আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 10, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  Horoscope Today

 

 ২৬ জেঠ, শনিবাৰ ইং ১০ জুন ২০২৩ ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হ'ব, প্ৰেমত শুভ হ'ব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে সামাজিক প্ৰতিস্থা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত লাভালাভ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত মানসিক সুখ লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।


৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত নিজৰ কৰ্মৰ দ্বাৰা আনৰ অন্তৰ জয় কৰিব পাৰিব, আনন্দ মনে দিনটো পাৰ কৰিবলৈ সক্ষম হব, লগতে আজি খেতিয়ক সকলৰ সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত দৈহিক সুখ লাভ কৰিব, ভাল লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, সংগীত শিল্পী সকলৰ বাবে আজিৰ দিনটোত শুভ বুলি গণ্য কৰিব পাৰি, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি খৰচৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতিও সজাগ হোৱাটো ভাল হ'ব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিব পাৰিব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকলে পুলিচ প্ৰশাসনৰ বা আইনৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, মনটো সামান্য চঞ্চল হ'ব পাৰে যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আজি আপোনাৰ মান মৰ্য্যদা বাঢ়িব, প্ৰেমত শুভ হ'ব , নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, লগতে আজি যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব, যদিও আজি আপোনাৰ সামান্য বাধাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত যিসকল সামাজিক কৰ্ম বা ৰাজনীতিৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে সমাজৰ পৰা মৰম চেনেহ লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা সাময়িক আৰু আৰ্থিক সহায় সহযোগিতা লাভ কৰিব পাৰে, মনৰ চিন্তা ধাৰা উন্নত হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages