আধ্যাত্মিক প্ৰেৰণাদায়ক সাধু কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 27, 2023

আধ্যাত্মিক প্ৰেৰণাদায়ক সাধু কথা : Religious Studies

Religious Studies


এজন ৰজা আছিল ।এদিন তেওঁৰ ৰাজসভাত ভগৱান সম্পৰ্কে জানিবলৈ   জিজ্ঞাসা বশতঃ     মন্ত্ৰীপাৰিষদ সকললৈ তিনিটা প্ৰশ্ন উপস্থাপন কৰিলে !  ( Religious Studies )


প্ৰশ্ন ৩টি হল-- 

১।    #ভগৱান_কত_থাকে?

২।    #তেওঁক_কেনেকৈ_পাব_পাৰি? 

৩।   #তেওঁ_জগতৰ_বাবে_কি_কি_কাম_কৰে ?

     ৰজাৰ প্ৰশ্ন শুনি মন্ত্ৰী সকল দোধোৰ মোধোৰত পৰি  নিমাত হৈ পৰিল । দুই এক পাৰিষদে যথাসাধ্য কিবাকিবি উত্তৰ দিলে যদিও ৰজা সন্তুষ্ট  নহল । শেষত  মন্ত্ৰী এজনে মন্তব্য দিলে-

 " মহাৰাজৰ প্ৰশ্লকেইটি  অতি তত্বগধুৰ আৰু আমি সকলোৱে জানিবলগীয়া বৰ দৰকাৰি প্ৰশ্ন ।  গতিকে    অনতিবিলম্বে ধৰ্মসভা এখন পাতি বিদ্বান  ব্যক্তি সকলৰ পৰা  যথোচিত  উত্তৰ বিচৰাতো  যুগুত হব মহাৰাজ..।"

    সকলোৱে হয়ভৰ দিয়াত ৰজা সন্মতি হ'ল।সেইমতে দেশবিদেশৰ বিভিন্ন

পন্ডিত ,যোগী ৰ্ঋষি আমন্ত্ৰন কৰি ধৰ্মসভা পতা হল।

 সভাত ৰজাৰ মুল প্ৰশ্ন ৩টা আগবঢ়োৱা হল । নানা পন্ডিত গণে নানা দীঘলীয়া  বক্তব্যৰে উত্তৰসমুহ  আগবঢ়ালে ।  

সভা ভাঙিল ,পিছে ৰজাই হলে  পন্ডিত সকলৰ  নানা তত্ব গধুৰ  ব্যাখ্যা  শুনাৰ পিচতো   একোকে বুজি নাপালে  ।

   সেয়ে পিছদিনা ৰাজসভাত  মন্ত্ৰী সকলক প্ৰশ্ন তিনিটিৰ উত্তৰ পুনৰ এজন এজনকৈ সোধা হল  ।

সকলোৱে নোৱাৰো বুলি কলে যদিও  হঠাতে এজনে  পাৰিম বুলি কৈ পেলালে ।  ৰজা  আনন্দিত হৈ তুৰন্তে  উত্তৰ সোধাত মন্ত্ৰীয়ে কলে- "মহাৰাজ  , মোক সাত দিন সময় দিয়ক ; মই আপোনাৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিম।"  

    ৰজা সন্মত হল  ,কিন্তু মন্ত্ৰীলৈ  এটা স্বৰ্ত ৰাখিলে যে  "যদি  অষ্টম  দিনা যথাযথ  উত্তৰ দিব নোৱাৰে প্ৰাণদন্ড বিহা হব। "মন্ত্ৰী নিৰুপায় হৈ "হব মহাৰাজ " বুলি কলে । 

আচলতে মন্ত্ৰীজনে ৰজাক ভালৰি লগাবলৈহে হঠাতে কৈ পেলাইছিল । ঘৰলৈ আহি চিন্তাই ভাৱনাত বিভোৰ  হৈ পৰিল  ,কি উত্তৰ দিব ৰজাক? ..অন্যথা প্ৰাণদন্ড ????

নানা চিন্তা ভাৱনাৰে নিৰুপায় হৈ  পিছদিনা পুৱতী নিশাতে দুৰ দুৰণিৰ বিদ্বান লোক বিচাৰি ৰাওণা হল।  এজন এজনকৈ বিভিন্ন পন্ডিতৰ সৈতে আলোচনা কৰি কোনো সঠিক উত্তৰ গোটাব নোৱাৰিলে । মন্ত্ৰী বিপাঙত পৰিল । দুখ বেজাৰ আৰু মৃত্যুদন্ডৰ কথা সোৱৰি  হতাশ ভাৱেৰে ষষ্ঠ দিনা উভতি আহিল ।    

মন্ত্ৰীৰ সমস্যাৰ কথা ঘৰৰ কাকো জনোৱা নাছিল । ঘৰলৈ আহি অতি বেজাৰ মনে বহি থকা দেখি তেওঁৰ প্ৰিয় ভৃত্য এজনে বাৰে বাৰে বেজাৰৰ কাৰন সুধিলে যদিও কোনো উত্তৰ নিদিলে ।   আনকি নিশা মন্ত্ৰীয়ে কোনো আহাৰ পৰ্যন্ত গ্ৰহন কৰিব নোখোজা দেখি  ভৃত্যজনে  খুব কাকুটি মিনতি কৰি  সোধাত  মন্ত্ৰীয়ে " তোক কলেইবা হব কি " বুলি কও নকওকৈ সকলো কথা বিৱৰি কলে ।  লগতে তেওঁযে  ৰজাৰ আগত নিজকে শ্ৰেস্থ্য মন্ত্ৰী দেখুৱাবলৈহে "পাৰিম " বুলি কৈছিল  তাকো কলে । ভৃত্যজনে  কলে " আপুনী একো চিন্তা নকৰিব ; আপোনাৰ এই সমস্যা মোৰ ওপৰত এৰি দিয়ক মালিক । ৰজাই কাটোকেই বা মাৰকেই -তিনিওটা প্ৰশ্নৰ উত্তৰ মই দিম  মালিক।"    মন্ত্ৰী আচৰিত হল  । বিশ্বাস হোৱা নাছিল যদিও  পিছদিনা দুয়োজন ৰাজসভাত উপস্থিত হল ।  ( Religious Studies )


   ৰজাই সুধিলে " মোৰ প্ৰশ্নৰ উত্তৰ যুগুতোৱা  হলনে মন্ত্ৰী মহোদয় ?"

মন্ত্ৰী:  "হয় মহাৰাজ !  আপোনাৰ প্ৰশ্ন তিনিটা অতি সহজ ! ইয়াৰ উত্তৰ মোৰ এই সাধাৰন ভৃত্যজনেও জানে ।" ৰজা আচৰিত !  ঠিক আছে বুলি থিয় হৈ থকা ভৃত্য জনকপ্ৰথম প্ৰশ্ন কৰিলে " ভগৱান ক'ত আছে?  

 ভৃত্যই কলে _ "আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মোক এবাতি গাখীৰ দিয়ক , গাখীৰ অনা হল । ভৃত্যই বহু সময় গাখীৰত আঙুলি ভৰাই কিবা বিচাৰি থকা দেখি  ৰজাই বিৰক্তিৰে সুধিলে --" তই কি ধেমালি কৰি আছ ?সোনকালে মোৰ প্ৰশ্নৰ উত্তৰ দে।"

ভৃত্য:---"দিম মহাৰাজ  মই প্ৰথমতে গাখীৰত থকা  ঘি খিনি উলিয়াই লওঁ । "

ৰজা -(-খঙেৰে) "  বুৰ্বক,কি এইবোৰ লৰা ধেমালি পাতিছ ? গাখীৰত ক'ত ঘী পাবি ? 

