অম্বুবাচী --কামাখ্যা ধাম-- কামাখ্যা নামৰ উৎপত্তি -- ঘৰত অম্বুবাচী কেনেকৈ পালন কৰিব -- কিছু লোককথা-- ইত্যাদি( Religious Studies )
(২০২৩ বৰ্ষত অম্বুবাচী প্ৰবৃত্তিৰ দিন ২২ জুন।
আৰু নিবৃত্তি ২৬ জুনত।)
কামাখ্যা দেৱী পূজা কৰা হয়:
শত্ৰুৰ ওপৰত জয়;
সফলতা আৰু সমৃদ্ধি;
আধ্যাত্মিক বৃদ্ধি;
ইচ্ছা পূৰণ;
গৰ্ভ সম্পৰ্কীয় বিকাৰ নিৰাময় কৰা;
গৰ্ভধাৰণৰ আশীৰ্বাদ পাবলৈ; আৰু
জীৱনৰ সকলোকে প্ৰবাহৰ অৱস্থাত আনিবলৈ।
🙏🙏🙏
কামাখ্যা প্ৰণাম মন্ত্ৰ
কামাখ্য কাম সম্পানে কামেশ্বৰী হৰি প্ৰিয়,
কামনাম দেহি মে নিত্যম কামেশ্বৰী নমোস্তুতে|
🙏🙏🙏
দেৱী আমন্ত্ৰণ মন্ত্ৰ
সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধকে।
শৰণে ত্ৰয়ম্বকে গৌৰী নাৰায়ণী নমোহস্তুতে॥
ব্ৰহ্মৰূপে সদানন্দে পৰমানন্দ স্বৰূপিনি।
দ্ৰুতা সিদ্ধিপ্ৰদে দেৱী নাৰায়ণী নমোহস্তুতে॥
শৰণগতাদিনাৰ্তপৰিত্ৰনাপৰায়ণে।
সৰ্বস্যৰ্ত্তিহাৰে দেৱী নাৰায়ণী নমোহস্তুতে॥
কামাখ্যা নামৰ উৎপত্তি, মন্দিৰ নিৰ্মাণ, অম্ভুবাচী আৰু কিছু লোককথাঃ
কাম আৰু খ্যায়া এই দুটা শব্দৰ একক সমষ্টি কামাখ্যা।কাম্মা হৈছে পালি শব্দ।অৰ্থ কৰ্ম। সৎ কৰ্ম আৰু পৰোপকাৰৰ জৰিয়তে মাঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি।তেওঁ হৈছে স্নেহময়ী জননী।কামাখ্যাৰ প্ৰাচীন নাম হ'ল প্ৰাগজ্যোতিষপুৰ।
কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী।কালিকা পুৰাণত দেৱী কামাখ্যাক তান্ত্ৰিক পন্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে অভিহিত কৰাৰ লগতে মহামায়া হিচাপে চিহ্নিত কৰা হৈছে।কামাখ্যাক কামেশ্বৰী নামেৰেও অভিহিত কৰাৰ উপৰিও তেওঁ মহাত্ৰিপুৰা সুন্দৰীৰে এক ৰূপ হিচাপেও চিহ্নিত। কালিকা পুৰাণ যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু কামাখ্যা তন্ত্ৰত তেওঁক কালীৰ ৰূপত চিহ্নিত কৰা হৈছে। ভাৰতবৰ্ষৰ ৫১ টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠ হৈছে এই কামাখ্যা ধাম।
মূল মন্দিৰৰ চাৰিওকাষে থকা কালী, তাৰা, শোড়শী, ভূৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতঙ্গী আৰু কমলাত্মিকা এই দহটা পৃথক মন্দিৰৰ দ্বাৰা আবেষ্টিত।এই দহটা পৃথক মন্দিৰেই দশ মহাবিদ্যাৰ নামত উৎসৰ্গীকৃত। কামাখ্যা মন্দিৰ অসম গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত।মূল মন্দিৰটো দহ ফুট ওখ এটা শিলৰ গহ্বৰৰ গৰ্ভগৃহত মহামায়াৰ "যোনিপীঠ" অৱস্থিত আৰু আছে শিৱলিংগ।ষোড়শীৰ প্ৰতীক চিহ্ন।এই পীঠ ৰক্তাভ ৰেচমী ( চিল্ক) বস্ত্ৰৰে আচ্ছাদিত। ৰেচমি বস্ত্ৰৰে প্ৰতিস্থিত মহালক্ষ্মী আৰু মহাসৰস্বতীৰ শিলাপীঠ যথাক্ৰমে দশ মহাবিদ্যাৰ দুই মহাবিদ্যা কমলা আৰু মাতংগীৰ পৰিচয় বহন কৰে।
জনস্ৰোতি মতে কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল পাহাৰ হৈছে স্বয়ং মহাদেৱ। সতীৰ যোনিমণ্ডল এই পাহাৰত পৰাত এই পৰ্বতে নীল বৰণ ধাৰণ কৰে।তেতিয়াৰ পৰা এই পৰ্বতৰ নাম "নীলাচল" হ'ল।নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাটোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ।অতি প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ,তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়।
কামাখ্যা নামৰ উৎপত্তি , মন্দিৰ নিৰ্মাণ,অম্ভুবাচী আৰু কিছু লোককথাঃ
কোচ মহাৰজা বিশ্বসিংহই নীলাচলত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল।কথিত যে নকাসুৰে সৰ্ব্ব প্ৰথম এই পীঠৰ মন্দিৰ নিৰ্মাণ কৰিছিল। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্ত প্ৰায় অৱস্থাত পতিত হৈ আছিল আৰু সেই অৱস্থাতে এই পৰ্বতৰ অধিবাসী সকলে এই স্থানকেই দেৱস্থান বুলি মানিলৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযান কালত সৈন্ন সকলৰ পৰা বিচিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়। আৰু সেই পতিত হৈ থকা পীঠৰ স্তূপৰ কাষতে গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ মুখে সকলো কথা শুনি বিচ্ছিন্ন হৈ যোৱা সৈন্য বাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা আগবঢ়ায়। ইয়াৰ পিছতেই ৰজাৰ সেই মনোবাঞ্ছা পূৰ্ণ হয়।তেতিয়া সেই স্থানৰ মহত্ব দেখি ৰজাই বিষ্মিত হৈ তাতেই এক স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিব বুলি সংকল্পবদ্ধ হয়।খনন কাৰ্যত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ হৈছিল।ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল।আৰু জনশ্ৰুতিমতে এই মন্দিৰৰ প্ৰতিটো ইটাত এক ৰতি সোন প্ৰদান কৰিছিল।
১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমনণৰ সময়ত কামাখ্যা মন্দিৰ ধ্বংস কৰে।ইয়াৰ পিছত বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে।
উল্লেখযোগ্য যে এই নীলাচল পাহাৰত শক্তিৰ উপাসনা আৰম্ভ হোৱাৰ সৈতে শিৱৰ সহধৰ্মিণী সতীৰ দেহত্যাগৰ আখ্যান জৰিত হৈ আছে।কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এই আখ্যান সন্নিবিষ্ট কৰা হৈছে। কালিকা পুৰাণত উল্লেখ আছে যে ..............
দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সা- সম্পত্তি নোহোৱা টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিছিল। কিন্তু জোঁৱায়েকক নিমন্ত্ৰণ কৰা নাছিল।তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে যজ্ঞস্থলীত উপস্থিত হৈছিল।জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালেগৈ আৰু মহাদেৱক ভৎসনা কৰিবলৈ ধৰিলে।স্বামীৰ বদনাম অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে।প্ৰিয়তমা পত্নীৰ বিয়োগত মহাদেৱ শোকত ম্ৰিয়মান হৈ বলিয়াৰ দৰে সতীৰ মৃতদেহ কান্ধত তুলিলৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে।এনেদৰে ঘুৰি ফুৰোঁতে লাহে লাহে মৃতদেহটো শৰীৰৰ অংশবোৰ অ'ত ত'ত সিঁচৰিত হৈ পৰিছিল। প্ৰবাদ আছে যে সতীৰ শৰীৰৰ অংশবোৰ পৰা ঠাইবোৰত একোখনকৈ দেৱীপীঠৰ সূচনা হৈছিল।তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল।নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিছিল আৰু তাতেই শক্তিপীঠ কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল।
কামাখ্যা নামৰ উৎপত্তি, মন্দিৰ নিৰ্মাণ, অম্ভুবাচী আৰু কিছু লোককথাঃ
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূমিদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ ) অসুৰ পুত্ৰ। নৰকাসুৰৰ কিংবদন্তি অসমৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ।কিয়নো কামৰূপ শাসনৰ কেইবাটাও ৰাজবংশ নৰকাসুৰৰ পৰাই হোৱা বুলি জনা যায়।গুৱাহাটীৰ দক্ষিণত নৰকাসুৰ নামেৰে এখন পাহাৰ আছে। নৰকৰ মাতৃ ভূমিয়ে পুত্ৰ নৰকাসুৰৰ দীৰ্ঘ জীৱন আৰু শক্তিশালী হোৱাৰ বাবে বিষ্ণুক বৰ খুজিছিল। বিষ্ণুৱে এই বৰ পূৰ্ণ কৰাৰ লগতে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈও শিকাইছিল।এইসূত্ৰে শক্তি দেৱী আৰু উপাসনাৰ স্থান কামাখ্যাৰ সৈতেও তেওঁৰ নাম যুক্ত কৰা হয়।দশম শতিকাত অসমত ৰচিত উপপুৰাণ কালিকা পুৰাণত নৰকাসুৰৰ কিংবদন্তি আটাইতকৈ বেচি বৰ্ণনা কৰা হৈছে।
প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত।তেওঁৱেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল।প্ৰবাদ আছে যে নৰকাসুৰে এবাৰ দেৱীৰ দৰ্শন পালে আৰু দেৱী কামাখ্যাৰ স্বৰ্গীয় সৌন্দৰ্যত মুগ্ধ হৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।দেৱ- দেৱতা আৰু নৰমনিচৰ মাজত বৈবাহিক সম্বন্ধ সম্ভৱ নোহোৱা কথাটো দেৱীয়ে নৰকাসুৰক জনায়।কিন্তু নৰকাসুৰৰ আকোৰগোঁজ মনোভাবৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱীয়ে এটা বুদ্ধি সাজিলে।দেৱীয়ে নৰকাসুৰক ক'লে যে, যদি নৰকাসুৰে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে নীলাচলৰ নামনিৰ পৰা মন্দিৰলৈ এটা শিলৰ খটখটি এটা নিশাৰ ভিতৰতে সাজি দিব পাৰে তেতিয়া তেওঁ নৰকৰ লগত বিয়াত বহিব। দেৱীয়ে ভাবিছিল এই কাম কেতিয়াও সম্ভৱ নহ'ব। কিন্তু নৰকাসুৰে নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মানৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে কথা বিষম। তেওঁৰ ধাৰণা ভুল প্ৰমাণিত হ'ল। সেয়েহে তেওঁ কুচক্ৰান্তৰ আশ্ৰয় ল'বলৈ সিদ্ধান্ত ল'লে। আৰু দেৱীৰ আদেশ মতেই কুকুৰাই নিশা শেষ নোহোৱাকৈয়ে ডাক দিলে।তেতিয়া দেৱীয়ে নৰকাসুৰক ক'লে যে ৰাতি পুৱাল,কুকুৰাই ডাক দিলে। নৰকে চৰ্ত পূৰ্ণ কৰিব নোৱাৰিলে। এইদৰে দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পালে। কিন্তু পিছত যেতিয়া নৰকাসুৰে প্ৰকৃত সত্য ও দেৱীৰ কুচক্ৰান্তৰ বিষয়ে অৱগত হয়,তেওঁ প্ৰচণ্ড ক্ৰোধত কুকুৰাটো খেদিগৈ বৰ্তমানৰ কুকুৰা কটা নামৰ ঠাই টুকুৰাত মায়াবী কুকুৰাটো দুচেওকৈ কাটিছিল। নৰকাসুৰে এটা নিশাৰ ভিতৰতে নিৰ্মান কৰিছিল বুলি প্ৰবাদ থকা অসমাপ্ত খটখটিটোক "মেখেলা- উজোৱা " পথ নামেৰে জনা যায়।
এই ঘটনাৰ পিছতে নৰকে বশিষ্ঠ মুনিক কামাখ্যা মন্দিৰত উপাসনা কৰিবলৈ অনুমতি নিদিয়াত মুনিয়ে নৰক আৰু দেৱীক অভিশাপ দিয়ে যে এই মন্দিৰত পূজা কৰাসকলৰ মনোবাঞ্ছা পূৰ্ণ নহ'ব।অৱশ্যে শিৱৰ হস্তক্ষেপত এই অভিশাপ তিনি বছৰলৈ সীমিত হয়।এইদৰে নৰকাসুৰ বিষ্ণু আৰু কামাখ্যাৰ অপ্ৰিয়ভাজন হৈ পৰে।লাহে লাহে নৰকাসুৰৰ দেৱকুলৰ সৈতে সংঘাত আৰম্ভ হয়।পৃথিৱীৰ সকলো ৰাজ্য জয় কৰাৰ পিছত নৰকাসুৰে স্বৰ্গৰাজ্য আক্ৰমণ কৰে আৰু নৰকাসুৰৰ ভয়ত ইন্দ্ৰও স্বৰ্গ ৰাজ্য এৰি পলায়ন কৰে। ইয়াৰ পিছত নৰকে অদিতি দেৱীৰ সোনৰ কুণ্ডলযোৰ চুৰ কৰাৰ উপৰিও ১৬০০০ স্ত্ৰীক অপহৰণ কৰে। নৰকে স্বৰ্গত দেৱী-দেৱতা সকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে। উপায়ন্তৰ হৈ ইন্দ্ৰকে ধৰি সকলো দেৱতা বিষ্ণুৰ ওচৰলৈ গৈ নৰকাসুৰৰ বিনাশৰ বাবে কাকূতি কৰে।বিষ্ণুৱে তেওঁৰ কৃষ্ণ অৱতাৰত সেই কাম সমাপণ কৰিব বুলি দেৱতা সকলক আশ্বাস দিয়ে।ইতিমধ্যেই বিষ্ণুৱে ভূদেৱীক দিয়া বৰ অনুসৰি নৰকে দীৰ্ঘজীৱন লাভ কৰিছিল। পিছলৈ কৃষ্ণৰ ভাৰ্যা সত্যভামাক অদিতিয়ে নৰকাসুৰৰ কুকীৰ্তিৰ কথা কয় আৰু সত্যভামাই কৃষ্ণক নৰকাসুৰৰ বিপক্ষে যুদ্ধ কৰিবলৈ মান্তি কৰোৱায়।নৰকৰ অত্যাচাৰ ইমান বাঢ়ি গৈছিল যে ভূদেৱীৰ অৱতাৰ সত্যভামাৰ সৈতে কৃষ্ণই গৰুড়ত উঠি নৰকাসুৰৰ ৰাজ্য আক্ৰমণ কৰি নৰকৰ সেনাপতি "মুৰ"ক বধ কৰি অৱশেষত সুদৰ্শন চক্ৰৰে নৰকাসুৰক বধ কৰে। অদিতিৰ সোনৰ কুণ্ডলৰ লগতে অপহৃত ১৬০০০ গৰাকী স্ত্ৰীক উদ্ধাৰ কৰি নৰকাসুৰৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ সিংহাসন অৰ্পণ কৰে।( Religious Studies )
মৃত্যুৰ পূৰ্বেনৰকাসুৰে মাতৃ সত্যভামাক অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যু যাতে ৰঙীণ পোহৰেৰে উদযাপন কৰা হয়। সেই কাৰণে এই দিনটো অৰ্থাৎ দীপান্বিতাৰ আগৰ দিনটো নৰক চতুৰ্দশী হিচাপে পালন কৰা হয়।
কামাখ্যা নামৰ উৎপত্তি,মন্দিৰ নিৰ্মান,অম্বুবাচী আৰু কিছু লোক কথাঃ
অম্বুবাচী শব্দটো আহিছে সংস্কৃত শব্দ অম্বু আৰু বাচি এই দুই শব্দৰ পৰা।অম্বু মানে "পানী" আৰু "বাচী" মানে যাপন কৰা । অৰ্থাৎ পানীত থকা বা বাস বা যাপন কৰা।
জ্যোতিষশাস্ত্ৰ অনুসৰি ...
"যস্মিন বাৰে সহস্ৰাংশু যতকালে মিথুনং ব্ৰজেত।অম্বুবাচী ভবে ন্নিতং পুনঃস্থকাল- বাৰয়ঃ।"
অৰ্থাৎ, সূৰ্য আহাৰ মাহৰ যিটো দিনত যি সময়ত মিথুন ৰাশিত আৰ্দ্ৰা নক্ষত্ৰতৰ প্ৰথম পদলৈ গমন কৰে সেই সময়কালৰ পৰা মাতৃস্বৰূপা পৃথিৱী তথা আদ্যাশক্তি মহামায়া ঋতুমতী হয় বা অম্বুবাচী আৰম্ভ হয়।
" তাবতকালোবধি- বিংশতিদণ্ডাধিক দিনত্ৰয়ম"
অৰ্থাৎ, সূৰ্যৰ মিথুন ৰাশি গমনৰ সময়ৰ পৰা আৰম্ভ হৈ তিনিদিন বিশদণ্ড কাল সময় অম্বুবাচীৰ স্থিতি।
অসমীয়া কেলেণ্ডাৰ মতে অহাৰ মাহৰ ৭দিনৰ পৰা তিনিদিন এই সময় খিনি "অম্বুবাচী " বুলি পালন কৰা হয়। অৰ্থাৎ "দেৱীৰ পানীত বাস"। হিন্দু ধৰ্ম্মত অতীজৰে পৰা ঋতুমতী হোৱা বা ৰজস্বলা হোৱা এই কথাটো অতি গুৰুত্ব সহকাৰে মানি অহা হৈছে। মাহেকীয়া হোৱা বা ঋতিমতী হোৱা যি প্ৰক্ৰিয়া সেইয়া হৈছে "উৰ্বৰা শক্তিৰ" প্ৰতীক । এজনী ছোৱালীৰ প্ৰথম ঋতুমতী হোৱাৰ অৰ্থ হৈছে ছোৱালী জনীৰ উৰ্ব্বৰা শক্তি লাভ। মাহেকীয়া হোৱা যি প্ৰক্ৰিয়া হিন্দু ধৰ্ম্ম মতে এই প্ৰক্ৰিয়া কেৱল মানুহ ৰূপী এজনী ছোৱালীৰে নহয়, হিন্দু ধৰ্ম্মত প্ৰকৃতি বা ধৰিত্ৰী যাৰ বুকুত বা ছত্ৰছায়াত আমি লালিত পালিত , সেই প্ৰকৃতিও বছৰত এবাৰ ঋতুমতী হয় ।দেৱীৰ ঋতুমতী হোৱা এই সময় খিনিয়ে হৈছে "অম্বুবাচী"।অসমৰ শ্ৰী শ্ৰী মাঁ কামাখ্যা ধামত অতি ভক্তি ,নিষ্ঠা আৰু আনন্দৰে এই অম্বুবাচী পালন কৰা হয় । এই তিনি দিন ভাৰতবৰ্ষৰ সকলো দেৱী মন্দিৰ বন্ধ কৰি দিয়া হয় ।
অৰ্থপূৰ্ণ হৈছে ---দেৱীয়ে গোটেই বছৰটো অতি নিষ্ঠাৰে তেওৰ দায়িত্ব পালন কৰে। আমাক আশীৰ্বাদ কৰে। অম্বুবাচী এনে এটা সময় যি সময়ত দেৱীয়ে বিশ্ৰাম লয় বা দিয়া হয় । অসমীয়া কেলেণ্ডাৰ মতে আহাৰ মাহৰ ৭ দিনৰ পৰা অম্বুবাচী আৰম্ভ হয়। এইয়া হৈছে বৰ্ষা কালৰ আৰম্ভণী । এই সময়ত প্ৰখৰ ৰ'দৰ পৰা মাটি বা ধৰিত্ৰী য়ে পৰিত্ৰাণ পায়। মাটি ভাগ জীপাল হয় । লগতে এই জীৱজগত । বৰষুণৰ ফলত
মাতৃগৰ্ভৰ পানীভাগ বাঢ়ি আহে । আৰু ধৰিত্ৰী কোমলহৈ উফণ্ডি উঠে । ধৰিত্ৰী উৰ্বৰা হৈ উঠে। ধৰিত্ৰীৰ বুকুত শস্যই গজালী মেলে। ঠিক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে ।
শ্ৰী শ্ৰী কামাখ্যা ধামত দেৱীয়েও এই তিনি দিন বাঢ়ি অহা পানীত যাপন কৰিব । দেৱীক ৰঙা ৰঙৰ কাপোৰ পিন্ধাই দিয়া হয় । ৰঙা হৈছে শক্তিৰ প্ৰতিক । যি শক্তি প্ৰতি গৰাকী নাৰীৰ , প্ৰতি মাহত নিজৰ শৰীৰৰ শক্তি ক্ষয় হয়।যাৰ বাবেই নাৰীয়ে উৰ্ব্বৰা শক্তি লাভৰ। সেইশক্তি ৰ প্ৰতীক ৰঙা ৰঙ দেৱীক অৰ্পণ কৰা হয়। ৰঙা ৰঙ "ৰজ" গুণআৰু সৃজনীশীলতাৰো প্ৰতীক।সেয়ে দেৱীৰ এই ৰঙ হিন্দু ধৰ্ম্মত আৰু দেৱীৰ ভক্তৰ বাবে অতি মহত্ব পূৰ্ণ।
পৌৰাণিক কাহিনী মতে ৰজা দক্ষই যি হোম যজ্ঞৰ আয়োজন কৰিছিল তাত কেৱল পাৰ্ৱতীৰ স্বামী সদা শিৱক নিমন্ত্ৰন জনোৱা নাছিল।পিতৃৰ এই কাণ্ডত ক্ষোভিত হৈ দেৱীয়ে খঙত সকলো লণ্ড ভণ্ড কৰি যজ্ঞৰ জুইত আত্ম জাহ গৈছিল। তেতিয়া সদা শিৱই খঙত দেৱীৰ অৰ্ধদ্গ্ধ শৰীৰটো লৈ তাণ্ডৱ আৰম্ভ কৰিলে। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব ধৰিলে।তেতিয়া দেৱীৰ "যোনী" বা "গৰ্ভাশয়" অংশ অসমৰ এতিয়াৰ কামাখ্যা ধাম থকা ঠাই খিনিত পৰিছিল। তেতিয়াৰ পৰাই এই নিয়ম মানি অহা হৈছে হিন্দু ধৰ্ম্মত অতি শ্ৰদ্ধা আৰু ভক্তিৰে।
কামাখ্যা নামৰ উৎপত্তিৰ আৰু এক সুন্দৰ কাহিনী আছে।দেৱীৰ সদাশিৱৰ সৈতে মিলন ।
কামাখ্যা নামৰ উৎপত্তি, মন্দিৰ নিৰ্মাণ, অম্বুবাচী আৰু কিছু লোককথাঃ
শিবশক্তি আৰু মোক্ষদাত্ৰী শক্তিয়ে কামাখ্যা নামে পৰিচিত।কামাখ্যা পীঠ হৈছে যোনীৰূপিনী মহাবিদ্যা।তেওঁৱেই বৰদায়িণী আনন্দপ্ৰদা নিত্য তথা মানবসম্পদ বৃদ্ধি কাৰিণী, তেওঁৱেই সকলোৰে জননী তথা সকলোৰে ৰমনীৰূপে বিৰাজমান। তেওঁৱেই মংগলময়ী মাঁ জননী। লোকবিশ্বাস যে যি ব্যক্তিয়ে এবাৰ এই পীঠ দৰ্শন কৰে এই জীৱনত তেওঁৰ সৰ্ব্বকামনা পূৰ্ণ হয় আৰু পৰলোকত শিৱত্ব লাভ কৰে।। 🙏
"অম্বুবাচী" এই সময় খিনিত দেৱী কামাখ্যাক "কামাৰূপা" বা "কামাৰূপিণী" বুলিও জনা যায়। অৰ্থাৎ মনোবাঞ্চা (সম্ভোগ বা কাম ভাব ) পূৰণৰ দেৱী। প্ৰবাদ আছে ………তেওঁ শিৱৰ পত্নী হ'লেও ,কুমাৰী ৰূপতেই কামাখ্যাত বাস কৰিছিল ।
দেৱী বহু ৰূপিণী। যেতিয়া দেৱী তেওৰ সম্ভোগ ৰূপত থাকে তেওঁক "কামা" বুলি জনা যায়।এই "কামা" ৰূপৰ পৰাই , তেওঁ "কামাখ্যা" ৰূপে তেওঁৰ স্বামী "পৰমাত্মা সদাশিৱ"ৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰে। এগৰাকী পত্নীৰ সকলো দায়িত্ব পালন কৰে । দেৱী কামাখ্যা হৈছে একমাত্ৰ দেৱী যিয়ে আমাৰ সকলো ( সম্ভোগ ) মনোবাঞ্ছা পূৰ্ণৰ উৎস। এনে দৰে বিশ্বাস কৰা হয় যে ………এই অম্বুবাচী সময়ত দেৱী অধিক শক্তি শালী হৈ থাকে । সেয়েহে অন্তৰৰ/মনৰ পৰা পৱিত্ৰ ভাৱে এই সময়ত দেৱীক পূজা কৰিলে , পূজাৰ ফল সম্পূৰ্ণ ৰূপে লাভ কৰিব পাৰি। জীৱনৰ আটাইতকৈ সুন্দৰতম দিশটোৰেই অধিষ্টাত্ৰী দেৱী ………"দেৱী কামাখ্যা"।আমি সৌভাগ্যৱান যে যিখন দেশত মাঁ কামাখ্যা দৰে ধাম আছে,শক্তিপীঠ আছে এইখন ধৰাত আমি জন্ম গ্ৰহণ কৰিছো।
আমাৰ সকলোৰে মনোবাঞ্ছা পূৰ্ণৰ অৰ্থে দেৱীৰ আশীৰ্বাদ বিচাৰি সেৱা জনালোঁ 🙏 🙏🙏
🙏🙏🙏
ঘৰত অম্বুবাচী কেনেকৈ পালন কৰিব ???
অম্বুবাচীৰ প্ৰথম দিনটোত প্ৰবৃত্তিৰ নিৰ্দ্দিষ্ট সময়ৰ পূৰ্বেই এখন ৰঙা ৰঙৰ নতুন কাপোৰৰ সহায়ত দেৱীৰ মূৰ্ত্তি/বিগ্ৰহ ঢাকি দিব লাগে।পূজা কোঠাৰ পৰ্দ্দা টানি দিব লাগে অথবা দুৱাৰ বন্ধ কৰি দিব লাগে।এই কাৰ্যৰ দ্বাৰা ঋতুকালীন দিনকেইটা দেৱীক জিৰণি/ বিৰতি দিয়া হয়।এই দিন কেইটা পূজা কোঠাত প্ৰৱেশ নিষেধ।ঋতুকালীন দিন কেইটাত প্ৰতিদিনে সন্ধিয়া, পূজা কোঠাটোৰ বাহিৰৰ পৰা ফল আৰু পানী দেৱীলৈ আগবঢ়াব লাগে। লগতে সাধাৰণভাবে আৰতি কৰিব লাগে।
🙏🙏🙏
দেৱী ভক্ত মন্ত্ৰ ।
দেৱীক পূজা কৰোতে এই মন্ত্ৰ উচ্চাৰণ কৰা হয়। 🙏
কামাখ্যা কামাসম্পনাম
কামেশ্বৰীম হৰপ্ৰিয়াম।
কামানাম দেহি মে নিত্যম
কামেশ্বৰীম নমস্তুতে।
কামাখ্যা বৰদে দেৱী নীল পৰ্বত বাসিনী ত্ব দেৱী জগত মাতা যোনিমুদ্ৰে নমস্তুতে।। 🙏( Religious Studies )
।। "জয় মাঁ কামাখ্যা "।।
🙏🙏🙏
✍️ সুদক্ষিণা ভূঞা।
উৎস : ফেচবুক
No comments:
Post a Comment