ৰাশি অনুসাৰে মহাদেৱৰ পূজা কেনেদৰে কৰিব লাগে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 7, 2023

ৰাশি অনুসাৰে মহাদেৱৰ পূজা কেনেদৰে কৰিব লাগে জানি লওক : Religious Studies

Religious Studies


সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়।আৰ এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল।( Religious Studies )


মেঘ ৰাশি-

এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়।এই ৰাশিৰ লোকে শিৱলিংগত কেঁচা গাখীৰ তথা-দৈ অৰ্পণ কৰিব লাগে।লগতে ভোলানাথক ধতুৰা অৰ্পণ কৰিব লাগে।কৰ্পূৰ জ্বলাই মহাদেৱৰ আৰতী কৰিব লাগে।


বৃষ ৰাশি-

বৃশভ ৰাশিৰ লোকে-শিৱ মন্দিৰলৈ গৈ-ভগৱান শিৱক কুঁহিয়াৰ ৰসে স্নান কৰাব লাগে।ইয়াৰ পাছত খৰিকাজাই ফুল অৰ্পণ কৰিব লাগে।অন্তত ভগৱান শিৱক মিঠাই ভোগ দি আৰতি কৰিব লাগে।


মিথুন-

এই ৰাশিৰ লোকে-স্পটিকৰ শিৱলিংগৰ পূজা কৰিলে শ্ৰেষ্ঠ হয়।যদি স্পটিকৰ শিৱলিংগ উপলদ্ধ নহয়-তেতিয়া শিৱলিংগৰ পূজন কৰিব পৰা যায়।মিথুন ৰাশিৰ লোকে-ৰঙা  জৱা ফুল,চন্দন,ইত্ৰ,আদিৰে শিৱলিংগৰ অভিষেক কৰিব লাগে।আকণ গছৰ ফুল অৰ্পণ কৰিব লাগে।মীঠা ভোগ লগাই আৰতি কৰিব লাগে।


কৰ্কট-

এই ৰাশিৰ লোকে-অষ্টগন্ধ আৰু চন্দনেৰে মহাদেৱৰ অভিষেক ৰিব লাগে।আটাৰে তৈয়াৰী ৰুটিৰে ভোগ লগাই শিৱলিংগৰ পূজন কৰিব লাগে।শিৱলিংগত প্ৰতিদিনে-কেচাঁ গাখীৰ অৰ্পণ কৰিব লাগে আৰু লগতে জল অৰ্পণ কৰিব লাগে।


সিংহ-

এই ৰাশিৰ লোকে-ফলৰ ৰস আৰু পানীত চেনি মিহলাই শিৱলিংগৰ অভিষেক কৰিব লাগে।লগতে মহাদেৱক আকণ ফুল অৰ্পণ কৰিব লাগে।পুষ্পৰ লগতে-বেলপাত অৰ্পণ কৰিব লাগে।মিঠাইৰ ভোগ দিব লাগে।


কন্যা-

এই ৰাশিৰ লোকে-মহাদেৱক- বগৰী,ধতুৰা,ভাংগ আৰু আকণ গছৰ ফুল অৰ্পণ কৰিব লাগে।লগতে বেলপাতত নৈবেদ্য অৰ্পিত কৰিব লাগে।অন্তত কৰ্পূৰ মিশ্ৰিত জলেৰে মহাদেৱৰ অভিষেক কৰিব লাগে।শিৱৰ পূজনৰ পাছত মহাদেৱৰ পৰিক্ৰমা কৰিব লাগে।এনে কৰিলে শীঘ্ৰে শুভ ফল প্ৰাপ্ত হয়।( Religious Studies )


তুলা-

তুলা ৰাশিৰ লোকে-জলত নানা ধৰণৰ ফুল লৈ-সেই জলেৰে মহাদেৱৰ অভিষেক কৰিব লাগে।ইয়াৰ পাছত-বেলপাত,খৰিকাজাই, জৱা,চাউল,চন্দন আদি ভোলানাথক অৰ্পণ কৰিব লাগে।অন্তন আৰতি কৰিব লাগে।


বৃশ্চিক-

এই ৰাশিৰ লোকে-শুদ্ধ জলেৰে শিৱলিংগৰ অভিষেক কৰিব লাগে।মৌ-ঘীঁউৰে স্নান কৰোৱা পাছত-পুনৰ জলেৰে স্নান কৰাব লাগে।আৰু পূজন কৰি আৰতি কৰিব লাগে।ৰঙা ৰংৰ পুষ্প অৰ্পণ কৰিব লাগে।পূজনৰ পাছত মচুল ডালিৰ দান কৰিব লাগে।


ধনু-

ধনু ৰাশিৰ লোকে ভাত তথা-চাউলৰে শিৱলিংগৰ শৃংগাৰ কৰিব লাগে।প্ৰথমে চাউল সিজাই,ঠাণ্ডা কৰি শিৱলিংগৰ শৃংগাৰ কৰিব লাগে।শুকান মেৱেৰ ভোগ লগাব লাগে।বেল পাত-জৱা ফুল আদি অৰ্পিত কৰি আৰতি কৰিব লাগে।


মকৰ-

এই ৰাশিৰ লোকে-ঘেঁহুৰে শিৱলিংগক ধূই বিধি-বিধানেৰে পূজন কৰিব লাগে।পূজন- আৰতি পূৰ্ণ হোৱাৰ পাছত ঘেঁহুৰ দান দৰিদ্ৰলোকক কৰিব লাগে।এই উপায়ৰ দ্ধাৰা ব্যক্তিৰ সকলো সমস্যা সমাপ্ত হয়।


কুম্ভ-

এই ৰাশিল লোকে-বগা-ক'লা তিলক মিহলাই-এনে শিৱলিংগক অৰ্পণ কৰিব লাগে-যি একান্ত স্থানত আছে।জলত তিল মিহলাই শিৱলিংগৰ ভালদৰে স্ান কৰাব লাগে।ইয়াৰ পাছত বগা-ক'লা তিল অৰ্পণ কৰিব লাগে।পূজনৰ পাছত আৰতি কৰিব লাগে।


মীন-

এই ৰাশিৰ লোকে-নিশা আহঁত গছৰ তলত বহি-শিৱলিংগৰ পূজন কৰিব লাগে।সেই সময়ত-ঔম নমাহ শিৱায়ঃ ৩৫বাৰ উচ্চাৰণ কৰি বেলপাত অৰ্পণ কৰি আৰতি কৰিব লাগে।শিৱলিংগৰ ওপৰত বুট ডালি অৰ্পিত কৰিব লাগে।আৰু পূজনৰ পাছত সেয়া দান কৰিব লাগে। (সংগ্ৰহিত)।( Religious Studies )

1 comment:

Advertisement

Pages