভূতি জড়িত কৰোবৰ এজনৰ স্ত্ৰী, মাক,ভাইটি, পুত্ৰ বা স্বামী হব পাৰে,আত্মীয়ৰ বাবে যে ৰোগীজন ৰোগী নহয়,সেইয়া যেন মই পাহৰি গৈছিলোঁ।পেছাদাৰী চিকিৎসকৰ দৌৰত যেন মই মানৱীয় প্ৰমূল্যবোধবোৰ পাহৰি গৈছিলোঁ।


ৰোগীক স্পৰ্শ চিকিৎসা, ৰোগী আৰু আত্মীয়ৰ লগত কেনেদৰে সংযোগ স্থাপন কৰিব লাগে,কথা পাতিব লাগে,কেনেদৰে "ভাল শ্ৰোতা"(good listener) হৈ ৰোগী বা আত্মীয়ৰ লগত সংযোগ স্থাপন কৰিব লাগে,সেইবোৰ MBBS বা এনেছঠেছিয়াৰ পাঠ্যক্ৰমত মই শিকা নাছিলো।ককাৰ বাক্য বানৰ পাছত মই  আকৌ সেইবোৰ আৱিষ্কাৰ কৰিব চেষ্টা কৰিলোঁ।


ডাক্তৰ আৰু স্বাস্থ্যকৰ্মী সকলৰ বাবে মানৱীয় অনুভূতিবোৰৰপৰা আৰম্ভ কৰি মানৱীয় প্ৰমূল্যবোধবোৰৰ জ্ঞান দিবলৈ এটা পাঠ্যক্ৰম আছে।এই পাঠ্যক্ৰমৰ নাম পেলিয়েটিভ কেয়াৰ।এই বিষয়ে শিকিবলৈ আৰু জানিবলৈ কেৰেলাৰ কেলিকাট চহৰত ১০ দিন,দিল্লীৰ AIIMS হস্পিটেলত ১০ দিন,গুৱাহাটীৰ দীনেশ গোস্বামী ছাৰৰ লগত ১০ দিন আৰু সৰ্ব শেষত ভাৰতবৰ্ষৰ পেলিয়েটিভ চিকিৎসাৰ জনক পদ্মশ্ৰী ৰাজগোপাল ছাৰৰ ওচৰত ৩ মাহ(online) বিষয়টোত পঢ়ি বুজি নিজকে আকৌ আৱিষ্কাৰ কৰিব চেষ্টা কৰো।


যিকোনো ৰোগীক কৃত্ৰিম শ্বাস প্রশ্বাসৰ ব্যৱস্থা কৰিব  লগাত পৰিলে, ৰোগীক আমি এনেচঠেছিয়া প্ৰয়োগ কৰি অজ্ঞান কৰি লওঁ।ককাৰ ঘটনাটোৰ পাছত আজিকালি মই ভেন্টিলেচন দিয়াৰ আগতে ৰোগীক আত্মীয় আদিৰ লগত কথা পাতিব দিওঁ।কোনে জানে সেইয়া শেষ কথোপকনও হব পাৰে।ৰোগীৰ শেষ মুহূৰ্তত আত্মীয়ই যদি ৰোগীৰ কাণে কাণে নাম বা নামাজ পঢ়াব বিচাৰে,আজিকালি পঢ়িব দিওঁ।


চলিত বৰ্ষৰ ৬ জানুৱাৰী তাৰিখে 'পেলিয়েটিভ কেয়াৰ' চিকিৎসা কেন্দ্ৰ এটা শিৱসাগৰত আৰম্ভ কৰিবলৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ পৰা অনুমতি পত্ৰখন হাতত পৰাৰ পাছত বাৰে বাৰে সেই ককা আৰু আইতাইলৈ বৰকৈ মনত পৰিল।


আজিকালি "বাপু তুমি হত্যাকাৰী ডাক্তৰ" কাণত প্ৰতিধ্বনিত হৈ নাথাকে।মোক মানৱীয়তাৰ শিক্ষা দিয়া সেই ককাজনক এই মুহূৰ্তত শ্ৰদ্ধাৰে সুৱৰিছোঁ। 


বি:দ্ৰ: এই লিখনিটো মোৰ অনুভূতিৰ  বাহ্যিক প্ৰকাশহে।সকলো ডাক্তৰে পেলিয়াটিভ কেয়াৰ পাঠ্যক্ৰম নকৰাকৈয়েও সম্পূৰ্ণ মানৱীয়তাৰে চিকিৎসা প্ৰদান কৰি আছে।তেওঁলোকে সেই বিশেষ কলাটো জানে বা নিজেই  আয়ত্ত্ব কৰি লৈছে।মই নোৱাৰিছিলোঁ বাবে বিশেষ পাঠ্যক্ৰম কৰিব লগাত পৰিছিল।ককাৰ কথাই মোক গভীৰভাবে ৰেখাপাত কৰিছিল বাবে মই সেই ঘটনাটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ।( Assamese Article )


ধন্যবাদৰে


ডাঃ সুৰজিত গিৰি

ডিমৌ গ্ৰাম্য চিকিৎসালয়

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


৯৪৩৫০৫৬৬২৭

No comments:

Post a Comment

Advertisement

Pages