আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 30, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৪ আহাৰ , শুক্ৰবাৰ ইং ৩০ জুন ২০২৩ ।( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৪/৩৮/২ , *সূৰ্য্যাস্ত* ঘ:- ৬/১৫/১৩ 

*ৰাশি:-*   তুলা ৰাশি। ঘ:- ৭/১০/২৭ যোৱাত বৃশ্চিক ৰাশি।

*তিথি :-* শুক্লা দ্বাদশী , ৰা:ঘ: ৯/৪৮/২  লৈ।

*নক্ষত্ৰ :-* বিশাখা , দি:ঘ:- ১/১৩/১৪  লৈ।

*শুভ সংখ্যা:-* ৭/১

*শুভ ৰং:-* ধোৱাবৰণ / চিত্ৰ বিচিত্ৰ।

*আদ্যঋতু হলে :-* বেশ্যা যোগ। 

*মৰণত দোষ*:-  ত্ৰিপদ। দি:ঘ:- ১/১৩/১৪ যোৱাত এপদ, ৰা:ঘ:- ৯/৪৮/২  যোৱাত নাই ।

*যাত্ৰা:-* নৈঋত কোনো নাই, ৰা: ঘ:- ৯/৪৮/২ যোৱাত দক্ষিণ দিশত নাই।

*যোগিনী* :- নৈঋত কোনো, ৰা: ঘ:- ৯/৪৮/২ যোৱাত দক্ষিণ দিশত ।

*ভক্ষাভক্ষ্য* :- পূৰৈ শাক খোৱা নিষেধ। ৰা: ঘ:- ৯/৪৮/২  যোৱাত বেঙেনা খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মৰ প্ৰতি মনযোগ হ্ৰাস হ'ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পোৱাৰ  যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সৌভাগ্য বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, ভ্ৰমণত সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ মনত শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত মান সন্মান বাঢ়িব, প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত নাটনি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, ধন ধান সঞ্চয় কৰিবলৈ আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাত পোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আমোদ প্ৰমোদৰ মাজেৰে দিনটোত পাৰ হ'ব, যদিও আজি আপুনি ঈশ্বৰক আৰধনা কৰি দিনটোৰ কৰ্মবোৰ আৰম্ভ কৰিব। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজ অনুগ্ৰহ লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হ'ব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ মনটো প্ৰেমৰ প্ৰতি ব্যাকুল  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ কৰিবলৈ সক্ষম হব , যদিও আজি কিন্তু আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনত সুখ শান্তি বাঢ়িব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ লেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মধ্যম, শিল্পী সকলে সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনলৈ সামান্য হতাশাৰ ভাৱ অহাৰ  যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205 


( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages