সকলোৰে মাজৰ পৰা আজি আঁতৰি গ'ল সংগীত‌ শিল্পী‌ সুদক্ষিণা শৰ্মা : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 3, 2023

সকলোৰে মাজৰ পৰা আজি আঁতৰি গ'ল সংগীত‌ শিল্পী‌ সুদক্ষিণা শৰ্মা : Assamese News

Assamese News


 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নাম দিছিল কুইন হাজৰিকা, জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা, অতি বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা । তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে পৰিচিত হৈ পৰে । ( Assamese News )  


অসমৰ সমাজজীৱনৰ মহীৰূহ, জীৱন্ত কিংবদন্তি স্বৰূপ সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা বাইদেউৰ আজি ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ। তেখেতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে অংগদান কৰি ইচ্ছা পত্ৰত চহী কৰি যায় আৰু সেইমতে ব্যৱস্থা গ্ৰহণ কৰিছে।


ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী তথা প্ৰয়াত গীতিকাৰ-সুৰকাৰ-সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী আছিল সুদক্ষিণা শৰ্মা ডাঙৰীয়ানী। মহান শিল্পী গৰাকীৰ দেহাৱসানে অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷  ( Assamese News )  


        শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মা বাইদেউৰ মৃত্যুত অসমে এগৰাকী আজীৱন প্ৰগতিশীল গায়িকা তথা খাটিখোৱা জনৰ মুক্তিৰ হকে যুঁজ দি যোৱা জনতাৰ শিল্পীক হেৰুৱালে। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে বিজ্ঞানমনষ্ক আৰু বৈজ্ঞানিক দৃষ্টিভংগী প্ৰচাৰ প্ৰসাৰ আন্দোলনৰো তেখেত আছিল এগৰাকী অগ্ৰণী ৰণুৱা। তেখেত সামাজিক ঐক্য সম্প্ৰীতিৰ এগৰাকী অক্লান্ত সংগ্ৰামী আছিল।


‘নাহৰ ফুলে নুশুৱায়’ বুলি কৈ সকলোৰে মাজৰ পৰা আজি আঁতৰি গ'ল সংগীত‌ শিল্পী‌ সুদক্ষিণা শৰ্মা । তেখেতৰ মৃত্যুত অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি ।মহান শিল্পী গৰাকীৰ আত্মাই শান্তি লাভ কৰক। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু গভীৰ শ্ৰদ্ধাঞ্জলী যাচিলোঁ ৷ ( Assamese News )  

No comments:

Post a Comment

Advertisement

Pages