আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 12, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


২৬ আহাৰ, বুধবাৰ ইং ১২ জুলাই ২০২৩ ।   ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৪৩/২৬ *সূৰ্য্যাস্ত* ঘ:- ৬/১৪/৩৩

*ৰাশি:-* মেষ ৰাশি। শে:ৰা:ঘ:- ৪/৩৯/১৫ যোৱাত বৃষ ৰাশি।

*তিথি :-*  কৃষ্ণা দশমী । ৰা:ঘ:- ৮/৩৫/৫৯ লৈ।

*নক্ষত্ৰ :-* ভৰনী , ৰা:ঘ:- ১০/২৯/৪৯  লৈ।

*শুভ সংখ্যা:-* ৮/৫

*শুভ ৰং:-* সেউজীয়া/ সোনালী। 

*আদ্যঋতু হলে :-* দু:শীলা যোগ। 

*মৰণত দোষ*:-  নাই, ৰা:ঘ:- ৮/৩৫/৫৯ যোৱাত দ্বিপদ।

*যাত্ৰা:-* উত্তৰ দিশত নাই, ৰা:ঘ:- ৮/৩৫/৫৯ যোৱাত অগ্নি কোনত নাই।

*যোগিনী* :-  উত্তৰ দিশত। , ৰা:ঘ:- ৮/৩৫/৫৯ যোৱাত অগ্নি কোনত ।

*ভক্ষাভক্ষ্য* :-  কলমৌ খোৱা নিষেধ, ৰা:ঘ:- ৮/৩৫/৫৯  যোৱাত উৰহী খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত মনত সুখ শান্তি লাভ কৰিব, মনত নতুন নতুন আশাৰ সঞ্চাৰ হ'ব, লগতে আজি বিবাহৰ উপযুক্ত প্ৰাৰ্থী সকলে ভাল খৱৰ লাভ হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে ।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বণত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, আনৰ প্ৰতি মৰম চেনেহ বাঢ়িব, যদিও আজি আপোনাৰ মনতো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, নতুন নতুন ব্যৱসায়ত যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰিবলৈ সুযোগ লাভ কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  সঞ্চয় বাঢ়িব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি সন্তানৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সাহস হ্ৰাস হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মবোৰ সামান্য সৰু সুৰা বাধাৰ মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন -ধান আহিব, ভ্ৰমণত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, ছোৱালী সকলে মনত আনন্দ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত আঘাত পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনৰ চিন্তা চৰ্চা উন্নত মানৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য ক্লান্তিৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মবোৰ সামান্য বাধাৰ মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায় । 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ পিতৃ- মাতৃ পৰা মৰম চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।  


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages