ভগৱান‌ আমাৰ কিনি থোৱা গোলাম নহয় যে যি লাগে কও তাকে দিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 25, 2023

ভগৱান‌ আমাৰ কিনি থোৱা গোলাম নহয় যে যি লাগে কও তাকে দিব : Religious Studies

Religious Studies


আপুনি মঠ মন্দিৰ যাইনে? যদি যায়,কিয় ?ভগৱানক পাবলৈ?কি কাৰণে বিচাৰে তেওক লগ পাবলৈ? স্বাৰ্থসিদ্ধিৰ খাতিৰত?( Religious Studies 

ভগৱানে শুনিছেনে আপোনাৰ আকাংখ্যাক?শুনিছে যদিহে বিশ্বাস ৰাখিছে ভগৱানৰ ওপৰত,নাইশুনা যদিহে লাহে লাহে বিশ্বাস নাইকিয়া হৈ আহিছে।


কৈতিয়াবা ভাবিছেনে ভগৱান কোন? কত থাকে? কি কৰে? কিয় কাৰোবাৰ ইচ্ছা সহজে পুৰণ কৰে,কাৰোবাৰ নকৰে?

ভগৱান অৰ্থাৎ প্ৰকৃতি।তেওঁ সকলোতে বিৰাজমান থিক বতাহৰ দৰেই।তেওঁ কোনো নিৰ্দিষ্ট ঠাইত বহি নাথাকে আপুনি ভবাৰ দৰে।আপুনি গা ধোৱক বা নোধোৱক,ধুতি কাপোৰ পিন্ধক বা নিপিন্ধক,ধূপ চাকি লগাওক বা নলগাওক,ফুল প্ৰসাদ দিয়ক বা নিদিয়ক,মন্দিৰতে থাকক বা গা ধোৱা ঘৰতে থাকক,তেওঁ সকলোতে সকলো সময়তে,সকলোৰে বাবে  সমানে সহজলভ্য। 24×7।তেন্তে কিয় এই নীতি নিয়মবোৰ?


গা নোধোৱাকৈ আপুনি আপোনাৰ সন্মানীয় ব্যক্তিজনক(ধৰি লওক আপোনাৰ অফিচৰ বছক) লগ কৰিবলৈ যাব নে?নিশ্চিত ভাৱেই গা ধুই পৰি পাতিকৈ পৰিস্কাৰ কাপোৰ পিন্ধি সন্মানীয় ব্যক্তিজনক লগ কৰিবলৈ গলে আপুনি বেছি comfortable অনুভৱ কৰিব,শুই উঠ দাঁত ,মুখ,গা নোধোৱাকৈ যোৱাতকৈ।শুদা হাতে লগ কৰিবলৈ যোৱাতকৈ তেওঁৰ ভালপোৱা মিঠাই বা এনেধৰণৰ কিবা এটা নিলে আপোনাৰ মুখামুখি হবলৈ সহজ লাগিব।তেওঁক দেখি সুন্দৰকৈ সম্ভাষণ এটা জনালে ভাল লাগিব।নহয় জানো?তেওঁও ভাল পাব আপোনাৰ ব্যৱহাৰত,আপোনাৰো মুকলি লাগিব নিজৰ কাম আদায় কৰিবলৈ।থিক তেনেদৰে ভগৱানক বিচাৰি মন্দিৰ গলে হাতত আমি তেও ভাল পোৱা বস্তুৰ শৰাই নিও।তেওৰ পচন্দৰ ফুল নিও।সুগন্ধৰ বাবে ধুপ নিও,তেওঁৰ উপস্হিতিক আৰু অলপ শক্তি দিবলৈ চাকি দিও।সকলো বস্তুৱেই নিজস্ব বৈশিষ্ট্যৰ বাবেহে ভগৱানক অৰ্পন কৰাৰ উদ্দেশ্যে নিয়া হয়।


ভগৱানক বিচাৰি কতো যাবলৈ প্ৰয়োজন নাই।যিহেতু তেঁও সকলোতে থাকে,ঘৰতে তেওঁক পাব।তেন্তে মন্দিৰ কিয় যাই?

প্ৰথম জানিব লাগিব শক্তি।ধনাত্মক শক্তি আৰু ঋণাত্মক শক্তি।ধনাত্মক শক্তিক ভগৱান বুলি কব পাৰে,ঋণাত্মক শক্তিক ভূত, প্ৰেত, অপশক্তি বুলি ভাবি লব পাৰে।

মন্দিৰ ভগৱানৰ উপাসনা কৰা ঠাই।চিকিৎসালয়ত যেনেকৈ কেৱল চিকিৎসা কৰে,তেনেদৰে থিক মন্দিৰত উপাসনা কৰে।পুৱা গধুলি বছৰ বছৰ ধৰি যদিহে সম্পূৰ্ণ বৈদিক নিয়মত পূজা কৰা হয়,ধনাত্মক শক্তিৰে মন্দিৰ উভৈনদী হৈ পৰে।যেতিয়াই কোনোবাই মন্দিৰ ভ্ৰমণ কৰে,সেই ধনাত্মক শক্তিৰ সামান্য অংশ সেই লোকজনে গ্ৰহণ কৰাৰ ফলত মনত এক অপুৰ্ব তৃপ্তি অনুভৱ কৰে।সেই তৃপ্তি এজন সাধাৰণ ধনাত্মক লোকে সহজে গ্ৰহণ কৰিব পাৰে আৰু সেই অনুভৱ পোৱাৰ পাছত তেওঁ সঘনাই 

সেই তৃপ্তিৰ লোভত মন্দিৰ দৰ্শন কৰে।এজন ঋণাত্মক লোকে প্ৰথম অৱস্থাত এই ধনাত্মক শক্তিক অনুভৱ কৰিব নোৱাৰে।এবাৰ দুবাৰ অনুভৱ কৰিব নোৱাৰাৰ ফলত তেওঁ মন্দিৰ দৰ্শন বাদ দিয়ে,যিহেতু তেওঁ আগৰেপৰাই ঋণাত্মক।কিন্তু যদিহে তেওঁ অনুভৱ কৰিব নোৱাৰাৰ পাছতো মন্দিৰ দৰ্শন অব্যাহত ৰাখে,ঋণাত্মক শক্তিৰ সলনি লাহে লাহে তেওঁৰ দেহত  ধনাত্মক শক্তিৰ প্ৰাধান্য হৈ পৰে।এই ধনাত্মক শক্তিক নাছা তথা বিজ্ঞানে কচমিক এনাৰ্জিৰ নাম দিছে।

যেতিয়াই আপোনাৰ শৰীৰে এই ধনাত্মক শক্তিক ঈশ্বৰৰ উপাসনাৰ জড়িয়তে নিজৰ শৰীৰত জমা কৰিবলৈ লয়,তেঁওৰ আভামণ্ডল (aura) গঢ়ি উঠে।আপুনি যি ইষ্টৰ উপাসনা কৰে,তেঁওৰ ৰঙেৰেই আপোনাৰ আভামণ্ডল দেখা যায়।


ধনাত্মক আভামণ্ডল থকা লোকৰ লগত থাকিলে আপোনৰ শৰীৰেও ধনাত্মক শক্তি গ্ৰহণ কৰা আৰম্ভ কৰিবলৈ ধৰে,থিক তেনেকৈ ঋণাত্মক আভামণ্ডল থকা লোকৰ লগত থাকিলেও আপোনাৰ শৰীৰত ঋণাত্মক শক্তি জমা হয়।তাকে আমি সংগৰ প্ৰভাৱ বুলি কও।সেয়েহে বন্ধুৰ নিৰ্বাচনত সদায় সচেতন হোৱাৰ প্ৰয়োজন।শিশু এটা জন্মতে ধনাত্মক আভামণ্ডল সৈতে পৃথিৱীলৈ আহে ।শিশুটিৰ লগত থকা পিতৃ মাতৃ,আত্মীয় স্বজনৰ ওপৰত নিৰ্ভৰ কৰে ভৱিষ্যতে শিশুটিৰ আভামণ্ডল ধনাত্মক হব নে ঋণাত্মক হব।

সেয়ে হয়তো জাত পাত ব্যৱস্থাৰ আৰম্ভ হৈছিল এই আভামণ্ডলক ভিত্তি কৰিয়েই।সেয়ে নিৰ্দিষ্ট জাতৰ লোকৰ মাজত ব্যক্তিত্ব,স্বভাৱ, চিন্তাধাৰা, ব্যৱহাৰৰ মিল দেখা যায়।

এজন লোকৰ ধনাত্মক শক্তি ভৰিৰ দ্বাৰা প্ৰভাৱিত হয় ভূখণ্ডলৈ।আমাক ডাঙৰে আশীৰ্বাদ দিয়ে তালুত ধৰি আৰু আমি আৰ্শীবাদ লও ভৰিত ধৰি।অৰ্থাৎ এজনৰ ধনাত্মক শক্তিক আমি ভৰি চুই আহৰণ কৰো,তেও আমাৰ তালু চুই সহস্ৰৰ চক্ৰৰ জৰিয়তে আমাক ধনাত্মক শক্তি প্ৰদান কৰে।

                        

পানীয়েই প্ৰাণীৰ প্ৰাণ। প্ৰায়বোৰ ধৰ্মতে পানীক বিশুদ্ধিকৰণৰ বাবে ব্যৱহাৰ কৰা হয়।হিন্দুধৰ্মত গংগাত স্নান কৰি আত্মাক পবিত্ৰ কৰা হয়,ইছলামত দৈনিক ৱজু কৰা পদ্ধতি আছে শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীক পবিত্ৰ কৰাৰ বাবে নামাজৰ আগত।খ্ৰীষ্টিয়ানৰ বাপ্তিজিমত পানীৰ জড়িয়তেই পবিত্ৰ কৰা হয়।আমাৰ শৰীৰৰ অধিকাংশই পানী।ইয়াৰ অৰ্থ আমিও থিক পানীৰ দৰেই। নিৰাকাৰ,নমনীয়,সচেতন,কোনো বাধাৰে ৰখাব নোৱাৰা।

আমি সাধাৰণতে খাদ্য আৰু নিদ্ৰাৰ পৰা শক্তি পাও।

টোপনিত থকা অৱস্থাত আমি গভীৰ ধ্যানত থাকো বুলি কব পাৰে,সেই  ধ্যানমগ্ন অৱস্থাত আমি এই ধনাত্মক শক্তিক আহৰণ কৰি পুৱা শক্তিশালী হৈ উঠো।

ধনাত্মক শক্তিক পানীয়ে শুহি ৰাখিব পাৰে।আমি সেই ধনাত্মক শক্তি থকা খাদ্য খায়েই জীয়াই আছো,থিক তেনেদৰে ঋণাত্মক শক্তিৰ পানীৰ পৰা ৰোগ আৰু মৃত্যু।

গীৰ্জাত সেয়েহে হলী ৱাটাৰ ৰখা হয় সন্মুখভাগতে,মছজিদত থাকেই পানী।তেনেদৰে প্ৰায়বোৰ মন্দিৰতে মূল বিগ্ৰহৰ ওচৰত পানী থাকে।বা পুজা পাতলত শান্তি পানী চটিয়াই দিয়া হয়,যাতে পানীয়ে শুহি ৰখা ধনাত্মক শক্তিক পানীৰ টোপালৰ জড়িয়তেই সকলোৱে গ্ৰহণ কৰিব পাৰে।


তেনেদৰেই আমাৰ হালধি,চন্দন,সেন্দুৰ,ভস্ম আদি ব্যৱহাৰ কৰি দুই ভ্ৰুৰ মাজৰ অংশত অজানা চক্ৰত তিলক লোৱা হয়।অজানা চক্ৰক eye of intuition বা third eye বুলিও কোৱা হয়,যাৰ দ্বাৰা আমি সাধাৰণ চকুৰে নেদেখা সুক্ষ্ম জগতখন চাব পাৰো।

এই অজানা চক্ৰত আমাৰ শৰীৰত থকা বাসত্তৰ হাজাৰ নাড়ীৰ (astral nerves) মিলন হয় ।আমাৰ সকলো চিন্তাৰ আৰু অতীতৰ স্মৃতিৰ স্হান বুলিও ধৰা হয়।সেয়ে অতি সংবেদনশীল এই অংগত ধনাত্মক শক্তি শুহি ৰাখিব পৰা পদাৰ্থৰ সহায়ত তিলক কৰি শাৰীৰিক আৰু মানসিক সুৰক্ষা প্ৰদান কৰা হয়।আত্মবিশ্বাস বাঢ়ে।চক্ৰৰ বিষয়ে পাছত লিখিম।

দেৱী পুজাত সেন্দুৰ ব্যৱহাৰ কৰা হয়,সেয়ে দেৱীৰ মন্দিৰত চাকি ধুপৰ লগত সেন্দুৰ ও দিয়া হয়,মন্দিৰত ধনাত্মক শক্তি শোষণ কৰি লোৱা সেন্দুৰ আমি ঘৰলৈ আনি দৈনিক ব্যৱহাৰ কৰো।দৈনিক সেই ধনাত্মক শক্তিক আমাৰ শৰীৰত গ্ৰহণ কৰো।কিন্তু দেৱী পূজা নকৰা সকলে  সেন্দুৰ কিয় ব্যৱহাৰ কৰে সেই বিষয়ত মই অজ্ঞাত। হয়তো প্ৰসাধন হিচাপে বা হিন্দুৰ পৰিচয় হিচাপেও ব্যৱহাৰ কৰিব পাৰে।


বহুতৰ মনত প্ৰশ্ন হয়,মন্দিৰ, নামঘৰ গলে চাদৰ মেখেলা,ধূতি পিন্ধিব লাগে বুলি নিয়ম আছে  নেকি? কিয় এনেধৰণৰ নিয়ম?

আপোনাৰ এনে লাগে নেকি যে ভগৱান আপোনাৰ সাজ সজ্জা চাবলৈকে বহি থাকে?নিশ্চিত ভাৱেই নহয়।আপুনি যি বস্ত্ৰৰেই নাযাওক কিয়,কোনো পাৰ্থক্য নাথাকে ভগৱানৰ চকুত।কিন্তু মাৰ্জিত সাজ সজ্জাৰে যোৱা নোযোৱাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে।ইন্টাৰভিউ বা অফিচৰ মিটিংখনলৈ যদিহে আপুনি ফৰমেল ড্ৰেছ কডত যাব লাগে বুলি জানে,মন্দিৰলৈ জিন্সৰ পেন্ট টো পিন্ধি যাব নেলাগে বুলিও জানিব লাগে।এইয়া সামাজিক শিষ্টাচাৰ।এই ধনাত্মক শক্তি আপোনাৰ বাবে যেনে হয়,মন্দিৰৰ চৌহদত চৰি থকা গৰু বা ছাগলীটোৰ বাবেও একেই হয়।আপোনাৰ পৰিচয়,সামাজিক সন্মান এইবোৰ লৈ কোনো বিশেষ সুবিধা নাপায়।যেতিয়াই আপুনি ধনাত্মক শক্তিক গ্ৰহণ কৰি ধনাত্মক হৈ উঠিব, এইবোৰ আপোনাৰ নিয়ম যেন নলগা হব।


এই ধনাত্মক শক্তি আপুনি যিমানেই উপাসনা কৰিব,সিমানেই আপোনাৰ শৰীৰত বাঢ়ি যাব।আপুনি নিজক বুজি উঠা হব।নিজক চিনিপোৱাৰ লগতে অন্য দহজনকো চিনিপোৱা বা বুজিপোৱা হব।লাহে লাহে সমগ্ৰ প্ৰকৃতিক বুজি পোৱা হব।দয়া,মৰম,ক্ষমা আদিয়ে আপোনাৰ মনত থকা হিংসা,লোভ,মোহ ,অহংকাৰক replace কৰিব।আপোনাৰ সকলো মনোবাঞ্চা মুহুৰ্ততে পুৰ্ণ হবলৈ লব।কিন্তু তেতিয়া আপুনি নিজক আৰু প্ৰকৃতিক বুজি পোৱাৰ বাবে ভৌতিক সুখ আৰু স্বাৰ্থক প্ৰাধান্য নিদিয়া হৈ পৰিব।কেতিয়াবা ভাবি চাইছেনে যে সাধু ,সন্ন্যাসী, মন্দিৰ সমূহৰ পূজাৰী সকলে ইমান সাধাৰন সাজ সজ্জাত কিয় থাকে? তেওঁলোকৰ মন নাযাই নে  বিলাসী জীৱন কটাবলৈ?

 উত্তৰ হল - তেঁওলোকে যি পাইছে আপুনি সেয়া দেখি নাপাই। আপুনি ভৱাৰ দৰে তেওঁলোকৰ উপাৰ্জনও বহুত নহয়।মন্দিৰ পৰিচালনা কমিটিয়ে যি দৰমহা দিয়ে,তাৰ ওপৰতে তেঁওলোক চলে,আপুনি দিয়া দান বৰঙণিৰ মূল্য কমিটিয়েহে লয়,বিভিন্ন শিতানত খৰচ কৰে।তাৰ এক ক্ষুদ্ৰ অংশ হে পুজাৰীৰ ভাগত পৰে,লোভ মোহৰ পৰা মুক্ত বাবে তেঁও ডিমাণ্ড দিব নোৱাৰে,যদিওবা সমগ্ৰ জীৱজগতৰ স্বাৰ্থত তেঁও ভগৱানৰ আলপৈচান, আৰাধনাৰ কামত ব্যস্ত থাকে।উপাৰ্জনৰ অন্য পথ লবলৈ সময় নেপাই,কাৰণ এই মন্দিৰ কাম কৰি বান্ধ খাই ভৌতিক সুখ সুবিধা ত্যাগ কৰা মানুহ আঙুলিৰ মুৰত লিখিব পৰা।মন্দিৰৰ 

পৰা দান বৰঙণি উঠোৱা ,সাজ সজ্জা বা বিভিন্ন বাহ্যিক কাৰণবোৰ  কমিটিৰ লগত হে জড়িত।যদিহে ভগৱানক দিয়া উপহাৰ কোনোৱাজনে আত্মসাৎ কৰে,তেওঁৰ নিজৰ কাৰ্মিক মতে শাস্তি পাব লাগিলে পুজাৰীয়েই নহওক কিয়।কাৰ্মিকৰ বিষয়ে আগৰ লেখাত লিখিছো মই। 

নতুন মন্দিৰৰ,নামঘৰৰ কথা মই নকও,কাৰণ আজিকালি উপাৰ্জনৰ তাগিতাত ভগৱানক চেলু লৈ বিভিন্ন ঋণাত্মক সমাজ গঢ়ি উঠিছে।মই কেৱল সনাতন সমাজব্যৱস্থাৰ কথাহে লিখিছো এই লেখাত।মোৰ বিশ্বাস, যি পুৰণা সি সত্য,পাছৰ বোৰ মাথো copy paste.।copy paste মই বিস্বাস নকৰো।যুক্তি নাপাও বিচাৰি।


সাধাৰণ মানুহৰ চিন্তা হয়,মন্দিৰত কিয় সংস্কৃত ভাষাৰ ব্যৱহাৰ হে কৰা হয়,যতনেকি সাধাৰণ লোকে বুজিয়েই নাপাই? সংস্কৃত এটা বহু পুৰণি ভাষা,প্ৰথম অৱস্থাত ইয়াৰ লিপি নাছিল।বহু বছৰ লৈকে ইয়াক মৌখিক ব্যৱহাৰ কৰি অহা হৈছিল যদিও উচ্চাৰণ সলনি হোৱা নাছিল।পাছৰ পৰ্য্যায়ত দেৱনাগৰী লিপিৰে লিখিত ৰূপ দিয়া হৈছিল। বৈদিক সময়ৰ পৰাই  সংস্কৃত মন্ত্ৰৰ ব্যৱহাৰ আছিল।শব্দ যিহেতু কম্পন(vibration).সংস্কৃত প্ৰতিটো শব্দৰ উচ্চাৰণত নিৰ্দিষ্ট কম্পণ আৰু শক্তিৰ সৃষ্টি হয়।এটা মন্ত্ৰ এটা আখৰৰ,এটা শব্দৰ বা এটা শাৰীৰ হব পাৰে।ইয়াৰ উচ্চাৰণৰ পৰা যি কম্পণ সৃষ্টি হয় সেইয়া কোনো স্হানীয় ভাষাত নহয়।তামিল অতি পুৰণি ভাষা যদিও ইয়াৰ ব্যৱহাৰ কৰিব পৰা ক্ষমতা নাই। লগতে এই মন্ত্ৰ সমূহ সিদ্ধি লাভ কৰা আছে বহু সাধনাৰ পাছত,সেয়ে ইয়াৰ যি শক্তি সেই শক্তিক অনুবাদ কৰি লাভ কৰা সম্ভৱ নহয়।সেয়েহে স্হানীয় ভাষাৰ ভগৱানৰ আৰাধনা কৰা গীত এটা সংস্কৃতৰ স্লোক বা মন্ত্ৰৰ লগত তুলনা কেতিয়াও সম্ভৱ নহয়।চেটেলাইটৰ পৰা signals  পঠাই  যেনেকৈ আপুনি টিভি চাব পাৰে,তেনেকৈ এই সংস্কৃত শব্দ তৰংগৰ মাধ্যমেৰে ভগৱানক লগ পাব পাৰি।মন্দিৰত লগোৱা ঘন্টাৰ কাৰণো এই কম্পণ বা vibration.ধনাত্মক কম্পণৰ বাবেই ঘন্টাৰ ব্যৱহাৰ।চাকৰিৰ বা  ডিগ্ৰী ডিপ্লমাৰ  খাতিৰত যদিহে হিন্দি,ইংৰাজী শিকিব পাৰে,সংস্কৃত শিকিব নোৱাৰাৰ ইমান excuse কিয়?( Religious Studies )


ধনাত্মক শক্তিৰ প্ৰভাৱত আপুনি নিজক নতুন ৰূপত গঢ়িব পাৰিব। আপোনাৰ ভাল লগা বোৰ সলনি হব,আত্মসন্তুষ্টি পাব।সম্ভৱ সকলোবোৰেই পাব।আপুনি লাহে লাহে সাধাৰণৰ পৰা অসাধাৰণ হৈ পৰিব।লাহে লাহে আপুনি সাধাৰণ আত্মাৰ পৰা মহান আত্মা হৈ পৰিব আৰু শেষত মোক্ষ বা এই জীৱনৰ চক্ৰটোৰ পৰা মুক্ত হৈ পৰিব,মৃতুও নিজ ইচ্ছাই গ্ৰহণ কৰিব পৰা ক্ষমতা লাভ কৰিব।পুনঃ জন্ম হোৱাৰ প্ৰয়োজন নাইকিয়া হব।এনে মহান আত্মা সমূহ  মৃত্যুৰ পাছত আমাৰ চৌপাশে থাকি প্ৰয়োজন সাপেক্ষে আমাক ভূল পথৰ পৰা আতৰাই শুদ্ধ পথত আগুৱাই যোৱাত সহায় কৰিব। তাৰ উদাহৰণ ধৰ্মগুৰু সকল।

ভগৱানৰ দৰেই তেঁওলোকক সেয়েহে আৰাধনা কৰা হয়।


Indus valley আৰু India।বৈদিক সময়ৰ আটাইতকৈ উন্নত দেশ আছিল এই ভাৰতবৰ্ষ,যত ঋষি সকল আছিল বৈজ্ঞানিক।বিজ্ঞান, চিকিৎসাৰ সকলো ক্ষেত্ৰত তেওঁলোকে অতুলনীয় অৱদান দি থৈ গৈছে।বৰ্তমান লোকসমাজৰ মানসিকতা এনেধৰণৰ যেন সকলো বিজ্ঞানৰ অৱদান পাশ্চাত্যৰহে।


ধৰ্ম প্ৰয়োজনীয় দীৰ্ঘজীৱন আৰু সু স্বাস্থ্যৰ বাবে,দুখ কষ্ট,ৰোগ,শক্ৰুৰ পৰিত্ৰাণৰ বাবে।dharma is the way of life.


কৰ্ম্মই ধৰ্ম। আনৰ ধৰ্মৰ তুলনা,নিন্দা ধৰ্ম নহয়।কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰিহে ফল পাব।দিনে অপকৰ্ম কৰি ভগৱানক পূজা কৰিলে ফল একো নাপাই। অসুৰেও দেৱতাৰ সমানেই বা দেৱতাতকৈ অধিক কষ্ট কৰি ভগৱানক উপাসনা কৰি বৰ লাভ কৰিছিল, হলেও বিনাশ অসুৰৰহে হৈছিল,দেৱতাৰ নহয়।শক্তিৰ প্ৰদৰ্শন অসুৰেহে কৰিছিল নিজক শক্তিশালী বুলি আনক দেখুৱাবলৈ,দেৱতাই বিপদত পৰি ব্ৰহ্মা,বিষ্ণু,মহেশৰ ওচৰলৈহে লৰ মাৰিছিল,অসুৰৰ লগত তৰ্ক কৰি ফেপেৰি পাতিবলৈ যোৱা নাছিল।

এই ধনাত্মক শক্তিক প্ৰকৃতিৰ পৰাহে গ্ৰহণ কৰিব পাৰিব,বিকল্প নাই। একমাত্ৰ উপায় আৰ্শীবাদ। মানুহ,জীৱ জন্তুৰ, গছ গছনি,বা ভগৱান।সকলোৱে ভাল কাম বা সহায়ৰ বিনিময়ত আৰ্শীবাদ স্বৰূপে আপোনাক ধনাত্মক আৰ্শীবাদেই দিব।সেইয়াই ধনাত্মক শক্তি ।তেনেকৈ আপুনি কৰা বেয়া কামৰ বিনিময়ত শাও বা ঋণাত্মক শক্তিক লাভ কৰিব।


সনাতন ধৰ্মত কোনো এক নিৰ্দিষ্ট গ্ৰন্থ নাই,নিৰ্দিষ্ট ভগৱান নাই,মুখ্য ধৰ্ম গুৰু নাই,নিদিষ্ট কৰিবলগা আৰু নকৰিব লগীয়া কামৰ লিষ্ট নাই,কাৰণ  এইবোৰ বিষয় গণিব পৰা সম্ভৱ নহয় ।মূল গ্ৰন্থ হিচাপে অভিহিত বেদত চিকিৎসা,বিজ্ঞান,সমাজকে আদি কৰি এক বৃহত্তম জ্ঞানৰ ভাণ্ডাৰ আছে।

হিন্দু সভ্যতা বহু পুৰণা সভ্যতা।প্ৰাচীন শাস্ত্ৰত উল্লেখ থকা কথাবোৰকে ভিত্তি কৰি বিজ্ঞানে পুণৰ প্ৰমাণিত কৰি আছে।চেটেলাইট টেলিস্ক'পৰ আবিষ্কাৰ আগতেই নৱগ্ৰহৰ পৰিচয় আছিল।উৰাজাহাজৰ আগত পুষ্পকৰথ আছিল,পশুপাত অস্ত্ৰ  পাৰমাণৱিক বোমাৰ আগতেই আছিল।সঞ্জয়ে ভিডিঅ কলৰ আগতেই দূৰৰ খবৰ ভিডিঅ আকাৰেৰে চাব পাৰিছিল।সপ্তৰ্ষি  URSAৰ আগতেই পৰিচিত আছিল।

মহৰ্ষি কন্নৰ atomic theoryৰ পিতৃ।600 BCতে তেওঁৰ ৰ বৈশাখা সুত্ৰৰ পৰা atom ,moleculesৰ ধাৰণা সৰ্বপ্ৰথমবাৰৰ বাবে পৰিচিত কৰা হৈছিল। তেঁও atom ক অদৃশ্য বুলি অভিহিত কৰিছিল,গতিৰ বিষয়তো জনাইছিল। lows of gravity  জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ ভাস্কৰাচাৰ্য্যৰ সৃষ্টি। 11 শতিকাতে সূৰ্য্য সিদ্ধান্তত উল্লেখ আছে ইয়াৰ বিষয়ে,পৃথিৱীৰ আকৃতি গোলাকাৰ আৰু পৰিধিৰ বিষয়েও  তেওঁ কৈছিল।মহৰ্ষি আগস্ত্যৰ বৈদুতিক কোষৰ বিৱৰণ,চিকিৎসাশাস্তৰ পিতৃ চৰকৰ চৰক সংহিতা,অস্ত্ৰোপ্ৰচাৰৰ বা প্লাষ্টিক চাৰ্জাৰীৰ জনক শুশ্ৰুতৰ শুশ্ৰুত সংহিতা,বৰাহমিহিৰ,গণিতজ্ঞ বৌধায়ণ,ৰাসায়নসাস্ত্ৰৰ  নাগাৰ্জুন,পাণিণি,অস্ত্ৰৰ জনক বিশ্বামিত্ৰ ,কণ্বৰ কণ্বসংহিতা, ঋকবেদ আধিকাংশ মন্ত্ৰৰ ৰচোতাজনে বায়ু বিজ্ঞানৰ বিভিন্ন তথ্য জনাইছিল। বায়ু আৰু জুইৰ সম্বন্ধ ও তেওঁ শিকাইছিল। কপিল মুনিৰ সংখ্যজ্ঞান ত ধ্যানৰ বিৱৰণ আছে,পতঞ্জলিৰ যোগশাস্ত্ৰ, আচাৰ্য আৰ্য্যভট্টই পৃথিৱীয়ে প্ৰতিদিনে মেৰুদণ্ডৰ সহায়ত ঘুৰে বুলি জনাইছিল, সৌৰজগতৰ কক্ষপথৰ ধাৰণা আৰু সময়ৰ হিচাপ নিকাচৰ ধাৰণা তেৱেই সৰ্ব প্ৰথম দিছিল।সেয়েহে  ভাৰতৰ প্ৰথম চেটেলাইট আৰ্য্যভট্ট আৰু lunar crater আৰ্য্যভট্ট তেওঁৰ নামেৰেই দিয়া হৈছে।

মহৰ্ষি ভৰদ্বাজৰ বৈমানিক শাস্ত্ৰৰ কথা নিশ্চিত ভাৱে শুনিছে,algebra,square roots,সময়ৰ সংজ্ঞা,architecture, ব্ৰহ্মাণ্ডৰ গঠন,ধাতুবিদ্যা,কৃষি বিজ্ঞান এই সকলো বিষয় তাহানিৰেপৰা আমাৰ বেদতে উল্লেখ আছে।তেন্তে বিজ্ঞানৰ নতুনত্ব কত?

বিজ্ঞানেই সকলো বুলি ভাবিলোহেতেন যদিহে প্ৰকৃতিৰ সহায় নোলোৱাকৈ সৌৰজগতৰ সকলো গ্ৰহত কৃত্ৰিম প্ৰকৃতিৰ সৃষ্টিৰে কৃত্ৰিম গছ,জীৱ সৃষ্টি কৰি দেখালেহেতেন।ধৰ্ম আৰু ভগৱানকো বিস্বাস নকৰিলোহেঁতেন যদিহে আজি আধুনিক সমাজৰ লোকে যুজি থকা সকলো সমস্যাৰ সমাধান সনাতনত নাথাকিলেহেতেন।কবহে পাৰো,বুজা নুবুজাটো ৰাইজৰ নিজৰ ইচ্ছা।

শেষত কও,আপুনি  মা দেউতাক ভাল পাই,তেঁওলোকে আপোনাক ভাল পায়,সেইবুলি আপুনি বিচৰা সকলোবোৰেই যোগান ধৰে নে?নিশ্চিত ভাৱেই নহয়।ভগৱানেও আপোনাক ৰেডিমেদকৈ একো নিদিয়ে।মা দেউতাই যেনেকৈ পঢ়াশুনাৰ সুবিধা দিব,কিন্তু পঢ়ি উপাৰ্জনৰ বাট ওলিওৱা লৈকে কষ্ট আৰু দায়িত্ব আপোনাৰ। পুষ্টিকৰ খাদ্য মুখৰ আগত দিব,কিন্তু খোৱা নোখোৱাটো আপোনাৰ। তেনেকৈ ভগৱানেও আপোনাৰ প্ৰয়োজনীয় সা সুবিধা সকলো কৰি দিব,কষ্ট আৰু কৰণীয়খিনি আপোনাৰ।ফ্ৰি চাৰ্ভিছ আৰু ৰেডিমেদৰ সুবিধা নাই।তেওঁলোক আমাৰ পিতৃ মাতৃহে।আমাৰ কিনি থোৱা গোলাম নহয় যে যি লাগে কও তাকে দিব।এটা জন্মত টকাৰ অপব্যৱহাৰ কৰিব,পিছৰ জন্মত বা কেতিয়াবা একে জন্মতে ভিক্ষাৰী হব।পানী নষ্ট কৰিব,মৰুভূমিত জন্ম হব।সন্তানক অৱহেলা কৰিব,নিঃসন্তান হব।প্ৰকৃতিক যি অত্যাচাৰ কৰিব,তাৰেই আকালত ভোগিব।চিধা কথা।দয়া,ক্ষমা,মৰম এইবোৰ  Todo লিষ্টত লিখিবলৈ লওক,কৈছো নহয়,ছেকেণ্ডৰ ভিতৰতে মনোবাঞ্চা পুৰ্ণ হব। ( Religious Studies )


✍🏻Merin Kashyap


উৎস : ফেচবুক 


No comments:

Post a Comment

Advertisement

Pages