ৰাজ্যত স্বাস্থ্যসেৱাৰ আধুনিকীকৰণ আৰু সৱলীকৰণ ক্ষেত্ৰত অভিনৱ সংযোজন : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 28, 2023

ৰাজ্যত স্বাস্থ্যসেৱাৰ আধুনিকীকৰণ আৰু সৱলীকৰণ ক্ষেত্ৰত অভিনৱ সংযোজন : Assamese News

Assamese News


ৰাজ্যত স্বাস্থ্যসেৱাৰ আধুনিকীকৰণ আৰু সৱলীকৰণৰ ক্ষেত্ৰত অভিনৱ সংযোজন হিচাপে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ৬ টাকৈ নতুন প্ৰকল্প কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰি ৰাইজৰ সেৱাৰ্থে উছৰ্গা কৰে ৷ আজি শুভাৰম্ভ কৰা প্ৰকল্প সমূহ হ’লঃ

✅ ৰাজ্যৰ ২৩ খন জিলাৰ বাবে ই গভ ফাউণ্ডেচন, কৰুণা ট্ৰাষ্ট আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ১০ খনকৈ বিছনাযুক্ত আই চি ইউ প্ৰকল্প ৷ ( Assamese News )  

✅  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত নেচনেল ইমাৰজেন্সী লাইফ ছাপৰ্ট স্কিল লেব ৷

✅ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত মাল্টি ডিচিপ্লিনেৰী ৰিছাৰ্ছ ইউনিট ৷ 

✅ গুৱাহাটী ৰিফ্ৰেনেৰী আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পাৰিপাৰ্শ্বিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ৩২  শ্লাইচ চিটি স্কেন মেছিন ৷

 ✅ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নৱনিৰ্মিত উত্তৰ পূৰ্ৱাঞ্চলৰ প্ৰথমটো মলিকুলাৰ অঙ্কলজী লেব  ৷

✅ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ বাবে স্বাস্থ্য সম্পদ ব্যৱস্থাপনা প্ৰণালী ৷ ( Assamese News )  


 এই শুভাৰম্ভ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব , চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালিকা , চিকিৎসা শিক্ষা সঞ্চালক , ই গভ ফাউণ্ডেচনৰ সহ সংস্থাপক,  ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে খুচলা ভেন্সাৰছৰ সংস্থাপক,ইনফ’ছিছৰ অধ্যক্ষ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, জিএমচিএইচৰ অধীক্ষক, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক, স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকল, গুৱাহাটী ৰিফ্ৰেইনেৰীৰ মুখ্য পৰিচালন প্ৰবন্ধক, এইডিএফচি বেঙ্ক, ই গভ ফাউণ্ডেচনৰ পদাধিকাৰী বিষয়া সকল,  জিএমচিএইচৰ অধ্যাপক- অধ্যাপিকা চিকিৎসক সকল, শিক্ষাৰ্থী সকল আৰু সুধীবৃন্দ উপস্থিত থাকে ৷


Himanta Biswa Sarma 

CMO Assam

 ( Assamese News )  

No comments:

Post a Comment

Advertisement

Pages