আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, June 29, 2023

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 PhotoGrid_1625959326733


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৩ আহাৰ , বৃহস্পতিবাৰ ইং ২৯ জুন ২০২৩ ।( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৩৭/৩৫ , *সূৰ্য্যাস্ত* ঘ:- ৬/১৫/১৬ 

*ৰাশি:-*   তুলা ৰাশি।

*তিথি :-* শুক্লা একাদশী , ৰা:ঘ: ১০/৩১/১৬  লৈ।

*নক্ষত্ৰ :-* স্বাতী , দি:ঘ:- ১/১/১৬  লৈ।

*শুভ সংখ্যা:-* ৫/১

*শুভ ৰং:-* বগা/ সেউজীয়া ।

*আদ্যঋতু হলে :-* বেশ্যা যোগ। 

*মৰণত দোষ*:-  নাই। দি:ঘ:- ১/১/১৬ যোৱাত দ্বিপদ, ৰা:ঘ:- ১০/৩১/১৬ যোৱাত ত্ৰিপদ।

*যাত্ৰা:-* অগ্নি কোনত নাই , ৰা:ঘ:- ১০/৩১/১৬ যোৱাত নৈঋত কোনত নাই।

*যোগিনী* :- অগ্নি কোনত  , ৰা:ঘ:- ১০/৩১/১৬ যোৱাত নৈঋত কোনত ।

*ভক্ষাভক্ষ্য* :-  উৰহী খোৱা নিষেধ। ৰা: ঘ:- ১০/৩১/১৬  যোৱাত পূৰৈ শাক খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত পিতৃ-মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম আশীৰ্বাদৰ লাভ কৰিব,  যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত কষ্ট পাবলগীয়া হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰাপ্তিৰ আনন্দ লাভ কৰিব, বহুত দিনে বিচাৰি থকা বস্তুতো আজি পাৱলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ধন সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, যদিও আজি আপুনি অৰ্থ দিশত সজাগ হোৱাটো ভাল হ'ব, লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত থকা পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে অধিক লাভালাভ হ'ব, নতুন ব্যৱসায় আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব,   লগতে আজি আপুনি আগতে কৰি অহা ভুল প্ৰতি অনু শোছনাত ভুগিব পাৰে।  


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাগ্যৰ পৰিবৰ্তন হ'ব পাৰে, ভাল খৱৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, প্ৰাপ্তিৰ আনন্দ লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মান সন্মান বাঢ়িব, ৰোগ আৰোগ্য হব যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মত অধিক নতুন নতুন দ্বায়িত্ব লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব, কৰ্মত সামান্য বাধাৰ সন্মুখীন হব পাৰে, লগতে আজি আপুনি সকলো দিশতে সতৰ্ক হৈ চলাটো ভাল হব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশ সামান্য নাটনি হ'ব পাৰে, লগতে আজি আপোনাৰ মনটো সামান্য উদাস হোৱাৰ যোগ লেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205 


( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages