আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 2, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

        Horoscope Today

 

১৮ জেঠ, শুক্ৰবাৰ ইং ২ জুন ২০২৩ ।( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপোনাৰ কেচ মোকৰ্দমাত জয় লাভ হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত সমাজ কৰ্মী সকলে সামাজিক সন্মান লাভ কৰিব পাৰে, আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হোৱাটো ভাল হ'ব নহ'লে সামান্য খেলিমেলি হ'ব পাৰে আজি আপোনাৰ। 


৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ পুৰণি সমস্যা বোৰ সমাধা কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ সম্পদ হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব যদিও আজি আপুনি শৰীৰত ৰোগ হ'লে চিকিৎসাৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব পাৰে যদিও আজি আপুনি কৰ্মত নতুন দ্বায়িত্ব লাভ কৰিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব।  


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব যদিও ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলে নতুন ব্যৱসায়ৰ লগত জড়িত হ'বলৈ সুযোগ লাভ কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি খৰচৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মবীৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব,কৰ্মত পদোন্নতি হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সফলতাৰে সকলো দিশতে আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায় 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সন্মানিত হ'ব পাৰে, ভাবি থকা কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages