কেতিয়াবা ভুলতে হলেও শাহুক "মা" বুলি ভাৱিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 3, 2023

কেতিয়াবা ভুলতে হলেও শাহুক "মা" বুলি ভাৱিব : Assamese Fact

Assamese Fact


শাহু  কেতিয়াবা "মা" হ'ব পাৰে

___________________________________


কেতিয়াবা ভূলতে হ'লেও শাহুক "মা' বুলি ভাৱিবচোন

কিবা এটা ভাল লাগে---

তেওঁ তত ধৰিব নোৱাৰাকৈ পাছফালৰ পৰা

যোৰকৈ সাৱতী ধৰি "মা" বুলি মাতিবচোন

তেওঁৰ কঠোৰ হৃদয়খনো বৰফ গলা দি গলে-- ( Assamese Fact )


আপোনাৰ ইচ্ছা হ'লেই --

মা--মা--কৈ চিঞৰী মাতিবচোন--

তেওঁৰ গোমা হৈ থকা মনটোত হঠাৎ 

আৱেগৰ বাৰিষা নামিব

এই যে ছোৱালী-বোৱাৰীৰ মৰমবোৰৰ পাৰ্থক্য

তেওঁৰ মনত লাহে লাহে নোহোৱা হ'ব।


ৰ'ব---

পুৱা-গধুলী আকৌ সাদৰী বোৱাৰীজনী হ'বলৈও নাপাহৰিব

বয়স হ'ল নহয় কিনো অকল খোৱাতে লাগি থাকে বুলি

সাকতনো নাপাৰিব--

অমুকৰ পৰা আহোগৈনিকি বুলি শাহুক হাঁহি এটা মাৰি 

সুধিবচোন--!

চাব--তেওঁক শাহুৰ পৰা "মা" হব'লৈ

বৰ বেছি সময় নালাগিব !! ( Assamese Fact )


দিনৰ ভাগত চেগ চাই 

শাহুৰ বান্ধবী হব'লৈ যত্ন কৰিবচোন---

চাব------

নিসন্দেহে মনৰ সকলো কথাৰ ভাগ আপোনাকো দিব !


কেতিৱাবা যদি বেছিকৈ মা"ৰ ঘৰলৈ মনত পৰে

লাহেকে গৈ শাহুৰ ওচৰত 

জী হব'লৈ যত্ন কৰিবচোন---

সঁচা কৈছো---

দ্বিতীয়বাৰ আৰু মা"ৰ কমিয়ে 

আপোনাৰ মনক অশান্ত নকৰিব !


এই যে বিয়াৰ পাছত পুত্ৰজন কেৱল স্বামী হৈ পৰে

সুবিধা বুজি তেওঁক পুত্ৰ হোৱাত সহায় কৰিব--

আপোনাৰ কপালত চুমাটো আঁকিলে--ক'ব

মা""ৰ আৰ্শীবাদকনো ল'ব---

গধূলী কৰ্মস্থলীৰ পৰা ঘৰমুৱা হ'লে--

"মা" বুলিয়ে মাতিবলৈ দিব--

তেতিয়া বোৱাৰীয়ে পুত্ৰক দুৰ কৰাৰ ভয়ত--

কোনো শাহুৱে ৰুগীয়া নহ'ব !!


কেতিয়াবা কৰবালৈ ফুৰিব গ'লে শাহুক কব--

"মা" আপুনিয়ো যাব লাগিব--

বিশ্বাস কৰক

সময় বুজি তেওঁ--তহত দুয়োয়ে যা" বুলিয়ে ক'ব!

ঘৰলৈ ঘূৰোতে মৰমৰ টোপোলা এটি আনি--

হাতত গুজি দিব--চোন

দেখিব--কেতিয়াবা দুপৰীয়াৰ চাহকাপ মইয়ে বনাও ৰ'বা

বোৱাৰী বুলিয়ে ক'ব--!


কেতিয়াবা ভুলতে হলেও শাহুক "মা" বুলি ভাৱিব--

!!!


                                                       মধু দত্ত

                                              চৰাইদেউ চ্যুকাফা


 ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages