বেছিভাগৰে সম্পৰ্কবোৰ ক্ষন্তেকীয়া,‌ মেক-আপৰ আঁৰত ভয় লগা জীৱন : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 2, 2023

বেছিভাগৰে সম্পৰ্কবোৰ ক্ষন্তেকীয়া,‌ মেক-আপৰ আঁৰত ভয় লগা জীৱন : Assamese Fact

Assamese Fact


অলপ আচৰিত যেন লাগিলেও আপুনি ইণ্টাৰনেটত দেখা বেছিভাগ মানুহৰে জীৱনটো ইনষ্টাগ্ৰামৰ দৰে নহয়। ( Assamese Fact )

Assamese Fact


ইনষ্টাগ্ৰামৰ বেছিভাগেই আপুনি মই ভাবিব নোৱাৰা এটা বিশৃংখল জীৱন জীয়াই আছে য'ত কেইটামান লাইক শ্বেয়াৰৰ ভোকত তেওঁলোক হৈ পৰে ভাবিব নোৱাৰাকৈ প্ৰেক্টিকেল। বেছিভাগেই কোনোদিন আধ্যাত্মিকতাৰ ৰস দেখা নাই,বেছিভাগৰে সম্পৰ্কবোৰ ক্ষন্তেকীয়া,মেক-আপৰ আঁৰত ভয় লগা জীৱন... তেওঁলোকৰ সফলতাৰ সংজ্ঞা কেৱল এটা আৰ্টিফিচিয়েল জীৱন শৈলী আৰু সেইটো পাবলৈ যদি কাৰোবাৰ মৃত দেহৰ ওপৰেদি খোজ কাঢ়িব লাগে হাঁহি হাঁহি কাঢ়িব আৰু ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে আমাৰেই গাঁৱৰ চহৰৰ প্ৰজন্মৰ মাজত।

Assamese Fact


হাতত বিয়েৰ লৈ ঘণ্টাত ১৩০kmত গাড়ী চলাই পাঞ্জাৱী ৰেপ সংগীতত মচগুল নতুন প্ৰজন্ম,ইনষ্টাত ফলৱাৰ্ছ বঢ়াবলৈ প্ৰায় নাঙঠ আমাৰেই বহুতো ভনী,চাব নোৱাৰি লাজ লাগে,অল্ড মেন্টেলিটি বুলি কলেও কব পাৰে মোক... অত্যাধিক মডাৰ্ণ হোৱাৰ হাবিয়াস নাই। ( Assamese Fact )

Assamese Fact

ইয়াৰ পিছত কি?...


দীঘলীয়া শূণ্যতা।বিচৰা লাইফষ্টাইল প্ৰেক্টিকেল লাইফত পাব নোৱাৰাৰ দুখ আৰু হতাশা,মেক-আপৰ বাহিৰৰ পৃথিৱীখন দেখা নোপোৱাৰ যন্ত্ৰণা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আধ্যাত্মিকতাৰ পৰা বহুত দূৰত অৱস্থান।জীৱনটোৰ সৰু সৰু সুখ বুজি পোৱাৰ পৰা বঞ্চিত তেওঁলোক.... 

Assamese Fact


কথা এইটোৱেই যে যিয়ে বৰষুণ ভাল পাবলৈ শিকা নাই,যিয়ে আনৰ দুখ কাষৰ পৰা অনুভৱ কৰিব শিকা নাই, যিয়ে নিজৰ ভিতৰত থকা "মই" নামৰ মানুহজনক মৰম কৰা নাই,যিয়ে অভাৱৰ মাজতো হাঁহিবলৈ শিকা নাই,যিয়ে আনৰ ভালৰ বাবে অকণমানো এডজাষ্ট কৰিবলৈ শিকা নাই,ইণ্টাৰনেটৰ বাহিৰৰ জগতখনত কাৰোবাৰ মুখত কাহিনী শুনা নাই,কাহিনী শুনি চকুপানী অনুভৱ কৰা নাই,মানুহক ভাল পোৱা নাই....মানুহক মানুহ হিচাপে মৰম কৰা নাই


"তেওঁলোক আচলতে জীয়াই থকা নাই

তেওঁলোকে কেৱল উশাহ লৈ আছে।"....


✍🏻Partha Goswami


উৎস: ফেচবুক 

 ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages