বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান অনুষ্ঠান : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 2, 2023

বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান অনুষ্ঠান : Assamese News

Assamese News


এখন‌ বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান । ( Assamese News )  

Assamese News


ডিব্ৰুগড়ৰ মানকটা ফিল্ডত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সৰুসজাই ষ্টেডি়য়ামত আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱা বিহুৱা-বিহুৱতী, ওজা আৰু প্ৰশিক্ষকসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। অসমৰ জাতীয় আৰু সাংস্কৃতিক চেতনাৰ বাহক বিহুক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশাল বিহুনৃত্য কাৰ্যসূচীয়ে ৰাজ্যৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক নৱজাগৰণৰ উন্মেষ ঘটাবলৈ সক্ষম হোৱা বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। ( Assamese News )  

Assamese News


 এই অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মাননীয় মন্ত্ৰীদ্বয় শ্ৰীৰণজিৎ কুমাৰ দাস আৰু শ্ৰীবিমল বড়া,  মাননীয় বিধায়কসকল শ্ৰীপ্ৰশান্ত ফুকন, শ্ৰীতৰংগ গগৈ, শ্ৰীবিনোদ হাজৰিকা, শ্ৰীপোনাকন বৰুৱা, শ্ৰীচক্ৰধৰ গগৈ আৰু শ্ৰীটেৰছ গোৱালাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ( Assamese News )  

No comments:

Post a Comment

Advertisement

Pages