আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 9, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২৩ আহাৰ, ৰবিবাৰ ইং ৯ জুলাই ২০২৩ ।  ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৪২/৩২ *সূৰ্য্যাস্ত* ঘ:- ৬/১৪/৪৩

*ৰাশি:-*  মীন ৰাশি। 

*তিথি :-*  কৃষ্ণা  সপ্তমী ।

*নক্ষত্ৰ :-* উত্তৰভাদ্ৰপদ , ৰা:ঘ:- ১২/৫০/৩৩  লৈ।

*শুভ সংখ্যা:-* ৫/১

*শুভ ৰং:-* ৰঙা/ হালধীয়া । 

*আদ্যঋতু হলে :-* দুৰ্ভগা যোগ। 

*মৰণত দোষ*:-  দ্বিপদ। ৰা:ঘ:- ১২/৫৬/৩২ যোৱাত এপদ।

*যাত্ৰা:-* বাযু কোনত নাই, ৰা:ঘ:- ১২/৫৬/৩২ যোৱাত ঈশান কোনত নাই।

*যোগিনী* :-  বাযু কোনত । ৰা:ঘ:- ১২/৫৬/৩২ যোৱাত ঈশান কোনত ।

*ভক্ষাভক্ষ্য* :- তাল খোৱা নিষেধ, ৰা:ঘ:- ১২/৫৬/৩২ যোৱাত নাৰিকল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত জ্ঞান আহৰণ সুযোগ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব ।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, মনৰ চিন্তা ধাৰা বোৰ সুস্থিৰ হ'ব, লগতে আজি আপুনি কৌশলে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত পুৰণি সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত ভয় ভাৱ বাঢ়িব, লগতে আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হ'ব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যৱসায়িক ভাৱে শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ বহুত দিনিয়া  সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, বাসস্থানৰ পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা  কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি ৰোগৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আনৰ সহায় সহযোগিতা মাজেৰে আজিৰ দিনটোত কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ধন - সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত বেচা কিনাত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সামান্য খৰচ বাঢ়িব পাৰে, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব, যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত খেল ধুলাত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখ হ'ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages