""অসমীয়া ল'ৰাই খেতি নকৰে অসমীয়া ল'ৰাই কৰ্ম নকৰে ব্যৱসায় নকৰে"" ( Assamese Fact )
......................................
ঈদৰ দিনাখন বাট-পথ, বজাৰ-সমাৰ, সকলো যেন শূন্য হৈ পৰিছিল। তাকে দেখি কিছুমানে সামাজিক মাধ্যমত লিখিছিল যে সকলো আনৰ দখলত যাবলৈ ধৰিলে। আজি তেওঁলোক নাই কাৰণে বজাৰ-সমাৰ, বাট-পথ সকলো শূন্য হৈ পৰিছে। আগন্ত্তক দিনৰ কাৰণে এইয়া বেয়া লক্ষণ ইত্যাদি ইত্যাদি।
এতিয়া কথা হ'ল কিহৰ কাৰণে অসমীয়া ল'ৰাই খেতি বা ব্যৱসায় কৰিবলৈ আগ্ৰহী নহয়।
আজিৰ পৰা প্ৰায় ৩০,৪০ বছৰ আগতে সকলো ছোৱালীৰ মাক বাপেকৰ এটাই চিন্তা আছিল কেনেকৈ নিজৰ ছোৱালী জনীক এজন চৰকাৰী চাকৰিয়ালৰ ওচৰত বিয়া দিব পাৰো। ল'ৰাৰ মাক বাপেকৰো সেই একেই চিন্তা আছিল কেনেকে নিজৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি লব পাৰে। এতিয়াওঁ এই চিন্তা ধাৰাৰ বহু মাক বাপেক আছে।কোনো মাক বাপেকে নিজৰ ল'ৰাটোক খেতি কৰ ব্যৱসায় কৰ বুলি নকয়। কব কিয়? কাৰণ খেতিয়ক,দোকানী বুলি কলে কোনেও ছোৱালী বিয়া দিব নিবিচাৰে। খেতিয়ক, দোকানী বা ব্যৱসায়ী সকলৰ হেনো ভবিষ্যত নাই। কিন্তু চৰকাৰী চাকৰিয়ালৰ হেনো চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছতো পেঞ্চন পাব জীয়েক সুখত থাকিব। গতিকে চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ ভবিষ্যত আছে। এই মানসিকতাই অসমীয়া ল'ৰাক বহুত প্ৰভাব পেলাইছিল বুলি মই ভাবো। এতিয়াও আমাৰ কিছুমানে প্ৰথমে চৰকাৰী চাকৰি এটা পোৱাতোৱেই বিচাৰে তাৰ পাছতহে আন ব্যৱসায় বা কৃষি কৰ্মৰ কথা চিন্তা কৰে। আজি কালি বহুতো অসমীয়া ল'ৰাই কৃষি কৰ্ম আৰু ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। কিন্ত্ত বহুত দেৰি হৈ গ'ল যাৰ ফলত পথাৰ আৰু বজাৰ আনৰ দখললৈ যাবলৈ ধৰিলে।
ইফালে নিবনুৱাৰ সুযোগ লৈ এচাম আন্দোলনৰ নেতাইয়ো আজি পথাৰ আৰু বজাৰ আনৰ দখলত যোৱাত কিছু অৰিহণা যোগালে।
আনহাতে আমাৰ সমাজৰ কিছুমান ব্যক্তিয়ে খেতিয়ক বা দোকানী বা ব্যৱসায় কৰো বুলি কলে মুখখন বেকা কৰি দিয়ে। এজন চৰকাৰী চাকৰিয়ালক সমাজত যিদৰে আদৰ কৰে উচ্চ আসন দিয়ে কিন্ত্ত খেতিয়ক বা সৰু সৰু ব্যৱসায়ী জনক সিমান আদৰ নকৰে। সমাজৰ সেই সকল ব্যক্তিৰো কিন্ত্ত আজি পথাৰ আৰু বজাৰ আনৰ দখলত যোৱাত বহুত অৰিহণা আছে।
এতিয়াও বহু সময় আছে। সকলো পিতৃ মাতৃ, সমাজৰ সকলো ব্যক্তিয়ে যুৱচামক কৃষি কৰ্ম বা ব্যৱসায় কৰিবলৈ উৎসাহ দিব লাগিব।
আমাৰ ক্ৰেতা সকলেওঁ কম মূল্যত পোৱাৰ আশাত আনৰ পৰা বস্তু ক্ৰয় কৰিব নালাগিব। আকৌ আমাৰ বিক্ৰেতা সকলেওঁ খাতি বস্তু ঘৰুৱা বস্তু বুলি অধিক মূল্য বিচাৰিব নালাগিব। কিছু এৰাধৰা কৰিব লাগিব তেতিয়াহে পথাৰ আৰু বজাৰ আমাৰ দখলত আহিব। যদি মোৰ জোৱাইজন চৰকাৰী চাকৰিয়াল হলে ভাল হয়। মোৰ ল'ৰাটো চৰকাৰী চাকৰিয়াল হলে ভাল হয় এই মানসিকতা থাকে। তেতিয়া হলে আমাৰ পথাৰ আৰু আমাৰ বজাৰ আনৰ দখলত সম্পূৰ্ণৰূপেই যাব বুলি মোৰ ধাৰণা হয়।
********************************************
✍🏻Suren Das
( Assamese Fact )
কিন্তু কি জানে আমাৰ অসমীয়া লৰাবোৰ তেনেই সহজ সৰল । সিহঁতক অন্য ব্যক্তিয়ে সহজতে ঠগিব পাৰে সেইবাবে তেওঁলোকে যদিও কৰ্ম কৰিব যায় তাৰ সঠিক মূল্য তেওঁলোকে নাপায় । আৰু কথা আহিল খেতি কৰাৰ ক্ষেত্ৰত সকলোৰে কপাল একেই নাথাকে সকলোৰে কপালত মাটি সম্পত্তি নাথাকে । আৰু মাটি সম্পত্তি নাথাকিলে কোনেও খেতি কৰিব নোৱাৰে । নিজৰ পেটৰ পোহপাল দিবলৈয়ে যদি খেতিক উপাৰ্জনৰ মাধ্যম হিচাপে লয় তেতিয়াও যথেষ্ট পৰিমাণৰ মাটিৰ প্ৰয়োজন। কম পৰিমাণৰ মাটিত কোনোৱে খেতি কৰিব নোৱাৰে । শেষত আহিলে ব্যৱসায়ৰ কথা ব্যৱসায় কৰিবলৈ হলে যথেষ্ট পৰিমাণৰ ধন আৰু দৈৰ্ঘৰ প্ৰয়োজন । যিহেতু অসমৰ অধিকাংশ পৰিয়ালেই মধ্যবিত্ত পৰিয়ালৰ অন্তৰ্গত সেইবাবে ব্যৱসায় কৰিবলৈ হ'লেও তেওঁলোকে বহুবাৰ ভাবিব লগা হয় । আৰু যিসকলৰ ধন সম্পত্তি আছে তেওঁলোকে সকলোতে আগবাঢ়িব পাৰিছে ।
সেইবাবে অসমীয়া যুৱ প্ৰজন্মৰ বাবে অসম চৰকাৰেই এক আশাৰ স্বৰূপ । যাৰ জৰিয়তে তেওঁলোকে এক সাহায্য লাভ কৰিব পাৰিছে আৰু বহুতো যুৱকে এই সাহায্যৰ পৰা স্বাৱলম্বী হব পাৰিছে । কিন্তু এতিয়াও বহু যুৱক- যুৱতী আছে যিসকলে এই সাহায্য পাবলৈ সক্ষম হোৱা নাই ।
১)আপোনালোকে সদায় স্বাৱলম্বী হবলৈ চেষ্টা কৰক আনৰ চাকৰ হবলৈ চেষ্টা নকৰিব ।
২)খং সকলোৰে থাকে কিন্তু কেতিয়াবা নিজৰ স্বাৰ্থত খংক বাহিৰলৈ ওলাবলৈ নিদিব ।
৩)সকলো সময়তে নিজক কৰ্মৰ প্ৰতি আগুৱাই নিবলৈ চেষ্টা কৰক , কোনো শক্তিয়েই আপোনাৰ পথত বাধা দিব নোৱাৰিব ।
৪)বেয়া সময় সকলোৰে আহে কিন্তু কেতিয়াও ভাঙি নপৰিব এবাৰ ভাঙি পৰিলে তাক যোৰা লগোৱা কঠিন হৈ পৰে।
✍🏻Porinita Sanam Saikia ৰ ৱালৰ পৰা
( Assamese Fact )
No comments:
Post a Comment