সকলোৰে ভাল লগাকৈ এক ইতিবাচক খবৰ : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 26, 2023

সকলোৰে ভাল লগাকৈ এক ইতিবাচক খবৰ : Assamese Viral Post

Assamese Viral Post


বাস্তৱ চৰিত্ৰ দুটিৰ নাম : প্ৰণৱজ্যোতি চহৰীয়া আৰু মৃদুলা বসুমতাৰী( Assamese Viral Post )


মনত আছেনে "প্ৰণৱ আৰু মৃদুলা"ৰ সঁচা কাহিনীটো-

   সকলোৰে ভাল লগাকৈ এক ইতিবাচক খবৰ ৷


📌এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা থাকে । হ'ব পাৰে সেয়া তেওঁৰ পত্নী কিম্বা প্ৰেয়সী বা আন কোনোবা ।


📌পিছে আমাৰ সমাজৰ এনে কিছু কাহিনীও আছে, য'ত একোগৰাকী নাৰী উজলি উঠিছে একোজন পুৰুষৰ সাহস-উৎসাহ আৰু কষ্টৰ ফলশ্ৰুতিত।


এয়াও তেনেই এটি কাহিনী ।


📌বিশেষ আৰু একান্ত ব্যক্তিগত কোনো কাৰণত শৈক্ষিক জীৱন এৰি এবুকু সপোনেৰে সংসাৰ আৰম্ভ কৰিছিল প্ৰণৱ-মৃদুলাই । পঢ়াৰ হেঁ‌পাহ আছিল দুয়োৰে । কিন্তু সমস্যা আছিল আৰ্থিক অনাটন । সংসাৰ এখন চলাবলৈ উপাৰ্জন লাগিবই আৰু উপাৰ্জনৰ বাবে কোনোবা এজন ওলাই যাবও লাগিবই ।


📌সেই sacrifice বা ত্যাগ কৰিবলৈ হাঁহিমুখে ৰাজী হ'ল প্ৰণৱ । আৰু দুয়োৰে মাজত থিৰাং হ'ল যে, প্ৰণৱে উপাৰ্জন কৰিব, মৃদুলাই যেতিয়ালৈকে মন পঢ়িব ।


 📌সময় বাগৰিল । Graduation সাং কৰিলে মৃদুলাই । আৰু সেইবছৰতে (২০২১) ওলাল চৰকাৰী বিজ্ঞাপন - অসম আৰক্ষীৰ চাকৰি ।


📌বহু হেঁপাহেৰে প্ৰণৱে নিজেই মৃদুলাৰ হৈ আবেদন কৰিলে । কিতাপ-পাতি গোটাবলৈ দিনৰ দিনটো কৰিবলৈ ল'লে অধিক শ্ৰম ।( Assamese Viral Post )


📌আৰক্ষীৰ চাকৰি ; অকল কিতাপৰ জ্ঞানেৰেতো নচলিব - লাগিব শাৰীৰিক সক্ষমতাও । সেয়ে দুয়ো একেলগে পুৱা-গধুলি দৌৰিবলৈ ল'লে । সদায় পত্নীৰ বাবেই প্ৰণৱে পুৱাতে উঠে, অনুশীলনত সংগ দিয়ে, কামলৈ ওলাই যায়, আহি আকৌ সকলো কামতে সহায় কৰে, প্ৰয়োজনত পাকঘৰো চম্ভালি লয় ।


📌বিধাতাৰো চাগৈ মন প্ৰফুল্লিত হ'ল । আৰক্ষীৰ চাকৰিটো সঁ‌চাকৈয়ে মৃদুলাই পালে ।


📌এই কাহিনীটো বাতৰিযোগেও আপুনি হয়তো শুনিছে বা দেখিছে। দুয়ো বেছ চৰ্চাত আছিল সেই দিনকেইটাত ।


           পিছে আটাইতকৈ ভাল লগা নতুন খবৰটো কি জানেনে ?


📌প্ৰণৱেও চাকৰি পালে। হয়, এইবাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পত্নীৰ উৎসাহ-সহায়ত প্ৰণৱো সফল হ'ল ।


📌কিযে ভাল লগা নহয়নে ? কিমানযে ইতিবাচকতা বিয়পা বতৰা এইবোৰ ! ইজনে সিজনৰ পৰিপূৰক হৈ কিদৰে সফল হ'ব পাৰি, সুখৰ এখন সংসাৰ চলাই নিব পাৰি - এওঁলোকতকৈ কি বা কোননো হ'ব আৰু জীৱন্ত দৃষ্টান্ত !


দুয়োলৈ বহুত বহুত মৰম আৰু শুভাশিস 🙏


উৎস: ফেচবুক 

( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages