উৎকট গৰমত লবলগীয়া ব্যৱস্থা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 27, 2023

উৎকট গৰমত লবলগীয়া ব্যৱস্থা : Assamese Health Tips

Assamese Health Tips


        গৰমৰ দিনকেইটাত   তাপমাত্ৰা  ইমানেই  বেছি হৈ আহে  যে   মানুহকে ধৰি সাধাৰণ জীৱকুলৰ উৎকট গৰমত   দেহ অৱশ  হৈ পৰে ।  ( Assamese Health Tips )    


শৰীৰ  দুৰ্বল  আৰু ৰোগ প্ৰতিৰোধ  ক্ষমতা  কমি    ছালকে  ধৰি     বিভিন্ন  ৰোগ  হব পাৰে,  ৰক্তচ্চাপবৃদ্ধি, বৃক্ক,হাওঁফাওঁ, যকৃত, হ্দয়ৰ ক্ৰিয়া  দুৰ্বল   নাইবা  দেহৰ  অঙ্গ প্ৰত্যঙ্গ  বিকল হব পাৰে, এনেকি    অসহনীয়  অতিপাত  গৰমত   অচেতন  নতুবা  হিটষ্ট্ৰোক  হৈ   অভাৱনীয় পৰিস্থিতি  হব পাৰে ।        

        সেয়ে  উৎকট  গৰমৰ দিনকেইটাত  দেহ শীতল কৰি  ৰখাৰ  ব্যৱস্থা  লোৱাতো অতিকে আৱশ্যক  ।

        ১।   ৰাতিপুৱা  সোনকালে শুই  উঠি   মুকলিত খালিভৰিৰে  খোজ  কঢ়াতো  (বিশেষকৈ  দুবৰি বনত)  অতি উত্তম উপায়।

        ২। গৰমৰ  দিনত   দেহক  অধিক  পানীৰ  প্ৰয়োজন  ।    প্ৰস্ৰাৱ    ৰঙচুৱা  হয় । সেয়ে  ৰাতিপুৱা   আৰু  দিনটোত  সময়ে  সময়ে   পৰ্যাপ্ত পৰিমাণে   বিশুদ্ধ  পানী      খাব লাগে।

        উল্লেখনীয় যে   অতি  গৰমত   ঘামি  বা  ভাগৰি  থকা   সময়ত   নাইবা  কৰবাৰ  পৰা   আহিয়েই  লগেলগে  ঠান্ডা পানী  (বিশেষকৈ ফ্ৰীজৰ  পানী  বা কোল ড্ৰিংক)  খোৱাতো  অনুচিত ।      গা   মচি কিছু   জিৰণি  লৈ   স্বাভাৱিক  বিশুদ্ধ  ঠান্ডা  পানী খাব ।

        কৰবালৈ  গলে  য"তে ত"তে   পানী  নেখাই  বটলত  ঘৰৰ পৰা  নিয়াতো ভাল ।

        

        ৩।      নেমু, মৌচুমী,  আদিৰ  চৰবত,  ডাবৰ পানী, বুতৰ পানী,   দৈ,    কুহিয়াৰ,আম , তৰমুজ, টিয়হ, আনাৰস     আদি  বতৰৰ  ৰসাল  ফল ,  বেল, কৰ্দৈ , থেকেৰা, তেতেলী   ,ভীমকল  আদিৰে  বনোৱা    চৰবত      খাব  পাৰে  ।    বজাৰৰ   কোলড্ৰিংকতকৈ  এনেবোৰ  চৰবত   অধিক  ফলপ্ৰসূ  ।

        ৪।  দিনত   কমেও  দুবাৰ   গা  ধুব আৰু   তিওৱা  কাপোৰেৰে  সময়ে  সময়ে  গা  মচি থাকিলে  দেহ  শীতল  হয়  ।  অতিপাত গৰমত   দৌৰাদৌৰিকৈ  কেতিয়াও   গা    ধুব  নালাগে    ।     কিছু   জুৰ লৈ  গা  শীতল   হলেহে   ধুব লাগে ।  

        গা ধুওতে   প্ৰথমে    মুৰত  পানী   ঢলাতো   অনুচিত।    বিশেষকৈ   ৰক্তচ্চাপ  ৰোগীৰবাবে  ই বিপদজনক হব পাৰে  । সেয়ে   ভৰিৰ পৰা  লাহে  লাহে   ওপৰলৈ   ঢালিব ।

        ৫/   গৰমত  পেট যথেষ্ঠ  গৰম হৈ থাকে ।  প্ৰস্ৰাৱ  জলাপোৰা   আৰু  ৰঙচুৱা  হয়  ।   সেয়ে   পেট আৰু  শৰীৰ   উষ্ম  হোৱা   গুৰুপাক   আহাৰ পৰিহাৰ  কৰিব  লাগে ,  গা ধূৱতে  তলপেটত  অধিক চেচা পানী  ঢালি   বা  তিতা    কাপোৰ  নাভীত  লৈ  পেট  ঠান্ডা  ৰাখিব পাৰে ।    দুপৰটেঙাৰ পাতৰ  ৰস  প্ৰস্ৰাৱৰ সমস্যাৰ বাবে উত্তম বনদৰৱ।

        

        ৬।  ৰ"দত   ওলালে  ছাতি  ,   চান গ্লাচ,

   টুপী নাইবা  মুৰত পাতল কাপোৰ  লোৱাতো ভাল ।  কৰবালৈ  যাবলগীয়া  হলে পাৰিলে  ৰ'দ কম থকা সময়ত  যোৱাতো ভাল ।     এ,চি  কোঠাৰ পৰা    ওলাই   লগে লগে ৰ"দলৈ  নোলাব ।

   

   ৭! পৰাপক্ষত   বাৰী , পথাৰ  বা ঘৰে বাহিৰে  কৰিবলগীয়া    কাম  ৰাতিপুৱা বা আবেলি  ঠান্ডা পৰত  কৰাতো  ভাল ।

        ৮।     গৰমত  বিচনিৰ  বা  ,  ফেনৰ বতাহ   , গছৰ ছা   বা  পুৱাগধূলি  মুকলি   বতাহ  লব  পাৰিলে    ভাল। এই ক্ষেত্ৰত  শিশুসকলৰ প্ৰতি অধিক  মনোযোগ  দিব  । ( Assamese Health Tips ) 

 

        ৯/      ছালকুৱৰী   (এলোবিৰা) পাতৰ  ৰস  বা জেল   গাত   সানিলে   দেহ শীতল  হয়  আৰু  গাৰ ছাল   সুৰক্ষিত   হয় ।  

        ১০/   গৰমত   শিশুৰ পৰা বৃদ্ধ লোকৰ দেহত   নানাবিধ  ৰোগ বীজানু   বা    ভাইৰাছ জনিত ৰোগৰ   সংক্ৰমণ  হব  পাৰে   ।   সেয়ে  পৰিস্কাৰ পৰিচ্ছন্যতা  বজাই  ৰখাৰ উপৰিও   বিশুদ্ধ  পানী , সুষম আৰু   ৰোগ  প্ৰতিৰোধক   লঘু   আহাৰ   গ্ৰহণ  কৰিব লাগে।     

          ১১/       অতিপাত   জলা  মচলা,   মাছমাংস  গুৰুপাক  আহাৰাদি   নোখোৱাতো   ভাল ।

          

  ১২/    ধুমপাণ,   নিচাদ্ৰব্য  আদি  এৰাই  চলাতো  নিজৰ   তথা  আন দহৰ বাবে মংগল ।

  

  ১৩/  গৰমত   ছালৰ  পৰা  হব পৰা  নানাবিধ  ৰোগৰ   বাবে    গা ধোৱাৰ আগেয়ে    গাত   নিমপাত    কেচাহালধি   , বেচন  ,  আদি  থেতেলাই  সানিব । বিশেষকৈ  মাতৃসকলে  শিশুৰ   সঠিক  যতন  লোৱাতো   অতি প্ৰয়োজন ।

  ১৪/   গৰমত   সকলো সময়তে  উদং  গাৰে  থকাটো অনুচিত।  বিশেষকৈ   শিশুৰ বাবে  খুবেই বেয়া।    অন্যহাতে  গাত লিপিত খোৱা    বা  নাইলন ,পলিয়েষ্টাৰ   আদি কাপোৰৰ  বিপৰীতে   বতাহ চলাচল কৰিব পৰা ঢিলা নৰম  কপাহী     বগা  নাইবা   পাতল  ৰঙৰ কাপোৰ      পিন্ধাতো ভাল । 

  

  ১৫/     বাত  পিত্ত, কফ  ,    পাচন ক্ৰিয়াৰ দুৰ্বলতা , কৌষ্ঠকাঠিন্য  আদি  ৰোগে  দেহলৈ  নানা ধৰণৰ   ৰোগ    মাতি  আনে   ।   

     সেয়ে     ত্ৰিফলা  চুৰ্ণ   ( আমলখি-শিলিখা,ভৈৰা বা ভোমোৰা )    এগিলাচ  গৰম পানীত এচামুচ তিয়াই   নিয়মিত  খালে   দেহ সুস্থ  আৰু  ৰোগপ্ৰতিৰোধ  ক্ষমতা  বৃদ্ধি হয় ।  

     ১৬/      গ্ৰীষ্মকালত    টোপনি   কম হোৱাটো স্বাভাৱিক    ।  সেয়ে  অধিক  নিশালৈ  জাগি  নাথাকি    ৰাতিৰ আহাৰ   সোনকালে   খাব   আৰু    বাহিৰৰ স্বাভাৱিক  বতাহত   দেহ শীতল  কৰি   সোনকালে  শুব    ।।     

     ১৭/  দেহৰ সুস্থতাৰ   বাবে  সহজ   যোগাসন ,ব্যায়াম,  প্ৰাণায়াম  আদি  কৰাতো  নিতান্তই  প্ৰয়োজন ।  

      #শেষত_দুআষাৰ':---     গৰম   বছৰে বছৰে আহিবই ,সময়ত গুচিও যাব  ।  সেয়া প্ৰকৃতিৰ  নিয়ম ।      অন্যহাতে      যি  ঠাইত  যি জীৱ  নাইবা   উদ্ভিদৰ   জন্ম হয়   সেই  ঠাইৰ  শীত  কিম্বা   তাপৰ   সহন    ক্ষমতাৰ  অনুকূলে    জীয়াই থাকে ।   মৰুভূমি  বা   বৰফৰ     দেশতো    জীৱ্জন্তু  ,মানুহ , গছবন    পৰিৱেশৰ লগত খাপ  খাই চলি যায় ।   গতিকে  আমি সকলো পৰিৱেশৰ  দাস ।     

          দেশ  আধুনিক হ'ল  ।  আজিকালি   নৱজাত   শিশুৱে  প্ৰথম  চকু  নেমেলোতেই    ঘুৰি থকা   ফেনৰ    হাৱা  লয় ,  শীততাপ নিয়ন্ত্ৰিত এ,চি   কোঠাত  থাকে  ।    চহৰ   কিম্বা  ব্যস্ত  নগৰ ;   কি ঠান্ডা কি  গৰম : আজিকালি   বহুতেই   মুৰৰ ওপৰত  ফেনখন  নুঘুৰিলে ৰব‌ই  নোৱাৰে ।  সেয়াও  অভ্যাস ।  

কিন্ত  এনে  অভ্যাসে   আমাৰ  দেহবোৰো   স্পৰ্শকাতৰ  কৰিবলৈ ধৰিছে ।     ছালৰ   সহ্যগুণ   হেৰাই   পৰিৱেশৰ লগত মিলিব নোৱাৰা  হবলৈ  ধৰিছে ।       মই   ভাৱো     অকাৰনত     বা দিনটোৰ সকলো সময়তে  এ,চি   বা   ফেনৰ   হাৱা   লোৱাৰ     পৰিৱৰ্তে  প্ৰকৃতি  আৰু  ঋতুৰ পৰিৱেশৰ   লগত    মিলি   যাবলৈ  চেষ্টা কৰাটো  ভাল ।

   যাহ"ক  বন্ধুসকল,

             ওপৰত উল্লেখিত  সাধাৰণ  ৰীতি-নীতিসমুহৰ ব্যৱস্থা কৰি গলে উৎকট  গৰমৰ দিনকেইটা   নিশ্চয়   সুকলমে  পাৰ হব  ।  

        #ৰাসায়নিক_দ্ৰব্যমিশ্ৰিত_কোলড্ৰিংক  খাই  সাময়িক    তৃপ্তি বা শীতলতা  পালেও   স্বাস্থ্যৰ পক্ষে  এইবোৰ  অতি  হানিকাৰক । সেয়ে  নিজে  বা  আপোনাসৱৰ লৰাছোৱালীক  কেতিয়াও  খাবলৈ নিদিব ।     

         সকলোৰে স্বাস্থ্য  সুৰক্ষিত  থাকক  আৰু  সুখেৰে দিন  কটোৱাৰ  কামনাৰে 

               শ্ৰী যতীন দাস ।  মালয়বাৰী

                 জিলা  কামৰূপ  ম (অসম)


 ( Assamese Health Tips ) 

No comments:

Post a Comment

Advertisement

Pages