অম্বুবাচীৰ তাৎপৰ্য কি, ইয়াৰ কিবা বৈজ্ঞানিক ভিত্তি আছেনে নাই -- এনেবোৰ কথা বুজি পোৱাৰ বহু আগৰপৰাই অম্বুবাচী মানি আহিছোঁ। আমাৰ ফালে অম্বুবাচীক আমতি বুলি কয়। ( Religious Studies )
আমতি লগাৰ (প্ৰবৃত্তি) আগদিনাৰ পৰাই সাজু হ'বৰ হয়। যিমান পাৰোঁ সিমান কাপোৰ-কানি আছুতীয়াকৈ থৈ দিয়া হয়; আমতিৰ কেইদিন এইবোৰ কোনেও নুচুৱে। সৰুতে আইতা আৰু বৰ মাক (জেঠী) আমতি পালন কৰা দেখিছিলোঁ। তেওঁলোকে সেইকেইদিন ভাত নাখায়, কেৱল চাগু আৰু ফল-মূল খায়। খোৱাৰ সময়ত ভূমি স্পৰ্শ নকৰে, চালপিৰাত বহি খায়। আমতিৰ শুদ্ধিৰ দিনাতো (নিবৃত্তি) ক'বই নালাগে। পুৱাৰ পৰা সীমাহীন ব্যস্ততা - কাপোৰ ধোৱা, ঘৰ চফা কৰা, পাগ ধোৱা, কোঠাই কোঠাই সোণ-ৰূপৰ পানী চটিওৱা, লেচা-বাঢ়নি পেলোৱা আদি সৰু-বৰ অজস্ৰ কাম। ঘৰৰ সৰু-ডাঙৰ, পুৰুষ-মহিলা কাৰো বহি থাকিবৰ সময় নাই। এনেকৈয়ে এটা বছৰৰ বাবে আমতি পাৰ হৈ যায়।
আইতা নোহোৱা হোৱাৰ বহু বছৰেই হ'ল। আমতিৰ নিয়মবোৰো বহুত শিথিল হ'ল। কিন্তু, আমতি উঠি নগ'ল। আজিও আমাৰ অঞ্চলত, লগতে আমাৰ ঘৰতো, আমতি পালন কৰা হয়। মই নিজেও নিষ্ঠা সহকাৰে আমতিৰ চুৱা মানি আহিছোঁ। বহুতৰ বাবে অৰ্থহীন, ভিত্তিহীন, অবৈজ্ঞানিক, অযুক্তিকৰ এই ৰীতি-নীতি, প্ৰথাবোৰ মইনো কেলেই মানি আহিছোঁ? নে মই এটা এলান্ধুকলীয়া মন লৈ বহি আছোঁ ?
অম্বুবাচীৰ তাত্ত্বিক অথবা দাৰ্শনিক তাৎপৰ্য বিভিন্ন পুথি-আলোচনীত পোৱা যায়। সেইবোৰ দোহাৰিব নাযাওঁ। অম্বুবাচী বা আমতিক মই নিজস্ব দৃষ্টিকোণৰ পৰা উপলব্ধি কৰোঁ। আইতাই কৈছিল আমতিৰ সময়ত পৃথিৱীৰ চুৱা হয়। সেইকাৰণে খোৱাৰ সময়ত ভূমি স্পৰ্শ কৰা নহয়। অৰ্থাৎ অম্বুবাচী হ'ল পৃথিৱী ৰজঃস্বলা হোৱাৰ সময়। এই সময়ত পৃথিৱী অশুচি আৰু অপবিত্ৰ নেকি?
নাৰীৰ ৰজঃস্বলা অৱস্থা কেতিয়াও অশুচি আৰু অপবিত্ৰ নহয় বা হ'ব নোৱাৰে। বৰং, ই অতি পবিত্ৰ আৰু সন্মানীয় অৱস্থা। ই নাৰীক পূৰ্ণতা প্ৰদান কৰে। ইতিহাস সাক্ষী আছে ৰজঃস্বলা নাৰীক সন্মান দিব নোৱাৰাৰ বাবে কুৰু বংশ ধ্বংস হৈছিল। যি কুৰু ৰাজসভালৈ ৰজঃস্বলা দ্ৰৌপদীক চুলিত ধৰি চোচোৰাই অনা হৈছিল, সেই ৰাজসভা এদিন গৈ মৰিশালি হৈছিল। ( Religious Studies )
পৃথিৱী হ'ল প্ৰকৃতি, প্ৰকৃতি হ'ল নাৰী। সেয়েহে নাৰীয়ে সৃষ্টি কৰিব পাৰে। পৃথিৱীৰ সকলোবোৰ ধৰ্ম মানৱসৃষ্ট। যি সময়ত পৃথিৱীৰ ধৰ্মবোৰৰ উদ্ভৱ আৰু বিকাশ হোৱা নাছিল, সেই সময়ত প্ৰাচীন মানুহে প্ৰকৃতিকেই পৰম শক্তিৰূপে আৰাধনা কৰিছিল। প্ৰকৃতি পূজাৰ এই অৱস্থাটোক কোৱা হৈছিল Paganism. অৰ্থাৎ আধুনিক ধৰ্মবোৰৰ আগৰ কালটোৱেই হ'ল এই পেইগেনিজিম। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে সনাতন হিন্দু ধৰ্মই ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। কিয়নো প্ৰকৃতিৰ বিভিন্ন ৰূপ বা বস্তুক আজিও দেৱ-দেৱীৰূপে আৰাধনা কৰি থকা হৈছে।
প্ৰকৃতিক আৰাধনা কৰাৰ লগে লগে পৃথিৱীৰ সকলো ঠাইতে প্ৰাচীন মানুহে লিংগ আৰু যোনিৰ পূজা কৰিছিল। ইয়াত কোনো অশ্লীলতা নাছিল। কিয়নো সৃষ্টিৰ বাবে লিংগ আৰু যোনিৰ মিলন অৱশ্যম্ভাৱী। সেয়েহে, ইয়াৰ পূজন অতি পবিত্ৰ, ব্যভিচাৰ নহয়।
পৃথিৱীৰ বেছিভাগ উৎসৱেই ঋতুৰ লগত জড়িত। অম্বুবাচীও ব্যতিক্ৰম নহয়। ইও এক কৃষি উৎসৱ। ব'হাগ-বসন্তৰ আগমনত প্ৰকৃতি যৌৱনপ্ৰাপ্ত হয়। আহাৰ মাহত প্ৰকৃতিৰ ৰজঃস্বলা অৱস্থা। অৰ্থাৎ প্ৰকৃতি সন্তান জন্ম দিবলৈ সাজু। অম্বুবাচীৰ পিছতেই খেতিৰ কাম আৰম্ভ হ'ব। পথাৰৰ মাটিত হাল চলিব। নাঙলৰ ফাল লিংগৰ প্ৰতীক (Phallus symbol)। নাঙলৰ ফাল ভূমিত প্ৰৱেশ কৰিব। সৃষ্টি ৰচনাৰ বাবে যেন এয়া যেন প্ৰকৃতি পুৰুষৰ মিলন। লাহে লাহে পথাৰ সেউজীয়া হ'ব, প্ৰকৃতি সন্তানসম্ভৱা হ'ব। সময়ত শষ্য চপোৱা হ'ব আৰু শীতৰ আগমন ঘটিব। প্ৰকৃতি শুই পৰিব। শুই পৰা প্ৰকৃতি বসন্তৰ আগমনত পুনৰ সজ্জিত হ'ব। এয়া হ'ল জীৱনচক্ৰ -- জন্ম, মৃত্যু আৰু পুনৰ্জ্জন্ম (Life, Death and Resurrection)। প্ৰকৃতিৰ এই জীৱনচক্ৰ চলি থাকিব অনন্তকাললৈ।
অম্বুবাচীয়েই হওক বা নাৰীৰ ৰজঃস্বলা অৱস্থাই হওক ই এক প্ৰাকৃতিক পৰিঘটনা। ইয়াতেই নিহিত হৈ আছে সৃষ্টিৰ ৰহস্য। পৃথিৱীৰ সকলো ঠাইতে নাৰী ৰজঃস্বলা হয়। কিন্তু অসম ভূমিৰ দৰে পৃথিৱীৰ কোনো ঠাইতে হয়তো এই পৰিঘটনাটোক ইমান মৰ্যাদাসহকাৰে পূজা কৰা নহয়। সেয়েহে প্ৰতিবছৰে অম্বুবাচীৰ সময়ত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ কামাখ্যা ধামলৈ আগমন ঘটে। আধুনিকতাৰ দোহাই দি এইবোৰ প্ৰথাৰ সজোৰে বিৰোধ কৰিব পৰা যায়। কিন্তু, এটা কথা সদায় মানি আহিছোঁ। যি ধৰণে নিজৰ ধৰ্মটোক গালি দি আনৰ ধৰ্মৰ প্ৰতি উদাৰতা দেখুওৱাটো ধৰ্মনিৰপেক্ষতা নহয়, একে ধৰণে নিজৰ ৰীতি-নীতি, পৰম্পৰাক ভেঙুচালি কৰি পশ্চিমীয়া পৰম্পৰাক আকোঁৱালি লোৱাটোও আধুনিকতা হ'ব নোৱাৰে। বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰিলেও আমাৰ জীৱন প্ৰকৃতিৰ লগত সম্পৃক্ত হৈ আছে। সেয়েহে নিজকে কেতিয়াও প্ৰকৃতিৰ পৰা বিচ্ছিন্ন কৰি চাব নোৱাৰোঁ। একমাত্ৰ এইটো কাৰণতে অম্বুবাচীৰ নিচিনা এটি ঋতুকালীন উৎসৱক শ্ৰদ্ধাসহকাৰে মানি আহিছোঁ।
✍🏻Gautam Goswami
উৎস : ফেচবুক
( Religious Studies )
No comments:
Post a Comment