ভৃত্য:-- "নহয় মহাৰাজ গাখীৰৰ পৰাইতো ঘি হয়  , গতিকে  ইয়াত নিশ্চয় ঘি  আছে  ।"

"ৰজা :- ঘি আছে । কিন্তু ইয়াক পাবলৈ গাখীৰখিনি  মথনীৰে মথি মাখন উলিয়াব লাগিব ,মাখন পগাইহে শেষত ঘি পাবি ।    ......মই সোধা প্ৰশ্নৰ উত্তৰ দে ,অন্নথা মন্ত্ৰীৰ লগতে তোকো মৃত্যুদন্ড বিহা হব।"

ভৃত্য:-  উত্তৰ আপোনাৰ কথাখিনিতেই আছে ।  গাখীৰৰ বিন্দুই বিন্দুই যেনেকৈ ঘি সোমাই আছে এই ব্ৰহ্মান্ডৰ জীৱ  ,অজীৱ ,আকাশ বায়ু ,গ্ৰহ নক্ষত্ৰ সকলোতে ভগৱান আছে ।"

ৰজা  কিছু মৌন হৈ পুনৰ সুধিলে -  বুজিলো, পিছে মোৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দে- "ভগৱানক কেনেকৈ পাব পাৰি?"

ভৃত্য :-- তাৰ উত্তৰ আপুনীয়েই দিছে , গাখীৰ মথনীৰে মথি আৰু তাক  পগাই ঘী পোৱাৰ নিচিনাকৈ  সংযম আৰু জ্ঞানৰ কঠোৰ  সাধনাৰে মথি  পৰম জ্যোতিস্বৰূপ ভগৱানৰ অনুভুতি  উপলব্ধি কৰিব পাৰি ।"

সাধাৰন ভৃত্যৰ মুখত এনে তত্বপুৰ্ন উত্তৰ শুনি ৰজা অবাক হৈ তৃতীয়  প্ৰশ্নটো সুধিলে :-- ভগৱানে জগতৰ বাবে কি কি কাম কৰে ?

ভৃত্য :-  মহাৰাজ , ইমান সময়ে মোৰ লগত  ভগৱানৰ তত্ব গধুৰ আলাপ কৰা স্বত্বেও  বহিবলৈ এখন সাধাৰন আসন পৰ্যন্ত আগবঢ়োৱা নাই  ।থিয় হৈ মোৰ ভৰি বিষাব ধৰিছে! আপোনাৰ তৃতীয় প্ৰশ্নৰ উত্তৰ  আপোনাৰ সিংহানত বহিহে দিব পাৰিম । গতিকে মহাৰাজ  কিছুক্ষনৰ বাবে মোক সিংহাসনত বহিব দিয়ক আৰু আপুনি মোৰ ঠাইত  থিয় হওক । অন্নথা মই অপাৰগ মহাৰাজ ।"

ৰজা  বিমোৰত পৰিল :। তথাপি ভৃত্যৰ গুৰুগম্ভীৰ  কথা আৰু তৃতীয় প্ৰশ্নৰ উত্তৰৰ আশাত  ভৃত্যক নিজৰ আসনত আৰু  নিজে  ভৃত্যৰ ঠাইত থিয় হল ।

সিংহাসনত বহি ভৃত্যই উত্তৰ দিলে _"জীৱৰ কৰ্মৰ  অনুকুলে  ফল দান কৰা  ভগৱানৰ কাম মহাৰাজ !ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল ॥ নাজানো কি দোষৰ বাবে আজি  আপুনি সাধাৰন প্ৰজা আৰু কি পূণ্যৰ বাবে  ক্ষন্তেক সময়ৰ বাবে হলেও মই ৰজা হলো !  সকলো তেওঁৰেই বিচাৰ ।"

(আসনৰ পৰা নামি)   মোৰ গুৰুৰ সাক্ষাতত সকলো জানিব পাৰিব মহাৰাজ ।

       ৰজা কিছুসময় নীৰৱ হৈ    দৌৰি গৈ ভৃত্যক আকোৱালি ললে আৰু  বহুতো ধন সম্পত্তি পদবীৰে  বিভুষিত কৰি ৰাজসভাত স্থান দিলে আৰু মন্ত্ৰীকো উপযুক্ত পুৰস্কাৰ দিলে ।


        ( Religious Studies )

ঔঁম নমো ভগৱতে বাসুদেৱায় 

              

যতীন দাস । মালয়বাৰী -কামৰূপ (ম) অসম

No comments:

Post a Comment

Advertisement

Pages